ETV Bharat / state

Y20 in Tinsukia: যুৱ সমাজক উদ্বুদ্ধ কৰাৰ লক্ষ্য়ৰে ব্ৰহ্মকুমাৰীৰ উদ্যোগত ৱাই ২০

ব্ৰহ্মপুত্ৰ শান্তি উপত্যকা ৰিট্ৰিট চেণ্টাৰত ব্ৰহ্ম কুমাৰীৰ উদ্যোগত ৱাই-২০ ৷ যুৱক-যুৱতীসকলক ড্ৰাগছ সেৱনৰ বিৰুদ্ধে সজাগ কৰিবলৈ ৰূপায়ণ কৰা হয় এই কাৰ্যসূচীৰ ।

author img

By

Published : Aug 6, 2023, 4:28 PM IST

Y20 in Tinsukia
ব্ৰহ্মপুত্ৰ শান্তি উপত্যকা ৰিট্ৰিট চেণ্টাৰ

তিনিচুকীয়া, ৬ আগষ্ট: ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে দেশৰ যুৱ সমাজক সকলো দিশতে অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে । এই উদ্দেশ্য়ে সমগ্ৰ দেশতে ৱাই-২০ৰ জৰিয়তে এক বিস্তৃত কাৰ্যসূচী আৰম্ভ কৰিছে । এই বিস্তৃত কাৰ্যসূচীৰ অংশ হিচাপে যুৱক-যুৱতীসকলক ড্ৰাগছমুক্ত কৰা, যুৱক-যুৱতীসকলৰ মাজত মধুৰ মনোভাৱৰ বীজ সিঁচা, শাৰীৰিক আৰু সামাজিকভাৱে শক্তিশালী কৰা আদি বিভিন্ন বিষয়ত কাৰ্যসূচী আৰম্ভ কৰা হৈছে ।

ভাৰত চৰকাৰৰ এই কামসমূহৰ সফল ৰূপায়ণৰ বাবে প্ৰজাপিতা ব্ৰহ্মকুমাৰীৰ যুৱ সংমণ্ডল ইশ্বৰ বিশ্ববিদ্যালয় দায়িত্ব অৰ্পণ কৰা হৈছে । দেশৰ যুৱ সমাজক সকলো ক্ষেত্ৰতে আগুৱাই নিয়াৰ লক্ষ্য়ৰেই এই পদক্ষেপ গ্ৰহণ কৰিছে ।

লগতে পঢ়ক:Bomb blast threatening: কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ ভ্ৰমণৰ সময়তে মুম্বাইত ধাৰাবাহিক বোমা বিস্ফোৰণৰ ভাবুকি

প্ৰজাপিতা ব্ৰহ্মকুমাৰীৰ যুৱ সংমণ্ডল ইশ্বৰ বিশ্ববিদ্যালয়ে এইক্ষেত্ৰত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে । ইতিমধ্য়ে সমগ্ৰ দেশৰ ব্ৰহ্মকুমাৰী সেৱা কেন্দ্ৰসমূহত যুৱ সমাজক অধিক শক্তিশালী কৰাৰ বাবে যুৱ প্ৰভাৰীগৰাকীয়ে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে । ইয়াৰ অধীনত তিনিচুকীয়াৰ ৰংপুৰীয়া ছেইণ্টলুকছ হাস্পতালৰ সমীপত থকা ব্ৰহ্মপুত্ৰ শান্তি উপত্যকা ৰিট্ৰিট চেণ্টাৰত দেওবাৰে ব্ৰহ্ম কুমাৰী যুৱ ট্ৰীত তিনিচুকীয়াৰ উদ্যোগত ৱাই-২০ৰ আয়োজন কৰা হয় ।

লগতে পঢ়ক:Novel released in Guwahati : ব্যতিক্ৰমৰ উদ্যোগত কমলিকা মজুমদাৰৰ “হেইৰ আই এম" শীৰ্ষক উপন্যাস উন্মোচন

যুৱক-যুৱতীসকলৰ বাবে ড্ৰাগছ সেৱন প্ৰতিৰোধ আৰু আত্মসন্মান গঢ়ি তোলা বিষয়ক এক প্ৰেৰণাদায়ক অনুষ্ঠানৰ আয়োজন কৰা হয় । দিপাংকৰ শইকীয়াই আয়োজন কৰা এই কাৰ্যসূচীত অতিথি, প্ৰজাপিতাৰ যুৱ সংমণ্ডলৰ ৰাষ্ট্ৰীয় আহ্বায়ক ক্ৰুতি বেহান, ব্ৰহ্ম কুমাৰী ঈশ্বৰ বিশ্ববিদ্যালয় তিনিচুকীয়াৰ প্ৰভাৰী ৰজনী বেহানৰ লগতে বিভিন্ন বিদ্যালয়ৰ অধ্যক্ষ আৰু ছাত্ৰ-ছাত্ৰী, সমাজসেৱক আদি উপস্থিত থাকে । বক্তাসকলে এই ক্ষেত্ৰত সকলোকে সজাগ আৰু সতৰ্ক হৈ থাকিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক: Road Accident: জুবিনৰ সংগীতানুষ্ঠান উপভোগ কৰি ঘৰলৈ ওভতাৰ পথত দুৰ্ঘটনা, নিহত যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.