ETV Bharat / state

Smuggling of raw tea leaves :কাকজানত জব্দ অৰুণাচলৰ কেঁচা চাহপাত ভৰ্ত্তি বাহন - ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা

কাকজানত নিশা জব্দ অৰুণাচলৰ কেঁচা চাহপাত ভৰ্ত্তি কৰা দুখন বাহন ।অৰুণাচলৰ কেঁচা চাহপাত অসমত সৰবৰাহ বন্ধ কৰিবলৈ দাবী জনাই ডুমডুমাত বিশাল গণ গৰ্জন অনুষ্ঠিত হোৱা নিশাই ৰাইজে জব্দ কৰে বাহন দুখন ।

Protest of Small tea growers in Doom Dooma
ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা
author img

By ETV Bharat Assamese Team

Published : Sep 9, 2023, 5:15 PM IST

ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা

তিনিচুকীয়া, ৯ ছেপ্টেম্বৰ: তিনিচুকীয়া জিলাখনত থকা ফেক্টৰীসমূহত অৰুণাচল প্ৰদেশত উৎপাদিত কেঁচা চাহপাত প্ৰৱেশক কেন্দ্ৰ কৰি জিলাখনৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলে সমস্যা ভোগ কৰি আহিছে । অৰুণাচলত উৎপাদিত অতি নিম্নমানৰ কেঁচা চাহপাত ফেক্টৰী সমূহে কম মূল্যত ক্ৰয় কৰিছে । ফলত তিনিচুকীয়া জিলাখনত থকা ফেক্টৰীসমূহে স্থানীয় ক্ষুদ্ৰ চাহ খেতিয়কসকলে উৎপাদন কৰা কেঁচা চাহপাতৰ উপযুক্ত মূল্য প্ৰদান নকৰে । এনে পৰিস্থিতিত ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ উদ্যোগত শুক্ৰবাৰে ডুমডুমা নগৰ ৰাজহুৱা খেলপথাৰত সহস্ৰাধিক ক্ষুদ্ৰ চাহ খেতিয়কৰ উপস্থিতিত "বিশাল গণ গৰ্জন" কাৰ্যসূচী ৰূপায়ণ কৰা হয় । ডুমডুমাত এই কাৰ্যসূচী ৰূপায়ণ কৰা নিশাই ডুমডুমাৰ সমীপৰ কাকজানত অৰুণাচলৰ কেঁচা চাহপাত ভৰ্তি দুখনকৈ বাহন ৰাইজে জব্দ কৰে ।

কেঁচা চাহপাতৰ উচিত মূল্য প্ৰদান কৰাৰ লগতে অৰুণাচল প্ৰদেশৰ কেঁচা চাহপাত অসমত প্ৰৱেশ বন্ধ কৰাৰ দাবীৰে শুক্ৰবাৰে ডুমডুমা নগৰ ৰাজহুৱা খেলপথাৰত বিশাল গণ গৰ্জন কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছিল । এই কাৰ্যসূচীত তিনিচুকীয়া জিলাখনৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলে কেঁচা চাহপাত তুলা কাৰ্য বন্ধ ৰাখি ডুমডুমাত অনুষ্ঠিত প্ৰতিবাদী কাৰ্যসূচীত যোগদান কৰে । তাৰ বিপৰীতে এইদৰে সময় উকলি যোৱাৰ পাছত কেঁচা চাহপাত ভৰ্তি বাহন সৰবৰাহ কৰা দেখি ৰাইজে জব্দ কৰি আৰক্ষীক গতাই দিয়ে ।

লগতে পঢ়ক:Bihu dance performed in G20 summit:লোক সংস্কৃতিৰ গৱেষক ড৹ অনিল শইকীয়া উঠিছে খং, কিন্তু কিয়?

উল্লেখ্য় যে ইয়াৰ পূৰ্বে তিনিচুকীয়া জিলাত চাহ খেতিয়ক জীয়াই থকাৰ স্বাৰ্থত অৰুণাচল প্ৰদেশৰ অবৈধ কেঁচা চাহপাত তিনিচুকীয়া জিলাত প্ৰৱেশ নিষিদ্ধ আইন প্ৰস্তুত কৰাৰ দাবী উত্থাপন কৰিছিল ক্ষুদ্ৰ খেতিয়কসকলে ৷ কিয়নো তিনিচুকীয়া জিলাৰ ৫৬,০০০ চাহ খেতিয়কে ৩,৮২,০০০ বিঘা মাটিত চাহ খেতিৰ যোগেদি ১১,৮০,০০০ লোকক পোহ-পাল দি ৰাখিছে ।

লগতে পঢ়ক:Bihu Distortion in G20 Summit; G20 সন্মিলনত বিজেপিৰ মানুহক নচুৱাই অসমৰ বিহু নাচক বিকৃত কৰিছে BJP য়ে : ভূপেন বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.