ETV Bharat / state

Youth Jodo Yatra : তিনিচুকীয়াত যুৱ কংগ্ৰেছৰ য়ুথ জোড়ো যাত্ৰা - য়ুথ জোড়ো যাত্ৰা

অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ উদ্যোগত আৰু তিনিচুকীয়া জিলা যুৱ কগ্ৰেছৰ সহযোগত য়ুথ জোড়ো যাত্ৰা শীৰ্ষক কাৰ্যসূচী ৷ পদযাত্ৰাত অংশগ্ৰহণ কৰি শাসকীয় চৰকাৰখনৰ বিৰুদ্ধে সৰৱ হৈ পৰে কংগ্ৰেছৰ নেতা-কৰ্মী সকল ৷

Youth Jodo Yatra Programme of Youth Congress
বিৰোধী দলপতি দেৱব্ৰত শইকীয়া
author img

By ETV Bharat Assamese Team

Published : Nov 15, 2023, 5:17 PM IST

য়ুথ জোড়ো যাত্ৰা

তিনিচুকীয়া, 15 নৱেম্বৰ : বুধবাৰে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ উদ্যোগত আৰু তিনিচুকীয়া জিলা যুৱ কগ্ৰেছৰ সহযোগত তিনিচুকীয়াত য়ুথ জোড়ো যাত্ৰা (Youth Jodo Yatra) শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ তিনিচুকীয়াৰ বৰগুৰি বিহুতলীৰ পৰা ৰঙাগড়া পথ হৈ জি এন বি পথেৰে জিলা কংগ্ৰেছৰ কাৰ্যালয়ৰ প্ৰাংগনলৈকে হোৱা পদযাত্ৰাত অংশগ্ৰহণ কৰি শাসকীয় চৰকাৰখনৰ বিৰুদ্ধে সৰৱ হৈ পৰে কংগ্ৰেছৰ নেতা-কৰ্মীসকল ৷

পদযাত্ৰাত অংশ লৈ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয় যে, ৰাজ্যৰ যুৱ প্ৰজন্মই শাসকীয় চৰকাৰখনৰ পৰা নিবনুৱা সমস্যা সমাধান কৰা, মূল্যবৃদ্ধি ৰোধ কৰা, অসম চুক্তি ৰূপায়ণ কৰাকে আদি কৰি বিজেপিয়ে যিখিনি প্ৰতিশ্ৰুতি দিছিল সেয়া লাভ কৰা নাই ৷ সেইহেতুকে বুধবাৰে তিনিচুকীয়াত যুৱ কংগ্ৰেছৰ উদ্যোগত শান্তিপূৰ্ণভাৱে শাসকীয় চৰকাৰখনৰ বিৰুদ্ধে যুৱকসকলে ক্ষোভ প্ৰকাশ কৰিবলৈ উলাই আহিছে ৷

আনহাতে এ আই ইউ ডি এফ প্ৰধান তথা সাংসদ বদৰুদ্দিন আজমলে এখন ৰাজহুৱা সভাত চেলেংক অপমান কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিৰোধী দলপতিজনে ৷ নেতাজনে এই ঘটনাক দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰি কয় যে, বহুতে অভিযোগ কৰাৰ দৰেই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু সাংসদ বদৰুদ্দিন আজমল ভাই ভাই বুলি এতিয়া তেওঁ বিশ্বাস কৰিবলৈ লৈছে বুলি কয় ৷ কিয়নো বদৰুদ্দিন আজমলে যিদৰে সাম্প্ৰদায়িক মন্তব্য কৰি ৰাইজক উত্তেজিত কৰি ৰাখে ঠিক তেনেদৰেই বহিঃৰাজ্যত হিমন্ত বিশ্ব শৰ্মাইয়ো সাম্প্ৰদায়িক মন্তব্য কৰি আহিছে ৷ কিন্তু আজি পৰ্যন্ত কোনো এজনৰ নামত গোচৰ ৰুজু কৰা নাই আৰক্ষীয়ে ৷ সেয়েহে এতিয়া প্ৰদেশ কংগ্ৰেছে ইয়াৰ প্ৰতিবাদ কৰিছে বুলি কয় কংগ্ৰেছ নেতাজনে ৷

বুধবাৰে অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত‌ নিখিল ভাৰত যুৱ কংগ্ৰেছৰ তত্বাবধায়ক কৃষ্ণা আল্লাবাৰ, কংগ্ৰেছ বিধায়িনী দলৰ দলপতি দেবব্ৰত শইকীয়া, নিখিল ভাৰত যুৱ কংগ্ৰেছৰ সম্পাদক তথা অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ তত্ত্বাবধায়ক ডাঃ স্মৃত্তি ৰঞ্জন লেংকাৰৰ লগতে প্ৰায় দুই শতাধিক কংগ্ৰেছকৰ্মী উপস্থিত থাকে ৷

লগতে পঢ়ক : AAP Lok Sabha election preparation: তেজপুৰ সমষ্টিত আম আদমী পাৰ্টীৰ স্থিতি সৱল বুলি দাবী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.