ETV Bharat / state

তিনিচুকীয়াত ‘নৰ্থ ইষ্ট আইকন এৱাৰ্ড’ ৱেবচাইট মুকলি - Tinsukia

উত্তৰ-পূৱৰ বিভিন্ন প্ৰান্তৰ লোকসকলৰ জীৱন প্ৰণালীৰ সৈতে পৰিচয় কৰোৱা আৰু তেওঁলোকৰ সুপ্ত প্ৰতিভাসমূহ বিকাশৰ বাবে এখন মঞ্চ আগবঢ়াই দিয়াৰ মানসেৰে তিনিচুকীয়াত নতুন ৱেবচাইট মুকলি ৷ ‘নৰ্থ ইষ্ট আইকন এৱাৰ্ড’ নামেৰে নামাকৃত কৰা হৈছে ৱেবচাইটটো ৷

Website inauguration in tinsukia
উত্তৰ-পূৱৰ লোকসকলৰ প্ৰতিভা প্ৰচাৰৰ উদ্দেশ্যে Northeasticonaward.com নামেৰে ৱেবচাইট মুকলি তিনিচুকীয়াত
author img

By

Published : Nov 8, 2021, 12:04 PM IST

তিনিচুকীয়া, 8 নৱেম্বৰ : ভাৰতবৰ্ষৰ উত্তৰ-পূৰ্বাঞ্চলত বসবাস কৰা লোকসকলৰ আছে এক স্বকীয় বৈশিষ্ট্য ৷ স্থান ভেদে সকলোৰে আছে সামাজিক আৰু সাংস্কৃতিক ইতিহাস ৷ উত্তৰ-পূৱৰ বিভিন্ন প্ৰান্তৰ প্ৰতিভাসমৃদ্ধ এই লোকসকলৰ বাবে তিনিচুকীয়াৰ কেইজনমান শিক্ষিত যুৱকে ‘নৰ্থ ইষ্ট আইকন এৱাৰ্ড’ নামেৰে এটা ৱেবচাইট উন্মোচন কৰে ৷ এই ৱেবচাইটৰ জৰিয়তে এই লোকসকলে নিজৰ জীৱন প্ৰণালীৰ সৈতে আনক পৰিচয় কৰাই দিব পাৰিব ৷

উত্তৰ-পূৱ ভাৰতৰ বিশিষ্ট লোকসকলক তেওঁলোকৰ দক্ষতা থকা ক্ষেত্ৰখনৰ সৈতে উপযুক্ত লিখনিৰ বাবে পুৰষ্কৃত কৰাৰ ব্যৱস্থাও কৰা হৈছে ৷ তথ্য-প্ৰযুক্তিৰ যুগত বৰ্তমান অনলাইন কাম-কাজৰ যথেষ্ট প্ৰসাৰ হৈছে ৷ দেওবাৰে তিনিচুকীয়াত সমাজসেৱক প্ৰবাল চেতিয়াৰ নেতৃত্বত গঠন হোৱা ৱেবচাইটটো এই ক্ষেত্ৰত যথেষ্ট সহায়ক হ’ব বুলি দলটোৱে আশা প্ৰকাশ কৰিছে ৷

Website inauguration in tinsukia
তিনিচুকীয়াত নতুন ৱেবচাইট মুকলি

গৌৰৱময় সুদীৰ্ঘ সাংস্কৃতিক ঐতিহ্য বহন কৰি অহা উত্তৰ-পূৱৰ লোকসকলৰ সামাজিক সাংস্কৃতিক দক্ষতা তথা প্ৰতিভা প্ৰকাশ আৰু প্ৰচাৰৰ উদ্দেশ্যে এই ৱেবচাইটটো নিৰ্মান কৰা হৈছে ৷ যুৱ সাংবাদিক তথা North East Icon Award ৰ সদস্য ৰাণাদ্বীপ দুৱৰাই আঁ‌ত ধৰা অনুষ্ঠানটোত উদ্দেশ্য ব্যাখা আগবঢ়াই বিশিষ্ট চিত্ৰশিল্পী মনজিৎ কাশ্যপে ৷

অনুষ্ঠানটোৰ আৰম্ভণিতেই বন্তি প্ৰজ্বলন কৰে জ্যেষ্ঠ সাংবাদিক হেমন্ত শইকীয়াই আৰু North East Icon Award ৰ ৱেবচাইট মুকলি কৰে অসম গণ পৰিষদৰ সাধাৰণ সম্পাদক প্ৰবীন দত্তই ৷ তিনিচুকীয়াৰ হোটেল জ্যোতিত অনুষ্ঠিত হোৱা এই উন্মোচনী অনুষ্ঠানটোত লগতে উপস্থিত থাকে অসম গণ পৰিষদ তিনিচুকীয়া জিলা সমিতিৰ তথ্য প্ৰযুক্তি সম্পাদক উমাকান্ত গোহাঁইৰ লগতে তিনিচুকীয়াৰ প্ৰায় বিশ গৰাকীকৈ সাংবাদিক।

লগতে পঢ়ক : টোলগেটক লৈ অসন্তুষ্ট ভৱানীপুৰবাসী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.