ETV Bharat / state

Tragic incident : আমগুৰিত একেলগে জ্বলিল দুই ভাতৃৰ চিতা - Tinsukia two brothers death in road accident

তিনিচুকীয়াত শোকাকুল পৰিৱেশ । পশ্চিমবংগৰ দুৰ্ঘটনাত মৃত্যু হোৱা দুই ভাতৃৰ মৃতদেহ বাসগৃহত উপস্থিত হোৱাৰ লগে লগে অবৰ্ণনীয় পৰিৱেশ (West Bengal accident)। শ শ লোকৰ ভিৰ আমগুৰি গাঁৱত ।

Tragic incident
আমগুৰিত একেলগে জ্বলিল দুই ভাতৃৰ চিতা
author img

By

Published : Feb 11, 2023, 2:11 PM IST

Updated : Feb 11, 2023, 8:24 PM IST

আমগুৰিত একেলগে জ্বলিল দুই ভাতৃৰ চিতা

তিনিচুকীয়া, ১১ ফেব্ৰুৱাৰী: তিনিচুকীয়া জিলাৰ আমগুৰিত শোকাকুল পৰিৱেশ (Tragic situation in Tinsukia)। একেলগে জ্বলিল দুই ভাতৃৰ চিতা । অগণন লোকে ভিৰ কৰিলে আমগুৰি গাঁৱত । শোকস্তব্ধ সমগ্ৰ অঞ্চলটোৰ লোক ।

পশ্চিমবংগৰ বাগডৌগ্ৰাত পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যুক আঁকোৱালি লোৱা দুই ভাতৃৰ মৃতদেহ বাসগৃহত উপস্থিত হোৱাৰ পাছতে তিনিচুকীয়া জিলাৰ ফিল'বাৰীৰ আমগুৰিত শোকাকূল পৰিৱেশে বিৰাজ কৰে (Two brothers killed in accident)। আমগুৰি গাঁৱৰ প্ৰভুৰাম শৰ্মাৰ দুই পুত্ৰ ক্ৰমে বিজয় শৰ্মা আৰু মাধৱ শৰ্মাৰ নশ্বৰ দেহ আহি পোৱাৰ পাছতে পৰিয়ালৰ লোকসকল কান্দোনত ভাগি পৰিছে । অমায়িক তথা নম্র স্বভাৱৰ বাবে সকলোৰে মাজত প্ৰিয় ভাতৃদ্বয়ৰ মৃত্যুৰ খবৰে অঞ্চলবাসীকো শোকস্তব্ধ কৰি তুলিছে ।

উল্লেখ্য যে, এখন বিশেষ এম্বুলেন্সেৰে দুয়োগৰাকী ভাতৃৰ মৃতদেহ পশ্চিমবংগৰ পৰা ফিল'বাৰীলৈ অনা হৈছে । পাছত মইলা নৈৰ পাৰৰ পুণ্যজান গাঁৱৰ শ্মশানঘাটত একেলগে দুয়োগৰাকী ভাতৃৰ শেষকৃত্য সম্পন্ন কৰা হয় । জানিব পৰা মতে চকুৰ চিকিৎসাৰ বাবে যোৱা ৮ ফেব্ৰুৱাৰীত ঘৰৰ পৰা ৰে'লেৰে দুয়োগৰাকী ভাতৃ নেপাল লৈ গৈছিল । ৯ ফেব্ৰুৱাৰীৰ পুৱা ৰে'লৰ পৰা নামি নিউ জলপাইগুড়িৰ পৰা এখন যাত্রীবাহী বাহনৰে নেপাললৈ বুলি যাত্ৰা কৰিছিল তিনিচুকীয়াৰ দুই ভাতৃয়ে । বাহনখনৰ সন্মুখৰ আসনত বহি চিকিৎসাৰ বাবে নেপাললৈ বুলি যাত্ৰা কৰিছিল দুয়োগৰাকীয়ে ।

কিন্তু যাত্রাপথতে তেওঁলোকৰ বাহনখন পশ্চিমবংগৰ বাগডৌগ্ৰাৰ কেস্তাপুৰ নামৰ ঠাইত দুৰ্ঘটনাগ্ৰস্ত হয় । তেওঁলোকৰ বাহনখন ৰখাই থোৱা অৱস্থাত এখন ট্ৰাকে খুন্দা মৰাৰ ফলত থিতাতে মৃত্যু হয় দুয়োগৰাকী ভাতৃৰ (Tinsukia two man death in Bagdora accident)। পৰৱৰ্তী সময়ত তেওঁলোকৰ মোবাইল ফোন আৰক্ষীয়ে উদ্ধাৰ কৰি অসমত থকা তেওঁলোকৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰে ।

আৰক্ষীয়ে যোগাযোগ কৰাৰ পাছতে ততালিকে পৰিয়ালৰ দুগৰাকীমান সদস্যই বিমানযোগে গৈ উক্ত স্থানত উপস্থিত হয় । কিন্তু দুই ভাতৃৰ ইতিমধ্যে মৃত্যু হয় (Tinsukia two brothers death in road accident)।

ইফালে ভাতৃদ্বয়ৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ অন্তত তিনিচুকীয়াৰ নিজা বাসগৃহলৈ অনা হয় (Tragic accident in Bagdogra) ৷ দুয়োটা মৃতদেহসহ এম্বুলেন্সখন ঘৰত আহি পোৱাৰ লগে লগে অবৰ্ণনীয় পৰিৱেশে বিৰাজ কৰিছে । শ শ লোকে তেওঁলোকৰ ঘৰত ভিৰ কৰে । এনেধৰণৰ ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে সকলোৱে প্ৰাৰ্থনা কৰিছে ।

লগতে পঢ়ক :Sankaradeva Sangha Conference: শঙ্কৰদেৱ সংঘৰ অধিৱেশনলৈ আহি থকাৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত বাছ

Last Updated : Feb 11, 2023, 8:24 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.