ETV Bharat / state

নলবাৰীত 'অতুল বৰা মুৰ্দাবাদ' ধ্বনি; খাৰুপেটীয়াত দলৰ স্থিতি স্পষ্ট কৰিলে সত্যব্ৰত কলিতাই

author img

By

Published : Dec 7, 2019, 10:11 PM IST

Updated : Dec 7, 2019, 10:55 PM IST

নলবাৰীৰ অগপ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি ৷ কেন্দ্ৰীয় নেতাৰ সন্মুখতে অগপ কৰ্মীৰ অতুল বৰা মুৰ্দাবাদ ধ্বনি ৷ ইফালে খাৰুপেটীয়াত অগপৰ বিধান পৰিষদ গঠনৰ প্ৰতিনিধিত্বমূলক সভাত কমলপুৰ সমষ্টিৰ বিধায়ক সত্যব্ৰত কলিতাৰ বিস্ফোৰক মন্তব্য ৷

NALBARI  AND KHARUPETIA AGP MEETING
নলবাৰী আৰু খাৰুপেটীয়াত অগপৰ সভা

নিউজ ডেক্স , 7 ডিচেম্বৰ : নলবাৰীৰ অগপ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি । কেন্দ্ৰীয় নেতাৰ সন্মুখতে অগপ কৰ্মীৰ অতুল বৰা মুৰ্দাবাদ ধ্বনি । 'কেব' ক সমৰ্থন কৰি এতিয়া বিপদত পৰিছে অগপ নেতৃত্ব । শীৰ্ষ নেতৃত্বৰ বিপৰীত মেৰুত নলবাৰী অগপৰ তৃণমূল কৰ্মীসকল ৷ দলটোৰ তৃণমূল কৰ্মীৰ ক্ষোভৰ সন্মুখীন হ'ব লগা হৈছে অগপৰ মুখপাত্ৰ দিলীপ পাটগিৰি ৷ নেতাগৰাকীয়ে সভাত আহি উপস্থিত হোৱাৰ লগে-লগে তৃণমূল কৰ্মীসকলে "অতুল বৰা মুৰ্দাবাদ" "কেব আমি নামানো" "কেব আমাক নালাগে" আদি বিভিন্ন শ্লোগানেৰে সভাৰ পৰিৱেশ উত্তপ্ত কৰি তোলে । উল্লেখ্য যে, তৃণমূল কৰ্মীৰ প্ৰতিবাদ মানি দলীয় নেতৃত্বই 'কেব" ৰ বিৰোধিতা কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰি শীৰ্ষ নেতৃত্বলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

নলবাৰী আৰু খাৰুপেটীয়াত অগপৰ সভা

ইফালে সমগ্ৰ ৰাজ্য নাগৰিকত্ব সংশোধনী বিলক লৈ উত্তপ্ত হৈ থকা অৱস্থাতে খাৰুপেটীয়াত অগপৰ বিধান পৰিষদ গঠনৰ প্ৰতিনিধিত্বমূলক সভাত কমলপুৰ সমষ্টিৰ বিধায়ক সত্যব্ৰত কলিতাৰ বিস্ফোৰক মন্তব্য ৷ শনিবাৰে দৰঙৰ খাৰুপেটীয়া অসম ক্লাবত অগপৰ দলগাঁও বিধান পৰিষদ গঠনৰ বাবে অনুষ্টিত হৈছিল এখন প্ৰতিনিধিত্বমুলক সভা । দল সংগঠন সমূহে অসম আৰু অসমীয়াৰ স্বাৰ্থত কেব বাতিলৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে অগপই "কেব"ক লৈ গ্ৰহণ কৰা সিদ্ধান্তত জাঙুৰ খাই উঠি ঠায়ে ঠায়ে পহুখেদা দিছে অগপৰ মন্ত্ৰী বিধায়কক । সেই সময়তে সভাত কলিতাৰ মন্তব্য "কেবক লৈ অগপ দলত কোনো মতানৈক্য নাই । অসম আৰু অসমীয়াৰ স্বাৰ্থত , খিলঞ্জীয়াৰ স্বাৰ্থত , কেতিয়াও আপোচ নকৰে অগপই ।বৰ্তমান দলৰ সভাপতি অতুল বৰাৰ নেতৃত্বত সুস্থিৰ ভাবে চলিছে অগপ দল । প্ৰাক্তন মুখ্যমন্ত্ৰী , সভাপতি , জেষ্ঠ নেতা তথা বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তই কেব সম্পৰ্কে কৰা মন্তব্য দলৰ নহয় , নিজৰ ব্যক্তিগত । কেব সম্পৰ্কে আমাৰ দলে স্থিতি স্পষ্ট কৰি ৰাজহুৱা কৰিছে । গতিকে কেবক লৈ কৰা প্ৰশ্ন অস্বাভাৱিক কথা , আমি অসমৰ স্বাৰ্থত কেবক লৈ আপোচ কৰা নাই আৰু নকৰো ।" সভাখনত ছিপাঝাৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক জয়নাথ শৰ্মা , মঙলদৈ সমষ্টিৰ প্ৰাক্তন বিধায়ক হিৰেন দাস সহ শতাধিক তৃণমুল নেতা কৰ্মী উপস্থিত থাকে ।

নলবাৰী আৰু খাৰুপেটীয়াত অগপৰ সভা

আৰু পঢ়ক : বিজেপিৰ বিৰুদ্ধে সৰৱ বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়া

Intro:নলবাৰীৰ অগপ কাৰ্য্য লয়ত অতুল বৰা মুৰ্দাবাদ ধ্বনি ।

তৃণমূল কৰ্মীয়ে কৰিলে এই প্ৰতিবাদ।

ক্ষোভ ৰ সন্মুখীন দীলিপ পাটগিৰি।Body:নলবাৰীত অগপৰ সভাত উত্তপ্ত পৰিস্থিতি ।কেন্দ্ৰীয় নেতাৰ সমুখতে অগপ কৰ্মীয়ে দিলে অতুল বৰা মুৰ্দাবাদ ধ্বনি ।'কেব' ক সমৰ্থন কৰি এতিয়া বিপদত পৰিছে অগপ নেতৃত্ব।তৃণমূল কৰ্মীৰ ক্ষোভৰ সন্মুখীন হ'ব লগা হৈছে অগপৰ নেতৃত্ব।শীৰ্ষ নেতৃত্বৰ বিপৰীত মেৰুত নলবাৰী অগপৰ তৃণমূল কৰ্মীসকল।তেনে এক পৰিৱেশেই আজি দেখা গ'ল নলবাৰী অগপৰ সাধাৰণ অধিৱেশনত।নলবাৰী "আছু" ৰ দ্বাৰা আদবাটতে জৱাবদিহি হোৱাৰ পিছত এইবাৰ দলীয় তৃণমূল কৰ্মীৰ ৰুদ্ৰ মূৰ্তিৰ সন্মুখীন হ'ল অগপৰ মুখপাত্ৰ দিলীপ পাটগিৰি।নেতাগৰাকীয়ে সভাত আহি উপস্থিত হোৱাৰ লগে লগে তৃণমূল কৰ্মীসকলে "অতুল বৰা মুৰ্দাবাদ" "কেব আমি নামানো" "কেব আমাক নালাগে আদি বিভিন্ন শ্লোগানেৰে সভাৰ পৰিৱেশ উত্তপ্ত কৰি তোলে।ইফালে তৃণমূল কৰ্মীৰ প্ৰতিবাদত সেও মানি দলীয় নেতৃত্বই 'কেব" ৰ বিৰোধিতা কৰাৰ এক প্ৰস্তাৱ গ্ৰহণ কৰি শীৰ্ষ নেতৃত্বলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।দলীয় তৃণমূল কৰ্মীসকলে বিভিন্ন কটু মন্তব্যৰে থকা-সৰকা কৰিলে শীৰ্ষ নেতৃত্বক। Conclusion:কৈলাস ডেকা, নলবাৰী।
Last Updated : Dec 7, 2019, 10:55 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.