ETV Bharat / state

কাকপথাৰত মহিলা ড্ৰাগছ সৰবৰাহকাৰী আটক

author img

By

Published : Oct 10, 2020, 8:03 PM IST

কাকপথাৰত এগৰাকী মহিলা ড্ৰাগছ সৰবৰাহকাৰী আটক । আটকাধীন মহিলা গৰাকীৰ পৰা প্ৰায় ৮০ হাজাৰ টকা মূল্যৰ ড্ৰাগছ জব্দ কৰে আৰক্ষীয়ে ।

women arrested with drugs at kakapathar
women arrested with drugs at kakapathar

শদিয়া, 10 অক্টোবৰ : তিনিচুকীয়া জিলাৰ কাকপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত সৰু মাইথং গাঁৱৰ পৰা শনিবাৰে এগৰাকী মহিলা ড্ৰাগছ সৰবৰাহকাৰী আটক । আটকাধীন মহিলা গৰাকীৰ পৰা প্ৰায় ৮০ হাজাৰ টকা মূল্যৰ ড্ৰাগছ জব্দ কৰে আৰক্ষীয়ে । ড্ৰাগছ সৰবৰাহকাৰী মহিলা গৰাকী চৰাইদেউ জিলাৰ সোনাৰী থানাৰ অন্তৰ্গত অচিনি বিল হাতী কেম্পৰ ৰেনু তামাং ৷ তেজু থানাৰ আৰক্ষীয়ে এজন আটকাধীন যুৱকৰ স্বীকাৰোক্তিৰ ভিত্তিত কাকপথাৰ আৰক্ষী থানাৰ সহযোগত সৰু মাইথং গাঁৱৰ নিতু সোণোৱালৰ ঘৰৰ পৰা আটক কৰে মহিলাগাৰীক ।

women arrested with drugs at kakapathar
কাকপথাৰত মহিলা ড্ৰাগছ সৰবৰাহকাৰী আটক

জানিব পৰা মতে ৰেণু তামাঙে দীৰ্ঘদিনে নাগালেণ্ডৰ পৰা ড্ৰাগছ ক্ৰয় কৰি সৰু মাইথংস্থিত ভিনিহিয়েকৰ গৃহলৈ আহি অৰুণাচল প্ৰদেশৰ লগতে উজনি অসমৰ বিভিন্ন ঠাইত এই অবৈধ বেহা চলাই আহিছিল । সম্প্ৰতি তেজু থানাৰ জিন্মাত ৰাখিছে আটকধীন মহিলা গৰাকীক ৷

লগতে পঢ়ক : বন গাহৰি চিকাৰ কৰিবলৈ যোৱা সতীৰ্থই হত্যা কৰিলে এজনক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.