ETV Bharat / state

Enterprising young of Tinsukia : অলিম্পিয়াত অংশগ্ৰহণৰ আশা পুহি ৰাখিছে তিনিচুকীয়াৰ বিপুলে

author img

By

Published : Jun 30, 2023, 2:02 PM IST

ফাষ্টফুডৰ ব্যৱসায়ৰে স্বাৱলম্বী হোৱাৰ প্ৰয়াস তিনিচুকীয়াৰ বিশেষভাৱে সক্ষম যুৱক বিপুল চেতিয়াৰ ৷ সমান্তৰালভাৱে শৰীৰ চৰ্চাৰে কঢ়িয়াই আনিছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ সুনাম ৷

self emplyoed by food stall
অলিম্পিয়াত অংশগ্ৰহণৰ আশা পুহি ৰাখিছে তিনিচুকীয়াৰ বিপুলে

তিনিচুকীয়া, 30 জুন: তিনিচুকীয়া জিলাৰ শ্ৰীপুৰীয়া 700 নম্বৰ গেটৰ বিশেষভাৱে সক্ষম যুৱক বিপুল চেতিয়াই কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মান ৷ স্বৰ্গীয় লোহিত চেতিয়া আৰু গিতালী চেতিয়াৰ পুত্ৰ বিপুল চেতিয়া (30) চতুৰ্থ শ্ৰেণীত পঢ়ি থকাৰ সময়তে পিতৃহাৰা হয় ৷ তাৰ পিচৰে পৰা অৰ্থাৎ দশম শ্ৰেণীত অধ্যয়নৰত সময়ৰ পৰাই বিপুল চেতিয়াই নিজৰ পঢ়াৰ খৰচ উলিয়াবলৈ বজাৰত বিক্ৰী কৰিছিল শাক-পাচলি ৷ পৰৱৰ্তী সময়ত আৰ্থিক, শাৰিৰীক প্ৰতিবন্ধকতাক নেওচি বিপুলে 2011 চনৰ পৰা আৰম্ভ কৰে শৰীৰ চৰ্চা ৷

tINSUKIA Bodybuilder Bipul Chetia

সমান্তৰালভাৱে 2013 চনৰ পৰা নিজৰ ঘৰৰ সন্মুখতে এখন মাংসৰ দোকান আৰম্ভ কৰে যদিও পৰৱৰ্তী সময়ত মাংসৰ দোকান অধিক হোৱাত ব্যৱসায় সলনি কৰাৰ সিদ্ধান্ত লয় উদ্যমী যুৱক বিপুলে ৷ মাংস দোকানৰ কাষতেই 2018 চনৰ পৰা বিপুলে আৰম্ভ কৰে ফাষ্টফুটৰ ব্যৱসায় ৷ ম’ম, ফ্ৰাইড ৰাইছ, কাবাব, ললীপপ, চাওমিনকে আদি কৰি গ্ৰাহকে খায় ভালপোৱা অধিকাংশ খাদ্যই উপলব্ধ বিপুল চেতিয়াৰ "ইট ম’ৰ” নামৰ ফাষ্টফুটৰ ঠেলাখনত ৷ আবেলি তিনি বজাৰ পৰা নিশা 10 বজালৈ ফাষ্টফুডখন প্ৰতিদিনেই বিপুলে মাতৃৰ সহযোগত চলাই আহিছে বুলি জানিবলৈ দিয়ে ।

উল্লেখনীয় যে, পলিঅ’ ৰোগত আক্ৰান্ত বিপুলৰ শাৰিৰীকভাৱে কিছু দুৰ্বল যদিও মনত আছে বিপুলৰ অদম্য সাহস আৰু লক্ষ্য, যাৰ জৰিয়তে কিছুদিনৰ পূৰ্বে বিপুলে কঢ়িয়াই আনিছে এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মান ৷ 16-21 জুনলৈ International Health, Sports & Fitness body building association য়ে দিল্লীত অনুষ্ঠিত কৰা Star category ( Physically challenge) প্ৰতিযোগিতাত একেৰাহে IHFF Olympia pro qualifier 1st Runner Up Silver medel, BBSA Mr Asia Winner Gold Medal আৰু FBBA National winner gold মেডেল লাভ কৰি তিনিচুকীয়া জিলাৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনে বিপুলে ৷ 2011 চনৰ পৰা বিপুলে এই পয্যন্ত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দুটা, ৰাষ্ট্ৰীয় পৰ্যায়ত চাৰিটাকৈ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে বুলি জানিবলৈ দিয়ে ৷

বিপুলৰ সপোন আগন্তুক অলিম্পিয়াত অংশগ্ৰহণ কৰি প্ৰথমজন অসমীয়া হিচাপে বঁটা আঁজুৰি আনিবৰ বাবে, যাৰ কাৰণে সময়-সুবিধা মিলায় অব্যাহত ৰাখিছে অনুশীলন ৷ বিপুল চেতিয়াই পুৱাৰ ভাগত জীম প্লেনেট গেৰাণ্টীত অনুশীলন কৰাৰ পাছত তিনি বজাৰ পৰা নিশা 10 বজালৈ চলাই ব্যৱসায় ৷ উক্ত জিমটোৰ গৰাকী মিন্টু গগৈয়ে বিপুলৰ দৰিদ্ৰতা আৰু সংগ্ৰামৰ কথা উপলব্ধি কৰি 2018 চনৰ পৰা বিনামূলীয়াকৈ জিমটোত সৰীৰ চৰ্চা কৰিবলৈ সুযোগ প্ৰদানৰ লগতে প্ৰতিটো মূহূৰ্তত উৎসাহ প্ৰদান কৰি আহিছে বুলি জানিবলৈ দিয়ে বিপুলে ৷ তিনিচুকীয়াৰ বিপুল চেতিয়াৰ এই সংগ্ৰামী জীৱন গাথা বহুতৰে বাবে অনুপ্ৰেৰণাৰ উৎস ৷

লগতে পঢ়ক : GP Singh Tweet : ঘগ্ৰাপাৰ কাণ্ডই হতাশাত ভোগাইছে আৰক্ষী সঞ্চালক প্ৰধানক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.