ETV Bharat / state

অৰুণাচলত আটক অসমৰ কাঠ মাফিয়া ৰাজু মেধি - শদিয়া সমষ্টিৰ বিধায়ক বলিন চেতিয়াৰ অতি ঘনিষ্ঠ

ৰাজু মেধি নামৰ কাঠ মাফিয়াজন শদিয়া সমষ্টিৰ বিধায়ক বলিন চেতিয়াৰ অতি ঘনিষ্ঠ আছিল বুলি জানিব পৰা গৈছে ৷ ভুৱা চালান দেখুৱাই ট্ৰাক পাৰ কৰাব বিচাৰাতো আৰক্ষীয়ে আটক কৰে ৰাজু মেধিক ৷

ৰাজু মেধি
ৰাজু মেধি
author img

By

Published : Jun 23, 2020, 4:57 AM IST

শদিয়া, 23 জুনঃ অৰুণাচলত চোৰাংকৈ কাঠ সৰবৰাহ কৰিব গৈ আৰক্ষীৰ জালত পৰিল কাঠ ব্যৱসায়ী ৰাজু মেধি ৷ অৰুণাচলৰ পাচিঘাটত ভুৱা চালান দেখুৱাই তিনিখনকৈ ট্ৰাক পাৰ কৰাব বিছাৰিছিল ৷ তেতিয়াই আৰক্ষীয়ে কৌশলগতভাৱে মেধিক আটক কৰে ৷

জব্দ কৰা ট্ৰাক কেইখন
জব্দ কৰা ট্ৰাক কেইখন

ঘটনাৰ বিবৰণী মতে, কিছুদিন পূৰ্বে অৰুণাচলত আৰক্ষীয়ে জব্দ কৰিছিল চোৰাং কাঠ থকা AS 01 KC 6763, AS 01 F 9013 আৰু AS 06 BC 6467 নম্বৰৰ ট্ৰাক তিনিখন ৷ এই গাড়ী কেইখন মোকলাবলৈ গৈছিল মিন্টু বৰঠাকুৰ নামৰ এজন অধিবক্তা আৰু ৰাজু মেধিৰ ঘণিষ্ঠ বুলু আগৰৱাল নামৰ এজন লোক ৷ তেওঁলোক ৰয়িঙত উপস্থিত হোৱাৰ পাচত আৰক্ষীয়ে ৰাজু মেধি আহিলেহে ট্ৰাক কেইখন মুকলাই দিয়া হ'ব বুলি উল্লেখ কৰে ৷ তাৰ পাচতেই ৰয়িঙত গৈ উপস্থিত হয় ৰাজু মেধি ৷ তাত উপস্থিত হোৱাৰ পাচতে পেট্ৰল পাম্প এটাৰ পৰা খাপ পিটি থকা আৰক্ষীয়ে আটক কৰি সোধ পোচৰ বাবে লৈ যায় ৷

ৰাজু মেধিৰ পৰা এটা পিষ্টল, আঢ়ৈ লাখ টকা জব্দ কৰিছে আৰক্ষীয়ে

উল্লেখ্য যে, এইজন কাঠৰ ব্যৱসায়ী চতিয়াৰ বিধায়ক বলিন চেতিয়াৰ অতি ঘনিষ্ঠ বুলি জানিব পৰা গৈছে ৷ আনহাতে ৰাজু মেধিক গুৱাহাটীত এবাৰ বহু পৰিমানৰ ভাঙৰ সৈতেও গ্ৰেপ্তাৰ কৰিছিল ৷ ইয়াৰ লগতে ৰাজু মেধিৰ বিৰুদ্ধে মহিলাক যৌন নিৰ্যাতন কৰাৰ গোচৰ এটাৰো উচ্চ ন্যায়ালয়ত বিচাৰ চলি আছে বুলি জানিব পৰা গৈছে ৷

আৰক্ষীৰ জিম্মাত থকা ৰাজু মেধিৰ পৰা এটা পিষ্টল, আঢ়ৈ লাখ টকা জব্দ কৰিছে আৰক্ষীয়ে ৷

ৰাজনৈতিক নেতাৰ সৈতেও আছে ঘনিষ্ঠতা !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.