ETV Bharat / state

ডিগবৈ বিস্ফোৰণ সন্দৰ্ভত আলফা(স্বা)ৰ প্ৰতিক্ৰিয়া - ulfa (i) press realease regarding blast in digboi

ডিগবৈত বোমা বিস্ফোৰণৰ পিছতে সংযুক্ত মুক্তি বাহিনী,অসম (স্বা)এ প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ এয়া আলফা (স্বা)ক জন মানসত হেয় প্ৰতিপন্ন কৰিবলৈ নিকৃষ্ট ষড়যন্ত্ৰ বুলি উল্লেখ কৰে ৷

ডিগবৈ বিস্ফোৰণ সন্দৰ্ভত আলফা(স্বাঃ)ৰ প্ৰতিক্ৰিয়া

author img

By

Published : May 14, 2021, 7:21 PM IST

ডিগবৈ, 14 মে' : ডিগবৈত গ্ৰেনেড বিস্ফোৰণৰ পাছতেই প্ৰেছ বিবৃতিৰ জৰিয়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সংযুক্ত মুক্তি বাহিনী, অসম চমুকৈ আলফা(স্বা) এ ৷ শুকুৰবাৰে ডিগবৈ আৰক্ষী চকীৰ অন্তৰ্গত টিংৰাই বজাৰত সংঘটিত বোমা বিস্ফোৰণৰ সৈতে সংযুক্ত মুক্তি বাহিনী,অসম (স্বা) সংগঠন কোনো প্ৰকাৰে জড়িত নহয় বুলি বিবৃতিখনত উল্লেখ কৰে ৷

বিবৃতিখনত আলফা(স্বা) উল্লেখ কৰি কয় যে, ‘কৰ'ণা মহামাৰীৰ দুৰ্যোগৰ সময়ত নৱ গঠিত অসম চৰকাৰখনক বিপদত পেলোৱা তথা সংযুক্ত মুক্তি বাহিনী, অসম (স্বা) সংগঠনৰ শেহতীয়া জনকল্যাণমূলক কাৰ্যকলাপত অসমৰ ৰাইজৰ বিপুল সহাৰিৰ প্ৰত্যক্ষ কৰি কোনো দুষ্ট চক্ৰই পৰিকল্পিতভাৱে ষড়যন্ত্ৰ কৰিছে । কিয়নো বিগত 11 মে' তাৰিখে জাগুনৰ সমীপত বুঢ়ীদিহিং নৈৰ পাৰতো অনুৰূপ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছিল । ইয়াৰোপৰি বিগত বৰ্ষত সেনা আৰক্ষীয়ে অসমৰ বিভিন্ন অঞ্চলৰ থলগিৰি মানুহৰ ঘৰত বোমা সংস্থাপন কৰি আলফা সদস্য সজোৱাৰ প্ৰমাণ পোৱা যায় ।’

উল্লেখযোগ্য যে, আলফা (স্বা) সংগঠনে শুকুৰবাৰে এক প্ৰেছ বিজ্ঞপ্তিৰ যোগে তেল আৰু প্ৰাকৃতিক গেছ আয়োগ, ভাৰতীয় তৈল নিগম আৰু অইল ইণ্ডিয়া লিমিটেডলৈ জন-কল্যাণমূলক জাননী জাৰি কৰে । এই বাৰ্তা সমগ্ৰ অসমজুৰি বিয়পি পৰাৰ কিছু সময়ৰ পাছতেই টিংৰাই বজাৰত উক্ত ঘটনাটো সংঘটিত হয় । সেয়েহে আলফা (স্বা) সংগঠনক জন মানসত হেয় প্ৰতিপন্ন কৰিবলৈ ঔপনিবেশিক ভাৰত ৰাষ্ট্ৰযন্ত্ৰৰ ভেৰণীয়া বাহিনী নতুবা অসম আৰক্ষীৰ কোনো ব্যক্তিয়ে এনে নিকৃষ্ট ষড়যন্ত্ৰত লিপ্ত হৈছে প্ৰেছ বিবৃত্তিত উল্লেখ কৰে ৷

লগতে পঢ়ক : ৰাজ্যৰ তিনি তৈল প্ৰতিষ্ঠানলৈ আলফা(স্বা)ৰ দাবী পত্ৰ প্ৰেৰণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.