ETV Bharat / state

Pranjal Moran Case : ন্যায় বিচাৰি সত্ৰৰ দুৱাৰে দুৱাৰে উৰ্বশী মৰাণ

author img

By

Published : Apr 4, 2023, 12:11 PM IST

স্বামী প্ৰাঞ্জল মৰাণৰ সন্ধানত অনাই বনাই ঘূৰি ফুৰা উৰ্বশী মৰাণে সত্ৰত সেৱা আগবঢ়ালে (Wife of Pranjal Moran at Satra)। ওবন গাঁৱৰ শ্ৰীশ্ৰী মায়ামৰা টিপুক সত্ৰত সেৱা আগবঢ়াই দুৰ্ভগীয়া পত্নীয়ে । প্ৰাঞ্জল মৰাণৰ নিৰুদ্দেশ ঘটনা সন্দৰ্ভত দুজন লোকক গ্ৰেপ্তাৰ ।

Pranjal Moran Case
ন্যায় বিচাৰি সত্ৰৰ দুৱাৰে দুৱাৰে উৰ্বশী মৰাণ

তিনিচুকীয়া, ৪ এপ্ৰিল : বিগত প্ৰায় ৩ মাহে সন্ধান নাই কয়লা খনিৰ শ্ৰমিক প্ৰাঞ্জল মৰাণৰ (Pranjal Moran missing case)। তিনিচুকীয়া জিলাৰ লিডুৰ কয়লা খনিত কাম কৰিবলৈ গৈ ১২ জানুৱাৰীৰ পৰা নিৰুদ্দিষ্ট হৈ আছে মাকুম শুকানি গাঁৱৰ প্ৰাঞ্জল মৰাণ । ইতিমধ্যে এই সন্দৰ্ভত সংবাদ মাধ্যমত বিস্তৃতভাৱে বাতৰি প্ৰকাশ পাইছে । প্ৰাঞ্জল মৰাণৰ পত্নী উৰ্বশী মৰাণে সংবাদ শিৰোনামো দখল কৰিছে । স্বামীৰ সন্ধানত অনাই বনাই ঘূৰি ফুৰা উৰ্বশী মৰাণে এইবাৰ সত্ৰত উপস্থিত হৈছে ।

ন্যায়ৰ আশাত উৰ্বশী মৰাণে সোমবাৰে তিনিচুকীয়া জিলাৰ মাকুমৰ লগতে ওবন গাঁৱৰ শ্ৰীশ্ৰী মায়ামৰা টিপুক সত্ৰ তথা আন কেইবাখনো সত্ৰত সেৱা লয় । মৰাণ জনগোষ্ঠীৰ লোক হিচাপে সত্ৰৰ সত্ৰাধিকাৰ প্ৰভুৰ ওচৰত তামোল-পাণৰ টোপোলা আগবঢ়াই উৰ্বশী মৰাণে সেৱা লয় । লিডুৰ কয়লাখনিত নিৰুদ্দিষ্ট হৈ থকা প্ৰাঞ্জল মৰাণৰ ঘটনাৰ তদন্ত সুকলমে আগবঢ়াৰ মানসেৰে জিলাখনত থকা সত্ৰসমূহত সেৱা আগবঢ়োৱা বুলি জানিবলৈ দিয়ে পত্নী উৰ্বশী মৰাণে (Pranjal Morans wife pray in Satra)।

উল্লেখ্য যে, লিডুৰ কয়লা খনিত কাম কৰিবলৈ যোৱাৰে পৰা নিৰুদ্দেশ হোৱা প্ৰাঞ্জল মৰাণৰ বাবে ন্যায় বিচাৰি আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙকো সাক্ষাৎ কৰিছে উৰ্বশী মৰাণে । আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ নিৰ্দেশত ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে (Pranjal Moran missing case)৷

সমগ্ৰ বিষয়টো নিৰীক্ষণ কৰাৰ বাবে আৰক্ষী মহাপৰিদৰ্শক জিৎমল দ'লেক দায়িত্ব প্ৰদান কৰে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে । লগতে ৭ এপ্ৰিলৰ ভিতৰত সমগ্ৰ তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈও নিৰ্দেশ প্ৰদান কৰিছে । গতিকে আৰক্ষীৰ এই তদন্ত প্ৰক্ৰিয়াত যাতে কোনো হেঙাৰ সৃষ্টি নহয় আৰু প্ৰাঞ্জল মৰাণৰ পৰিয়ালটোৱে যাতে উচিত ন্যায় পায় তাৰ বাবে সত্ৰসমূহত উপস্থিত হৈ উৰ্বশী মৰাণে সেৱা লোৱা বুলি উল্লেখ কৰে ।

সমান্তৰালভাৱে, প্ৰাঞ্জল মৰাণৰ সমাধিস্থ কৰাত জড়িত ৰূপ চাই কুজুৰ আৰু বাবু পাহাৰীয়া নামৰ দুজন লোকক লিডুৰ টিৰাপ কলীয়ৰীৰ পৰা গ্ৰেপ্তাৰ কৰিব পৰা বুলি জানিব পৰা গৈছে । এই খবৰে কিছু সকাহ প্ৰদান কৰিছে উৰ্বশী আৰু পৰিয়ালটোক । অৱশ্যে এজাহাৰত উল্লেখ কৰা মূল অভিযুক্ত বি গণেশ নামৰ কয়লা মাফিয়াজনক এতিয়ালৈ আৰক্ষীয়ে আটক কৰা নাই ।

আৰক্ষীয়ে কিয় বি গণেশক গ্ৰেপ্তাৰ কৰিব পৰা নাই তাক লৈ আচৰ্য্য প্ৰকাশ কৰে উৰ্বশী মৰাণে ৷ সেয়ে আৰক্ষীয়ে যাতে এইক্ষেত্ৰত জড়িত সকলোকে গ্ৰেপ্তাৰ কৰে আৰু ৭ এপ্ৰিলৰ ভিতৰত যাতে প্ৰাঞ্জল মৰাণৰ সন্ধান প্ৰদান কৰে তাৰ বাবে আৰক্ষীক আহ্বান জনাই আৰক্ষী মহাপৰিদৰ্শক জিৎমল দ'লেক আহ্বান জনায় ৷

লগতে পঢ়ক :Pranjal Moran case: ৭ এপ্ৰিলৰ ভিতৰত দাখিল কৰিব লাগিব প্ৰাঞ্জল মৰাণ নিৰুদ্দেশ ঘটনাৰ তদন্তৰ প্ৰতিবেদন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.