ETV Bharat / state

ULFA I cadre neutralized: কেইবাটাও আক্ৰমণৰ ঘটনাত জড়িত উদয় আছিল আৰক্ষীৰ বাবে মূৰৰ কামোৰণি

author img

By

Published : Feb 9, 2023, 10:43 PM IST

আৰক্ষীৰ বাবে মূৰৰ কামোৰণি আছিল বুধবাৰে নিশা তিনিচুকীয়াত সেনা-আৰক্ষীৰ অভিযানত নিহত হোৱা উত্তম লাহন ওৰফে উদয় অসম (ULFA I cadre Uday Asom) ৷ সংযুক্ত মুক্তি বাহিনী অসম (স্বাঃ) ৰ চাৰ্জেন্ট মেজৰ উদয় অসমে উজনি অসমত সংঘটিত কৰিছিল কেইবাটাও আক্ৰমণৰ ঘটনা ৷ বৰডুমচা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ কলিতাৰ হত্যা, 2022 চনৰ 14 নৱেম্বৰত পেঙেৰীত সেনাৰ বাহনত আক্ৰমণ আদি কেইবাটাও ঘটনাত জড়িত আছিল কেডাৰজন (ULFA I cadre Uday Asom neutralized) ৷

ULFA I cadre neutralized
সেনা-আৰক্ষীৰ অভিযানত নিহত উদয় অসম
সেনা-আৰক্ষীৰ অভিযানত নিহত উদয় অসম

তিনিচুকীয়া, 9 ফেব্ৰুৱাৰী: বুধবাৰে নিশা প্ৰায় 1.30 বজাত আৰক্ষী আৰু আলফা (স্বাঃ)ৰ মাজত তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ লিডুৰ টিকক মালৌ পাহাৰত সংঘটিত হয় প্ৰচণ্ড গুলীয়াগুলী (Encounter between ULFA I Police in Tinsukia) ৷ এই সন্দৰ্ভত মাৰ্ঘেৰিটাৰ আৰক্ষী থানাত তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলীপে এখন সংবাদমেল সম্বোধন কৰে । সংৰ্ঘষত আলফা(স্বাঃ)ৰ বোমা বিশেষজ্ঞ তথা নিৰাপত্তা বাহিনীৰ বিৰুদ্ধে কেইবাটাও বোমা বিস্ফোৰণ সংঘটিত কৰা চাৰ্জেণ্ট মেজৰ উত্তম লাহন ওৰফে উদয় অসমৰ মৃত্যু হয় (ULFA I cadre Uday Asom neutralized) ৷

নিশা বিশেষ সূত্ৰে সম্ভেদ পাই আৰক্ষীয়ে মাৰ্ঘেৰিটাৰ লিডুৰ টিকক পাহাৰত নিশা চলাইছিল উগ্ৰপন্থীৰ বিৰুদ্ধে অভিযান ৷ সংবাদমেল সম্বোধন কৰাৰ সময়লৈকে ঘটনাস্থলীত আৰক্ষীৰ এটা বৃহৎ দলে আলফা(স্বাঃ) উগ্ৰপন্থীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে । উদয় অসম আৰু মৃগাংক অসমৰ নেতৃত্বত ধন সংগ্ৰহৰ উদ্দেশ্যে আলফাৰ(স্বাঃ) প্ৰায় 7-9 জনীয়া এটা দলে লিডু অঞ্চলত বাহৰ পতাৰ খবৰ লাভ কৰি আৰক্ষীয়ে অভিযান চলাইছিল (ULFA I cadre Uday Asom gunned down by Police)।

উল্লেখযোগ্য যে, যোৱা 8-10 দিনৰ পৰা মাৰ্ঘেৰিটা আৰু লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত এলেকাত আশ্ৰয় লৈ আছিল আলফা কেডাৰৰ প্ৰায় 7-9 জনীয়া দলে । তিনিচুকীয়া জিলাৰ এজন প্ৰভাৱশালী ব্যৱসায়ীক অপহৰণ কৰাৰ পৰিকল্পনা কৰিছিল দলটোৱে ৷ যাৰ জৰিয়তে ব্যৱসায়ীসকলৰ মাজত সন্ত্ৰাস সৃষ্টি কৰিবলৈ বিচাৰিছিল বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে (Uday Asom Killed in encounter)।

সমান্তৰালভাৱে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং আৰু উত্তৰ-পূৱ অসমৰ আৰক্ষী মহাপৰিদৰ্শক জিৎমল দলেৰ বিৰুদ্ধেও আলফাই (স্বাঃ) সম্ভৱত গ্ৰেণেড আক্ৰমণ কৰাৰ লগতে আই ই ডি স্থাপন কৰাৰো লক্ষ্য কৰি লোৱাৰ পৰিকল্পনা কৰিছিল বুলি অৱগত কৰে আৰক্ষী অধীক্ষক গৌৰৱ অভিজিৎ দিলীপে (ULFA I has targeted Assam police top officials) ।

আলফা স্বাধীনৰ নিহত কেডাৰ উত্তম লাহন ওৰফে উদয় অসমৰ ঘৰ চৰাইদেউ জিলাৰ সোণাৰিৰ পুৰণি জাবোকা গাঁৱত । 2012 চনত আলফা স্বাধীনত যোগদান কৰা উদয় অসম নিৰাপত্তা বাহিনীৰ বাবে বিশেষ মূৰৰ কামোৰণি হৈ পৰিছিল ৷ বিগত সময়ছোৱাত সেনা-আৰক্ষীৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক অভিযান সংঘটিত কৰিছিল উদয় অসমে । বিগত বৰ্ষৰ নৱেম্বৰ মাহৰ 14 তাৰিখে পেঙেৰীত সেনা বাহিনীৰ ওপৰত কৰা আক্ৰমণ, আৰক্ষী বিষয়া ভাস্কৰ কলিতাক হত্যা কৰাৰ লগতে কেইবাটাও তেনে ঘটনাৰ সৈতে জড়িত আছিল উদয় অসম (ULFA I activities in Assam) ৷

পুৱতি নিশা উগ্ৰপন্থীৰ বিৰুদ্ধে চলা অভিযানত আন্ধাৰৰ সুযোগ লৈ বাকী কেইজন কেডাৰ পলায়ন কৰে যদিও আৰক্ষীৰ গুলীত প্ৰাণ যায় উদয় অসমৰ ৷ মৃত উদয় অসমৰ পৰা আৰক্ষীয়ে এটা পিষ্টল, এটা AK চিৰিজৰ ৰাইফল, 2 টা গ্ৰেণেড, আই ই ডি সামগ্ৰী, ধন দাবী কৰা ব্যৱসায়ীৰ তালিকা, এখন কম্বল, ঔষধৰ লগতে কেতবোৰ আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰে বুলি জানিবলৈ দিয়ে আৰক্ষী অধীক্ষকে । উদয় অসমৰ মৃতদেহৰ তিনিচুকীয়া অসামৰিক চিকিৎসায়লত মৰণোত্তৰ পৰীক্ষা কৰি চৰাইদেউলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে বুলি সংবাদমেলত আৰক্ষী অধীক্ষকগৰাকীয়ে জনায় ৷

লগতে পঢ়ক: DGP on target: আলফা স্বাধীনৰ আক্ৰমণৰ তালিকাত ডিজিপি-আইজিপিৰ নাম !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.