ETV Bharat / state

তিনিচুকীয়া নিৰ্বাচনী বিষয়াৰ উপস্থিতিত ডিগবৈত BLO সকলৰ প্ৰশিক্ষণ শিৱিৰ - খচৰা ভোটাৰ তালিকা

প্ৰকাশ পালে খচৰা ভোটাৰ তালিকা ৷ এই ক্ষেত্ৰত ভোটাৰ কাৰ্ডৰ সংশোধনীৰ প্ৰক্ৰিয়াৰ বাবে ডিগবৈ মহিলা মহাবিদ্যালয়ত বিভাগীয় BLO সকলক প্ৰশিক্ষণৰ এক ব্যৱস্থা কৰা হয় ৷ উপস্থিত থাকে তিনিচুকীয়া নিৰ্বাচনী বিষয়া কংকন জ্যোতি শইকীয়া

Training camp of BLO in digboi women college
তিনিচুকীয়া নিৰ্বাচনী বিষয়া উপস্থিতিত ডিগবৈত BLO সকলৰ প্ৰশিক্ষণ শিৱিৰ
author img

By

Published : Nov 1, 2021, 10:38 PM IST

তিনিচুকীয়া, 1 নৱেম্বৰ : সোমবাৰে ভোটাৰ কাৰ্ডৰ সংশোধনীৰ প্ৰক্ৰিয়াৰ বাবে ডিগবৈ মহিলা মহাবিদ্যালয়ত বিভাগীয় BLO সকলক প্ৰশিক্ষণ দিয়ে তিনিচুকীয়া নিৰ্বাচনী বিষয়া কংকন জ্যোতি শইকীয়াই । শইকীয়াই কয় যে, ভাৰতৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি ১ নৱেম্বৰ তাৰিখে বিশেষ সংক্ষিপ্ত সংশোধনী ২০২২ৰ প্ৰক্ৰিয়াৰ জৰিয়তে খচৰা ভোটাৰ তালিকা প্ৰকাশ পাইছে ।

১৮ বছৰৰ উৰ্ধৰ যিসকল ৰাইজে এতিয়ালৈকে নিজৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰা নাই বা ১ জানুৱাৰী ২০২২ লৈকে যিসকলৰ ১৮ বছৰ সম্পূৰ্ণ হৈছে তেওঁলোকে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিব পাৰিব । তাৰ কাৰণে ৰাইজে তেওঁলোকৰ স্থানীয় BLO (বুথ পৰ্যায়ৰ বিষয়া) সকলক লগত যোগাযোগ কৰি ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত আৰু শুধৰণি কৰিব পাৰিব ।

তিনিচুকীয়া নিৰ্বাচনী বিষয়া উপস্থিতিত ডিগবৈত BLO সকলৰ প্ৰশিক্ষণ শিৱিৰ

লগতে পঢ়ক: বিৰক্ত জনতা : উপ নিৰ্বাচনে দি গ’ল কিহৰ ইংগিত

নাম নতুনকৈ ভৰ্তি কৰিবলৈ ৬নং ফৰ্ম , নাম শুধৰণি আৰু কৰ্তন কৰিবলৈ ৭ নং আৰু ৮ নং ফৰ্ম আৰু একেটা সমষ্টিৰ পৰা এটা কেন্দ্ৰৰ পৰা অন্য এটা কেন্দ্ৰলৈ বদলি কৰিবলৈ ৮ নং ফৰ্মৰ জৰিয়তে আবেদন কৰিব পাৰিব । এই প্ৰক্ৰিয়া অনলাইন আৰু অফলাইন দুয়োটা প্ৰক্ৰিয়াৰে কৰিব পাৰিব ।

www.nvsp.com ৱেবচাইটৰ জৰিয়তে অনলাইন আবেদন কৰিব পাৰিব সকলোৱে । গতিকে, ভোটাৰ কাৰ্ডৰ সংশোধনীৰ প্ৰক্ৰিয়াত নিয়োজিত কৰিব পৰাকৈ সোমবাৰে ডিগবৈ মহিলা মহাবিদ্যালয়ত বিভাগীয় BLO সকলক প্ৰশিক্ষণ দিয়া হয় বুলি জানিবলৈ দিয়ে নিৰ্বাচনী বিষয়া কংকন জ্যোতি শইকীয়াই ৷

লগতে পঢ়ক: তেজপুৰ নিৰ্বাচন জিলাৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.