ETV Bharat / state

বি টি চিৰ বাজেট দাখিল - etv bharat

৪৬৬৭.৭৬৬২ কোটি টকাৰ বাজেট দাখিল বিটিচি প্ৰধান হাগ্ৰামাৰ

২০১৯-২০ বিত্তীয় বৰ্ষৰ বাজেট দাখিল বিটিচি চৰকাৰৰ
author img

By

Published : Feb 26, 2019, 8:09 PM IST

কোকৰাধাৰ, ২৬ ফেব্ৰুৱাৰীঃ মঙলবাৰৰ পৰা আৰম্ভ হয় ২০১৯-২০ বিত্তীয় বৰ্ষৰ বিটিচি বিধান পৰিষদৰ সাধাৰণ বাজেট অধিবেশন। দুদিনীয়াকৈ চলিব লগীয়া এই বাজেট অধিবেশনত মঙলবাৰে বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে ২০১৯-২০ বিত্তীয় বৰ্ষৰ বাবে ৪৬৬৭.৭৬৬২ কোটি টকাৰ বাজেট দাখিল কৰে ।

২০১৯-২০ বিত্তীয় বৰ্ষৰ বাজেট দাখিল বিটিচি চৰকাৰৰ
কিন্তু উক্ত বাজেটৰ ৪২.৫২০৬ কোটি টকা ৰাহী বাজেট বুলি জানিবলৈ দিয়ে ।বাজেটৰ মাজতে বিটিচিয়ে পঠিওৱা বিভাগীয় বিলসমূহ কংগ্ৰেছৰ দিনত গৃহীত হোৱা নাছিল আৰু বৰ্তমানৰ চৰকাৰেও গৃহীত নকৰাত একপ্ৰকাৰৰ ক্ষোভ প্ৰকাশ কৰে বিটিচি প্ৰধান গৰাকীয়ে । ৰাজ্যৰ পৰবৰ্তী বাজেট অধিবেশনত বিলসমূহ গৃহীত নহলে বিটিচি চৰকাৰে ন্যায়ালয়ৰ দ্বাৰস্থ্য হ'ব বুলিও হুংকাৰ প্ৰদান কৰে বিটিচি মুৰব্বী মহিলাৰীয়ে ।

আনহাতে বিটিচি চৰকাৰে বিজেপিৰ স'তে মিত্ৰতাৰ চৰকাৰ চলাই থকাৰ পিচতো স্বয়ং মহিলাৰীয়ে চৰকাৰৰ বিৰুদ্ধে ন্যায়ালয়ৰ দ্বাৰস্থ্য হোৱাৰ হুংকাৰ প্ৰদানক লৈ বিজেপি -বিপিএফৰ মিত্ৰতাত ঘূণে ধৰা বুলি সৰৱ চৰ্চা চলিছে ।

Intro:হাগ্ৰামাৰ খং …
চৰকাৰৰ বিৰুদ্ধে ন্যায়ালয়ৰ দ্বাৰস্থ্য হোৱাৰ হুংকাৰ । 

আজিৰ পৰা আৰম্ভ হৈছে ২০১৯-২০ বিত্তীয় বৰ্ষৰবিটিচি বিধান পৰিষদৰ সাধাৰণ বাজেট অধিবেশন। দুদিন কয় চলিবলগা বাজেট অধিবেশনৰ আজি দিনত বিটিচিৰ মুৰব্বী তথা বিটিচিৰ বিত্ত বিভাগৰ দায়িত্বত থকা হাগ্ৰামা মহিলাৰীয়ে দাখিল কৰে । ২০১৯-২০ বিত্তীয় বৰ্ষৰ বাবে হাগ্ৰামা মহিলাৰীয়ে ৪৬৬৭.৭৬৬২ কোটি টকাৰ বাজেট দাখিল কৰে যত ৪২.৫২০৬ কোটি টকা ৰাহী( surplus) বাজেট বুলি দেখুওৱা হৈছে । 

Body:তাৰপিছতে হাগ্ৰামা মহিলাৰীয়ে বিল গৃহীত নোহোৱাক লৈ ক্ষোভ প্ৰকাশ কৰে । মহিলাৰীয়ে কয় যে বিটিচিয়ে পঠিওৱা বিভাগীয় বিলসমুহ কংগ্ৰেছৰ দিনতো গৃহীত( pass)হোৱা নাছিল আৰু বৰ্তমানৰ বিজেপি চৰকাৰেও বিভাগীয় বিলসমুহ গৃহীত(pass) নকৰাত ক্ষোভ প্ৰকাশ কৰে । ৰাজ্যৰ পৰবৰ্তী বাজেট অধিবেশনত বিলসমুহ গৃহীত নহলে বিটিচি চৰকাৰে ন্যায়ালয়ৰ দ্বাৰস্থ্য হব বুলি হাগ্ৰামা মহিলাৰীয়ে হুংকাৰ প্ৰদান কৰিছে । ন্যায়ালয়ৰ দ্বাৰস্থ্য হ'লেহে চৰকাৰ বাধ্য হব বুলিও সদৰি কৰিছে হাগ্ৰামা মহিলাৰীয়ে । বিজেপিৰ সতে মিত্ৰতাৰ চৰকাৰ চলাই থকাৰ পিছতো স্বয়ং মহিলাৰীয়ে চৰকাৰৰ বিৰুদ্ধে ন্যায়ালয়ৰ দ্বাৰস্থ্য হোৱাৰ হুংকাৰ প্ৰদানে বিজেপি -বিপিএফৰ মিত্ৰতাত ঘূণে ধৰিব নেকি তাক লৈ সৰৱ চৰ্চা চলিছে । 

Conclusion:
আনফালে বিৰোধী নেতা ৰণগৰা নাৰ্জাৰী য়ে অভিযোক কৰেযে বিপএফ যে চৰকাৰৰ পৰা আজিলকী প্ৰয়োজন হিচাবে ধন মোকোলাই আনিব পৰা নাই।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.