তিনিচুকীয়া, 6 ডিচেম্বৰ : পাৰিপাৰ্শ্বিক পৰ্যটনৰ উন্নয়ন আৰু পৰিবেশ সংৰক্ষণৰ উদ্দেশ্যৰে ২০০৭ চনতে গঠিত হোৱা ৱেভ ইক'টুৰিজিমে ডিব্ৰু-ছৈখোৱা 'ইক' কেম্প(Dibru-Saikhowa Eco Camp) আৰু "চানাডুবি ইক" কেম্পৰ লগতে "ডিব্ৰু-ছৈখোৱা হোমষ্টে" প্ৰতিষ্ঠা কৰি উজনি আৰু নামনি অসমত পাৰিপাৰ্শ্বিক পৰ্যটন উন্নয়নৰ ক্ষেত্ৰত সক্রিয় ভূমিকা পালন কৰি আহিছে । ৱেভ ইক'টুৰিজিমে(Wave Ecotourism) শেহতীয়াকৈ ডিব্ৰুছৈখোৱাৰ থলুৱা জনগোষ্ঠীসমূহৰ পৰম্পৰাগত খাদ্য-প্ৰণালী সমূহক গুৰুত্ব প্ৰদান কৰি ডিব্ৰুছৈখোৱাৰ 'ইক কেম্পত "আখাশালি"(Akhahali) নামাৰে এক খাদ্যালয়ৰ ব্যৱস্থা কৰিছে ৷
তদুপৰি ডিব্ৰু-ছৈখোৱা আৰু অন্যান্য প্ৰকৃতি পৰ্যটন ক্ষেত্ৰসমূহক সাঙুৰি পৰ্যটকৰ বাবে যোগ ভ্ৰমণৰ বাবে "ট্ৰেভেল যুগা"(Travel Yuga) নামেৰে এক কেন্দ্ৰ স্থাপন কৰিছে ৷ ডিব্ৰুগড়স্থিত যোগ কেন্দ্ৰ "ঔম যোগ শালা" আৰু "ৱেভ ইক'টুৰিজিমৰ" যৌথ উদ্যোগত স্থাপন হোৱা "আখাশালি" আৰু "ট্ৰেভেল যুগা" শনিবাৰে আনুষ্ঠানিক ভাৱে উদ্বোধন কৰা হয়(Akhahali and Travel Yuga open for tourists) ।
এই উপলক্ষে আয়োজন কৰা অনুষ্ঠানত উপস্থিত থাকে অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা আৰু চাবুৱা সমষ্টিৰ বিধায়ক পোনাকন বৰুৱা। "আখাশালি" নামৰ খাদ্যালয়খনৰ উদ্বোধন কৰে অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাই আৰু "ট্ৰেভেল যুগা" নামৰ কেন্দ্ৰটোৰ উদ্বোধন কৰে চাবুৱা সমষ্টিৰ বিধায়ক পোনাকন বৰুৱাই ।
লগতে পঢ়ক: Omicron in Assam : ক'ভিডৰ নতুন ভেৰিয়েন্টক লৈ সম্পূৰ্ণৰূপে সাজু GMCH