ETV Bharat / state

House helper woman torture: চৰকাৰী বিষয়াৰ বাসগৃহত বনকৰা যুৱতীৰ ওপৰত অকথ্য নিৰ্যাতন

পুনৰ তিনিচুকীয়াত বনকৰা যুৱতীৰ ওপৰত চলোৱা শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলোৱাৰ খবৰ পোহৰলৈ আহিছে ৷ ঘৰৰ মুৰব্বীয়ে বনকৰা যুৱতীক প্ৰহাৰৰ লগতে, গুপ্তাংগত আঘাত আৰু হত্যাৰ ভাবুকি দিয়াৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে ৷

House helper woman torture
চৰকাৰী বিষয়াৰ বাসগৃহত বনকৰা যুৱতীৰ ওপৰত অকথ্য নিৰ্যাতন
author img

By ETV Bharat Assamese Team

Published : Nov 3, 2023, 1:45 PM IST

চৰকাৰী বিষয়াৰ বাসগৃহত বনকৰা যুৱতীৰ ওপৰত অকথ্য নিৰ্যাতন

তিনিচুকীয়া, ৩ নৱেম্বৰ: ৰাজ্যত সঘনে সম্ভ্ৰান্ত ঘৰত বনকৰা যুৱতীৰ ওপৰত চলোৱা শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলোৱাৰ খবৰে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে ৷ বৃহস্পতিবাৰে পুনৰ তিনিচুকীয়াত সংঘটিত হৈছে এনে এক অনুৰূপ ঘটনা ৷ তিনিচুকীয়াত এগৰাকী চৰকাৰী বিষয়াৰ ঘৰত থকা বনকৰা যুৱতীক প্ৰহাৰ কৰাৰ লগতে মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগত খোদ ভুক্তভোগীয়ে তিনিচুকীয়া সদৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে ৷

তিনিচুকীয়াৰ চৰকাৰী বিষয়া হিচাপে কৰ্মৰত অৰুণাভ ৰাভা নামৰ এজন লোকৰ বিৰুদ্ধে সদৰ আৰক্ষী থানাত ভুক্তভোগী যুৱতীগৰাকীয়ে বৃহস্পতিবাৰে নিশা এজাহাৰ দাখিল কৰে ৷ ভুক্তভোগী যুৱতীগৰাকীৰ ভাষ্য অনুসৰি, যুৱতীগৰাকীয়ে প্ৰায় এবছৰৰ পৰা অৰুণাভ ৰাভা নামৰ লোকজনৰ ঘৰত কৰ্মৰত আছিল ৷ সৰু সৰু কথাতে দম্পতীটোৱে মাৰধৰ কৰে যুৱতীগৰাকীক ৷ আনকি পৰিয়ালটো কৰবালৈ গ’লে যুৱতীগৰাকী ক’লৈকো যাবলৈ নোৱাৰাকৈ ঘৰত বন্দী কৰি থৈ যোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বনকৰা যুৱতীগৰাকীয়ে ।

শেহতীয়াকৈ মঙলবাৰে ভুক্তভোগী যুৱতীগৰাকীক পুনৰ দম্পতীটোৱে মাৰধৰ কৰাৰ খবৰ তিনিচুকীয়া আৰক্ষীয়ে লাভ কৰাৰ পিচতে আৰক্ষীয়ে নিজাববীয়াকৈ যুৱতীগৰাকীক উদ্ধাৰ কৰি চিকিৎসা সেৱা প্ৰদান কৰে ৷ পৰৱৰ্তী সময়ত বৃহস্পতিবাৰে নিশা তিনিচুকীয়া সদৰ আৰক্ষী থানাত ভুক্তভোগী যুৱতীগৰাকীয়ে এজাহাৰ দাখিল কৰে ৷

ইয়াৰ পিচতে আটছাৰ লগতে মহিলা সমিতিয়ে অভিযুক্ত অৰুণাভ ৰাভাৰ লগতে ৰাভাৰ পত্নীক আৰক্ষীয়ে আটক কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰে ৷ এগৰাকী যুৱতীয়ে আৰ্থিক দুৰ্বলতাৰ কাৰণে কৰবাত কাম কৰাৰ সুবিধা লৈ যুৱতীগৰাকীৰ শৰীৰৰ ব্যক্তিগত অংশত প্ৰহাৰ কৰাৰ ঘটনাক কেতিয়াও সহ্য কৰা নহ’ব বুলি আটছাৰ লগতে মহিলা সমিতিয়ে তীব্ৰ হুংকাৰ প্ৰদান কৰে ৷ অতি সোনকালে যদি দম্পতীক আটক কৰি উচিত ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ ভাবুকি দিয়ে সংগঠনদ্বয়ে ৷

লগতে পঢ়ক: Prisoner fight: কাৰাগাৰৰ কুঠৰীত তয়াময়া ৰণ, 5 দিনৰ অন্তত নিয়তিৰ ওচৰত হাৰ মানিলে আব্দুলে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.