- বিগত দুমাহত 18জনকৈ আলফা স্বাধীনৰ সদস্যৰ আত্মসমৰ্পন
- আভ্যন্তৰীণ সংঘাত হৈছে নেকি আলফা স্বাধীনত?
- ঘন অৰণ্য এৰি মূলসুঁতিলৈ উভতি আহিছে আলফা স্বাধীনৰ দুধৰ্ষ সদস্য
- ম্যানমাৰ সেনাৰ আক্ৰমণৰ পিচতে আলফা স্বাধীনত খহনীয়া
আলফা স্বাধীনত খহনীয়া!!
আভ্যন্তৰীণ সংঘাতে জুৰুলা কৰিছে নেকি আলফা স্বাধীনক ? আলফা স্বাধীনত মোক্ষম আঘাত ইজনৰ পিচত সিজন সদস্যৰ আত্মসমৰ্পনে কি সূচাইছে ?
আলফা স্বাধীনত খহনীয়া!!
- বিগত দুমাহত 18জনকৈ আলফা স্বাধীনৰ সদস্যৰ আত্মসমৰ্পন
- আভ্যন্তৰীণ সংঘাত হৈছে নেকি আলফা স্বাধীনত?
- ঘন অৰণ্য এৰি মূলসুঁতিলৈ উভতি আহিছে আলফা স্বাধীনৰ দুধৰ্ষ সদস্য
- ম্যানমাৰ সেনাৰ আক্ৰমণৰ পিচতে আলফা স্বাধীনত খহনীয়া
Intro:
Anchor:-তিনিচুকীয়া-শদিয়াত পুনৰ আত্মসমৰ্পণ কৰে চাৰি দুধৰ্ষ আলফা স্বাধীনৰ সদস্যই৷
Body:
GFX::কি হৈছে আলফা স্বাধীনত?
GFX:-এজনৰ পিছত সিজন দুধৰ্ষ গেৰিলাৰ আত্মসমৰ্পণে
GFX:- ভয়ংকৰ জোকাৰণি সৃষ্টি কৰিছে নিষিদ্ধ ঘোষিত বিদ্ৰোহী সংগঠনটোত
VO1:-হয়,প্ৰকৃতে কি হৈছে বিদ্ৰোহী সংগঠন পৰেশ বৰুৱা নেতৃত্বাধীন আলফাৰ স্বাধীন গোটত৷ ইজনৰ-পিছত সিজন আলফা সদস্যই ঘনঅৰণ্য এৰি মূলসুঁতিলৈ উভতি আহিছে৷
আলফাৰ টাগা শিবিৰত ম্যানমাৰ সেনাই আক্ৰমণ কৰাৰ পিছতে ধাৰাবাহিক ভাৱে আত্মসমৰ্পণ কৰিছে ইগৰাকীৰ পিছত সিগৰাকী আলফাৰ দুধৰ্ষ সদস্যই৷ বুধবাৰে তিনিগৰাকীকৈ দুধৰ্ষ আলফা সদস্যই তিনিচুকীয়া আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰাৰ কথা সংবাদমেল সম্বোধন কৰি আনুষ্ঠানিক ভাৱে ঘোষনা কৰে তিনিচুকীয়া আৰক্ষীয়ে। বুধবাৰে পুৱাৰ ভাগত পেঙেৰী থানাৰ অন্তৰ্গত তৰাণী সংৰক্ষিত বনাঞ্চলত ভাৰতীয় সেনাৰ পেৰা স্পেচিয়েল ফৰ্চ , অসম আৰক্ষী আৰু কোব্ৰা কামাণ্ডোৰে যুটীয়া ভাৱে চলা এক অভিযানৰ সময়তে আত্মসমৰ্পণ কৰে আলফাৰ লেন্স কৰ্পৰেল বুবুল মৰাণ ওৰফে টাইগাৰ অসম , বিনন্দ দহোটীয়া ওৰফে স্বদেশ অসম আৰু চন্দ্ৰকান্ত বৰগোহাঁই ওৰফে টিপং অসমে। আনহাতে শদিয়া আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীৰ ওচৰতো বুধবাৰে আন এগৰাকী আলফা সদস্য মৃদুল বুঢ়াগোহাঁই ওৰফে দেবজিত অসমেও আত্মসমৰ্পণ কৰে৷ আত্মসমৰ্পণৰ সময়ত আলফাৰ গেৰিলা কেইগৰাকীয়ে এটা AK81, এটা AK 56 , এটা HK33 ৰাইফলৰ লগতে 9টা মেগজিন ,দুটা চাইনীজ হেণ্ড গ্ৰেণেড আৰু 425 জাই সজীৱ গুলী জমা দিয়ে তিনিচুকীয়া আৰক্ষীক।
VO2:- ইফালে ২০১৮ চনত বৰডুমছা থানাৰ কৰিয়াজানত হোৱা সংঘৰ্ষত নিহত হোৱা আৰক্ষী বিষয়া ভাষ্কৰ কলিতাৰ হত্যাত সদ্য আত্মসমৰ্পনকাৰী আলফা বুবুল মৰাণ ওৰফে টাইগাৰ অসম জড়িত থকা বুলি সন্দেহ প্ৰকাশ কৰিছে যদিও তদন্তৰ পিচতহে প্ৰকৃত তথ্য পোহৰলৈ আহিব বুলি মন্তব্য কৰিছে তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক শিলাদিত্য চেতিয়াই৷
BYET:- শিলাদিত্য চেতিয়া,আৰক্ষী অধীক্ষক,তিনিচুকীয়া৷
END:-স্বাধীন অসমৰ সপোন দুচকুতলৈ আলফাৰ গেৰিলা হোৱা এইসকল সদস্যই প্ৰকৃতে ম্যানমাৰ সেনাৰ আক্ৰমণৰ বাবে নে আলফাৰ শীৰ্ষ নেতাৰ সংঘাতৰ বাবে এইদৰে আলফা ত্যাগ কৰি মুলসূতিলৈ ঘূৰি আহিছে সেয়া ৰহস্যৰ আবৰ্ত্ত৷
Conclusion:তিনিচুকীয়াৰ পৰা প্ৰশান্ত খাটোৱালৰ ৰিপৰ্ট ইটিভি ভাৰত অসম।