ETV Bharat / state

হাটশিঙিমাৰীৰ সুখচৰৰ ব্ৰহ্মপুত্ৰত নাও দুৰ্ঘটনা - hatsingimari

দুখন নাওৰ মুখামুখি সংঘৰ্ষত নৈৰ বুকুত ডুব গ'ল পাৰ ঘাটৰ নাও ৷ কথমপি ৰক্ষা পৰিল ১৪জন যাত্ৰীৰ প্ৰাণ ।

হাটশিঙিমাৰীৰ সুখচৰৰ ব্ৰহ্মপুত্ৰত নাও দুৰ্ঘটনা
author img

By

Published : Jun 29, 2019, 5:00 PM IST

ধুবুৰী, 29 জুন : হাটশিঙিমাৰীৰ সুখচৰৰ ব্ৰহ্মপুত্ৰ নদীত দুই নাৱৰ মুখামুখি সংঘৰ্ষত নৈৰ বুকুত ডুব যায় এখন টুলুঙা নাৱৰ যাত্ৰী আৰু সামগ্ৰ । যদিও সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা পৰে নাৱত থকা কণ কণ শিশুসহ যাত্ৰী । যদিও ব্ৰহ্মপুত্ৰৰ বুকুত উটি যায় প্ৰায় দুই কুইন্টল সুলভ মূল্যৰ চাউল, কেৰাচিনসহ ৰেচন কাৰ্ড ।

হাটশিঙিমাৰীৰ সুখচৰৰ ব্ৰহ্মপুত্ৰত নাও দুৰ্ঘটনা

দক্ষিণ শালমাৰাৰ পৰা এটা ভূটভূটী নাও সুখচৰৰ বেপাৰীপাৰা অভিমুখে আহি থকা অৱস্থাত বেপাৰীপাৰাৰ পৰা সুখচৰ অভিমুখে গৈ থকা এখন টুলুঙা নাৱৰ মাজত মুখামুখি সংঘৰ্ষ হয় । টুলুঙা নাওখনত থকা চাৰিটা শিশুসহ মুঠ ১৪ গৰাকী যাত্ৰী ব্ৰহ্মপুত্ৰৰ মাজত ডুব যায় যদিও ৰাইজৰ তৎপৰতাত আটাইকেইগৰাকী যাত্ৰীকে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

Intro: মানকাচৰৰ হাটশিঙিমাৰীৰ সুখচৰ ব্ৰহ্মপুত্ৰত নাওঁ দুৰ্ঘটনা । দুখন নাওঁৰ মুখা-মুখি সংঘৰ্ষত যাত্ৰী আৰু সমগ্রী সহ নৈৰ বুকুত ডুব গল পাৰ ঘাটৰ নাওঁ। কথমপি ৰক্ষা পৰিল ১৪জন নাও যাত্ৰীৰ প্ৰাণ।
Body:
দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীৰ সুখচৰৰ ব্ৰহ্মপুত্ৰ নদীত দুই নাৱৰ মুখা-মুখি সংঘৰ্ষৰ ফলত এনে এখন টুলুঙা নাওঁ যাত্ৰী আৰু সামগ্ৰী সহ ডুব যায় নৈৰ বুকুত।যদিওঁ নাওঁত থকা কণ কণ শিশু সহ ১৪ জন যাত্ৰীৰ কোনোমতে প্ৰাণ ৰক্ষা পৰে। যদিওঁ প্ৰায় দুই কুইন্টল সুলভ মূল্যৰ চাউল আৰু কেৰাচিন সহ ৰেচন কাৰ্ড উটি যায় ব্ৰহ্মপুত্ৰৰ বুকুত। উল্লেখযোগ্য যে দক্ষিণ শালমাৰা পৰা এটা ভূটভূটী নাও সুখচৰৰ বেপাৰীপাৰা অভিমুখে আহি থকা অৱস্থাত বেপাৰী পাৰাৰ পৰা সুখচৰ অভিমুখে গৈ থকা টুলুঙা নাও ভৰ্তি নাও এখনৰ মাজত মুখা-মুখি সংঘৰ্ষ হয়। টুলুঙা নাও খনত থকা চাৰিটা শিশু সহ মুঠ ১৪ গৰাকী যাত্ৰী ব্ৰহ্মপুত্ৰৰ মাজত ডুব যায় যদিও ৰাইজৰ তৎপৰতাত আটাইকেইজন যাত্ৰীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। বজাৰ কৰি ঘৰলৈ উভতি যোৱা পথতত এইদৰে দূৰ্ঘটনাটো সংঘটিত হয়। ইপিনে সুখচৰ বেপাৰী পাৰা এইখন ব্ৰহ্মপুত্ৰৰ ওপৰত কেই বছৰ মান পূৰ্বে এইখন পকী দলঙৰ নিৰ্মাণ কাৰ্য্য আৰম্ভ হৈছে যদিওঁ আজিও অৰ্ধ নিৰ্মিত হৈ আছে। বিভাগীয় কৰ্তৃপক্ষ আৰু চৰকাৰৰ গাফিলতিৰ বাবেই আজি এনেবোৰ টুলুঙা নাৱেৰে ইয়াৰ ৰাইজে মৰণক স্মৰণ কৰি বিপদ সংকুল যাত্ৰা অব্যাহত ৰাখিছে।Conclusion: সেয়ে শীঘ্ৰেই দলং খনৰ নিৰ্মাণ কাৰ্য্য সম্পূৰ্ণ কৰিবলৈ দাবী জনাইছে ৰাইজে।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.