ETV Bharat / state

দুই বাইক আৰোহীক কিয় প্ৰহাৰ কৰিলে তিনিচুকীয়া আৰক্ষীয়ে ?

author img

By

Published : Jul 7, 2021, 10:03 PM IST

তিনিচুকীয়াত যান-বাহন আৰক্ষী শাখাৰ অতপালি ৷ কৰ্তব্যৰত যানবাহন আৰক্ষীয়ে মাৰপিট কৰা অভিযোগ দুজন মটৰচাইকেল আৰোহীৰ বিৰুদ্ধে ৷ যাক লৈ এতিয়া সৰ্বত্ৰে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷

traffic police beaten two men at tinsukia
তিনিচুকীয়াত যান-বাহন আৰক্ষীৰ উদ্ভণ্ডালি

তিনিচুকীয়া, 7 জুলাই : সমগ্ৰ অসমতে এতিয়া ক'ৰণাৰ বিভীষিকা । অসম আৰক্ষী সঞ্চালক তথা ৰাজ্য চৰকাৰেও ক’ভিডৰ ভয়াবহতা নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীক কঠোৰ হ’বলৈ নিৰ্দেশ জাৰি কৰিছে । কিন্তু তেনে সময়তে মঙলবাৰে দিনৰ ভাগত তিনিচুকীয়াত সংঘটিত হৈছে এক অঘটন ৷

এইবাৰ আৰক্ষীয়ে উদ্ভণ্ডালি কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ এই অভিযোগ উত্থাপন কৰিছে তিনিচুকীয়াৰ দুজন ব্যক্তিয়ে ৷ অভিযোগ অনুসৰি, আৰক্ষীয়ে তিনিচুকীয়াৰ দুজন ব্যক্তিক প্ৰহাৰো কৰে ৷

ঘটনাৰ বিৱৰণি অনুসৰি, তিনিচুকীয়াৰ দুজন ব্যক্তিয়ে একেখন বাইকত উঠি লালবাংলাৰ নিজ বাসগৃহৰ পৰা পাঁচ আলি অভিমুখে আহি আছিল ৷ তেনে সময়তে বাইক আৰোহী দুজন মুখামুখি হ’ল কৰ্তব্যৰত অৱস্থাত থকা যান-বাহন আৰক্ষী সৈতে ৷

বাইক আৰোহী দুজনে ৰাজ্য প্ৰশাসনে জাৰি কৰা নিৰ্দেশনাক অবমাননা কৰাৰ বাবে আৰক্ষীৰ ওচৰত ক্ষমা বিচাৰে ৷ আনকি ভুলবশতঃ প্ৰশাসনে জাৰি কৰা নিৰ্দেশনাক অবমাননা কৰাৰ হেতুকে বাইক আৰোহী দুগৰাকীয়ে জৰিমনা দিবলৈয়ো প্ৰস্তুত হয় ৷ কিন্তু বাইক আৰোহী দুগৰাকীৰ কোনো কথাই শুনিবলৈ প্ৰস্তুত নহয় কৰ্তব্যৰত যান-বাহন আৰক্ষী ৷

তাৰ বিপৰীতে কৰ্তব্যৰত যান-বাহন আৰক্ষীয়ে ৰুদ্ৰ মূৰ্তি ধাৰণ কৰি বাইক আৰোহী এজন যুৱকক মাৰপিট কৰে । আৰক্ষীৰ লাঠীৰ কোবত যুৱক জনৰ পিঠিত যথেষ্ট আঘাত পাই আৰু প্ৰাণৰ মমতাত সেই স্থানৰ পৰা বাইক আৰোহীজনে পলায়ন কৰে । এই ঘটনাক কেন্দ্ৰ কৰি তিনিচুকীয়াত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ বাইক আৰোহী দুগৰাকীয়ে নিজৰ ভুল স্বীকাৰ কৰাৰ পাচতো যান-বাহন আৰক্ষীয়ে জধে-মধে প্ৰহাৰ কৰাক লৈ সৰ্বত্ৰে এতিয়া চৰ্চিত হৈছে যান-বাহন আৰক্ষীৰ এই কাৰ্য ৷

লগতে পঢ়ক: সোণালী আখৰেৰে লিখা গুৰু গ্ৰন্থ চাহিব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.