ETV Bharat / state

বিধায়ক বলিন চেতিয়াৰ বিৰুদ্ধে নাৰী উন্নয়ন সন্থাৰ ৰাজহুৱা সভা

author img

By

Published : Nov 11, 2020, 12:44 PM IST

বগৰীবাৰীত নাৰী উন্নয়ন সন্থাৰ বিশাল ৰাজহুৱা সভা | বিধায়ক বলিন চেতিয়াৰ বিৰুদ্ধে সৰৱ প্ৰায় 20 হাজাৰ মহিলা | ন-দিহিং নদীৰ গৰাখহনীয়াৰ ফলত বিস্তৰ ক্ষতি হোৱাৰ পাছতো গা নলৰা বিধায়ক তথা বিভাগক তীব্ৰ ভাষাৰে সমালোচনা কৰে নাৰী উন্নয়ন সন্থাই ৷

as_sadiya_women_protest_against_Balin_chetiya_vis_ASC10010
বিধায়ক বলিন চেতিয়াৰ বিৰুদ্ধে নাৰী উন্নয়ন সন্থাৰ ৰাজহুৱা সভা

শদিয়া,11নৱেম্বৰ: তিনিচুকীয়া জিলাৰ কাকপথাৰৰ বগৰীবাৰীত নাৰী উন্নয়ন সন্থাৰ বিশাল ৰাজহুৱা সভা ৷ বিধায়ক বলিন চেতিয়াৰ বিৰুদ্ধে সৰৱ প্ৰায় 20 হাজাৰ মহিলা ৷ বহুকেইটা স্থানীয় সমস্যা সমাধানৰ দাবীত নাৰী উন্নয়ন সন্থাই উজাৰে ক্ষোভ ৷

সংগঠনটোৱে আয়োজন কৰা সভাৰ যোগেদি বগৰীবাৰী,বিজনী ইত্যাদি গাঁওসমূহৰ সমস্যা সমূহ বিধায়ক বলিন চেতিয়া আৰু চৰকাৰ খনে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰে ৷ অঞ্চলটোত ন-দিহিং নদীৰ গৰাখহনীয়াৰ ফলত বিস্তৰ ক্ষতি হোৱাৰ পাছতো গা নলৰা বিধায়ক তথা বিভাগক তীব্ৰ ভাষাৰে সমালোচনা কৰে নাৰী উন্নয়ন সন্থাই ৷

সমান্তৰালভাৱে ১৯৮৪ চনতে নিৰ্মাণ হোৱা প্ৰাথমিক বিদ্যালয়খন প্ৰাদেশীকৰণ নোহোৱা,স্বাস্থ্যৰ সুবিধা নথকা,অনাময় আঁচনিৰ সুবিধা নোপোৱা বুলিও ক্ষোভ ব্যক্ত কৰে ৷ বিধানসভা নিৰ্বাচনৰ আগত তেওঁলোকৰ সমস্যা সমুহ সমাধান নকৰিলে ভোট বৰ্জনৰ লগতে নাৰী শক্তিয়ে বলিন চেতিয়া হাটাও অভিযানত নামি পৰিব বুলিও মন্তব্য কৰে ৷ সমষ্টিটোত নাৰী উন্নয়ন সন্থাৰ প্ৰায় বিশ হাজাৰ সদস্যাৰ থকা কথা উল্লেখ কৰি কয় যে দৰকাৰ হ'লে সকলোৱে বলিন চেতিয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব ৷ নাৰী উন্নয়ন সন্থা তিনিচুকীয়া জিলা,তালাপ আঞ্চলিক,উপৰ লাওপানী শাখা আৰু বগৰীবাৰী শাখাৰ কেইবাশতাধিক মহিলা উপস্থিত থাকে ৷

লগতে পঢ়ক:মংগলদৈৰ এজাক শিশুৰ এক ব্যতিক্ৰমী প্ৰয়াস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.