ETV Bharat / state

আলফা(স্বা)ৰ উপমুখ্য সেনাধ্যক্ষ দৃষ্টি ৰাজখোৱাৰ আত্মসমৰ্পণ

author img

By

Published : Nov 12, 2020, 7:09 AM IST

Updated : Nov 12, 2020, 8:38 AM IST

দুৰ্ধৰ্ষ আলফা নেতা দৃষ্টি ৰাজখোৱাৰ আত্মসমৰ্পণ ৷ মেঘালয়ত আত্মসমৰ্পণ কৰিছে পৰেশ বৰুৱাৰ অতি ঘনিষ্ঠ শীৰ্ষ আলফা নেতা গৰাকী ৷ আলফা স্বাধীনৰ উপমুখ্য সেনাধ্যক্ষৰ দায়িত্বত আছিল দৃষ্টি ৰাজখোৱা ওৰফে মনোজ ৰাভা ৷

drishti rakhowa surrendered
drishti rakhowa surrendered

তিনিচুকীয়া, 12 নবেম্বৰ : আলফা(স্বা)ৰ শিবিৰত মোক্ষম আঘাত ৷ আত্মসমৰ্পণ কৰিছে আলফা(স্বা)ৰ উপমুখ্য সেনাধ্যক্ষ দৃষ্টি ৰাজখোৱা ওৰফে মনোজ ৰাভাই ৷ মেঘালয়ত আত্মসমৰ্পণ কৰিছে দুৰ্ধৰ্ষ আলফা(স্বা) নেতাগৰাকীয়ে ৷ উল্লেখ্য যে, আলফা (স্বা) সেনাপ্ৰধান পৰেশ বৰুৱাৰ অতিকৈ ঘনিষ্ঠ আছিল দৃষ্টি ৰাজখোৱা ।

ulfa news
দৃষ্টি ৰাজখোৱাৰ আত্মসমৰ্পণ

এক সূত্ৰই প্ৰকাশ কৰা মতে, প্ৰায় 2018 চনৰ পৰাই স্বাস্থ্যজনিত কাৰণত মেঘালয়ত বাহৰ পাতি আছিল আলফা(স্বা) ৰ নেতা গৰাকীয়ে ৷ কিছু দিন ধৰি স্বাস্থ্যৰ জটিল সমস্যাত ভুগি আছিল দৃষ্টি ৰাজখোৱাই ৷ মেঘালয়তেই আত্মসমৰ্পণ কৰে নেতাগৰাকীয়ে ৷ ইতিমধ্যে মেঘালয়ৰ পৰা অসম আৰক্ষীয়ে গুৱাহাটীলৈ লৈ আহে দৃষ্টি ৰাজখোৱাক ৷ বৰ্তমান দৃষ্টি ৰাজখোৱা অসম আৰক্ষীৰ জিম্মাত আছে বুলি খবৰ পোৱা গৈছে ৷

drishti rakhowa surrendered
আলফা(স্বা)ৰ উপমুখ্য সেনাধ্যক্ষ দৃষ্টি ৰাজখোৱা

লগতে পঢ়ক : চিৰাঙত পুতি থোৱা অৱস্থাত উদ্ধাৰ বৃহৎ পৰিমাণৰ সজীৱ গুলি

Last Updated : Nov 12, 2020, 8:38 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.