ETV Bharat / state

Good Governance Week 2022: সু শাসন সপ্তাহ উপলক্ষে তিনিচুকীয়াত কৰ্মশালাৰ আয়োজন

author img

By

Published : Dec 24, 2022, 8:44 AM IST

তিনিচুকীয়া জিলা প্ৰশাসনৰ উদ্যোগত "সু শাসন সপ্তাহ - গাঁও অভিমুখে প্ৰশাসন" শীৰ্ষক এখনি কৰ্মশালা অনিষ্ঠিত হৈ যায় (Workshop in Good Governance Week)৷ কৰ্মশালাখনিত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অৱসৰপ্ৰাপ্ত ভাৰতীয় প্ৰশাসনিক সেৱা বিষয়া হেমন্ত নাৰ্জাৰী ।

Good Governance Week 2022
সু শাসন সপ্তাহ উপলক্ষে তিনিচুকীয়াত কৰ্মশালাৰ আয়োজন

তিনিচুকীয়া, ২৩ ডিচেম্বৰ: দেশজুৰি ১৯ ডিচেম্বৰৰ পৰা আৰম্ভ হৈছে সু শাসন সপ্তাহ (Good Governance Week) ৷ সমগ্ৰ দেশৰ লগতে তিনিচুকীয়া জিলাতো অনুষ্ঠিত হৈছে সুশাসন সপ্তাহৰ কাৰ্যসূচী ৷ তিনিচুকীয়া জিলা প্ৰশাসনৰ উদ্যোগত শুকুৰবাৰে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত সু শাসন সপ্তাহৰ উদযাপন সন্দৰ্ভত এখনি কৰ্মশালাৰ অনুষ্ঠিত হৈ যায় (Good Governance Week)। উক্ত কৰ্মশালাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত ভাৰতীয় প্ৰশাসনিক সেৱা বিষয়া হেমন্ত নাৰ্জাৰী । অতিৰিক্ত উপায়ুক্ত দিপু কুমাৰ ডেকাৰ সঞ্চালনাত অনুষ্ঠিত এই কৰ্মশালাত আদৰণি ভাষণ আগবঢ়ায় জিলা উপায়ুক্ত নৰসিং পৱাৰে (DC of Tinsukia Narsing pawar)।

জিলা উপায়ুক্তগৰাকীয়ে সুশাসন সপ্তাহৰ তাৎপৰ্য ব্যাখ্যা কৰাৰ লগতে জিলাখনত এই কাৰ্যসূচী সফলতাৰে পালন কৰিবৰ বাবে তিনিচুকীয়া জিলা প্ৰশাসনে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে উল্লেখ কৰে ((Good Governance Week 2022)। সুশাসন সপ্তাহ উপলক্ষে জিলা প্ৰশাসনৰ প্ৰতিগৰাকী উচ্চপদস্থ বিষয়াই গ্ৰামাঞ্চলত উপস্থিত হৈ অঞ্চলটোত বিভিন্ন চৰকাৰী আঁচনিৰ ৰূপায়ন সন্দৰ্ভত বুজ ল'ব আৰু অন্যান্য বিভিন্ন চৰকাৰী আচঁনিসমূহৰ বিষয়ে ৰাইজক অৱগত কৰিব বুলি কয় জিলা উপায়ুক্তগৰাকীয়ে (Tinsukia district commissioner Narsing Pawar)।

সু-শাসন সপ্তাহত বিষয়াসকলে গ্ৰামাঞ্চলৰ ৰাইজে সচৰাচৰ সন্মুখীন হৈ অহা বিভিন্ন সমস্যাৰাজিৰ বুজলৈ সেই সমস্যাসমূহৰ সমাধানৰ বাবে যাৱতীয় পদক্ষেপ হাতত ল'ব বুলিও জিলা উপায়ুক্তগৰাকীয়ে ভাষণত উল্লেখ কৰে (Workshop on Good Governance Week in Tinsukia)। শুকুৰবাৰে অনুষ্ঠিত কৰ্মশালাত জিলা সমাজ কল্যাণ বিভাগে মহিলা আৰু শিশুৰ সুৰক্ষা তথা লিংগ ভিত্তিক হিংসা প্ৰতিৰোধৰ বাবে সমগ্ৰ জিলাতে গ্ৰহণ কৰা সজাগতামূলক পদক্ষেপ সম্পৰ্কীয় এখনি তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হয় ।

তথ্যচিত্ৰখন প্ৰদৰ্শনৰ পাছতে জিলাখনৰ শিক্ষা, স্বাস্থ্য, সমাজকল্যাণ আৰু কৃষি বিভাগ তথা কৃষি বিজ্ঞান কেন্দ্ৰ তিনিচুকীয়াৰ দ্বাৰা ৰূপায়ণ হৈ থকা উন্নয়নমূলক কাৰ্যসূচীসমূহৰ বিষয়ে উল্লেখ কৰা হয় । মুখ্য অতিথি তথা অৱসৰপ্ৰাপ্ত ভাৰতীয় প্ৰশাসনিক সেৱা বিষয়া হেমন্ত নাৰ্জাৰীয়ে বিগত বৰ্ষৰ তুলনাত তিনিচুকীয়া জিলাখন উন্নয়নৰ ক্ষেত্রত বহুখিনি আগবাঢ়িছে বুলি উল্লেখ কৰি জিলা প্ৰশাসনৰ সকলো উচ্চ পদস্থ বিষয়া তথা উন্নয়নী বিভাগসমূহক জিলাখনৰ উন্নয়ন আৰু প্ৰগতিৰ বাবে যৎপৰোনাস্তি প্ৰচেষ্টা চলাবলৈ আহ্বান জনায় ।

এই ক্ষেত্ৰত জিলা প্ৰশাসনক জিলাখনৰ উন্নয়নৰ বাবে এক ফলপ্ৰসূ ভিজন ডকুমেণ্ট প্ৰস্তুত কৰিবলৈও পৰামৰ্শ আগবঢ়ায় । কৰ্মশালাত জিলা উন্নয়ন আয়ুক্ত নয়নজ্যোতি ভাগৱতী, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মুনিন্দ্ৰ বৰদলৈ, অতিৰিক্ত উপায়ুক্ত সুশান্ত দত্ত, অতিৰিক্ত উপায়ুক্ত পলাশ ৰাজকুমাৰ আহোম, অতিৰিক্ত উপায়ুক্ত চৰফ্ৰাজ হক, শদিয়া মহকুমাৰ মহকুমাধিপতি অনুপম ডেকা, তিনিচুকীয়া জিলাৰ কেউটা ৰাজহচক্ৰৰ চক্ৰ বিষয়াসকল, বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া তথা কৰ্মচাৰীসকল উপস্থিত থাকে ।

লগতে পঢ়ক: Kumily road accident: কেৰালাত শোকাৱহ দুৰ্ঘটনাত নিহত 8 গৰাকী তীৰ্থযাত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.