তিনিচুকীয়া, ১৫ জানুৱাৰী : ভোগৰ উৎসৱ ভোগালী বিহুৰ আনন্দত এতিয়া অসমৰ সৰ্বসাধাৰণৰ গা সাতখন-আঠখন । পৰম্পৰাগত ৰাতি-নীতিৰে সমগ্ৰ ৰাজ্যতে সোমবাৰে উদযাপন কৰা হৈছে মাঘ বিহু । ইয়াৰ পূৰ্বে দেওবাৰে ভেলাঘৰত লগে-ভাগে এসাঁজ খোৱাৰ লগতে মেজি জ্বলাই অগ্নি দেৱতাক প্ৰাৰ্থনা জনোৱা হয় । ভোগালীৰ আনন্দত এতিয়া একপ্ৰকাৰ মতলীয়া সকলোৱে ।
এইক্ষেত্ৰত পিছপৰি থকা নাই আৰক্ষী বাহিনীৰ লোকসকলো । জনতাৰ সেৱাৰ্থে ঘৰ-পৰিয়ালৰ পৰা দূৰৈত সদাব্যস্ত হৈ থকা তিনিচুকীয়াৰ আৰক্ষী জোৱানসকলে নাচিবাগি পালন কৰে ভোগৰ উৎসৱ ভোগালী বিহু ৷ তিনিচুকীয়াৰ নখৰাইস্থিত আৰক্ষী ছাউনিত আয়োজন কৰা ভোগালী বিহুৰ মেজিত তামোল-পাণ আগবঢ়াই সেৱা কৰি জুই জ্বলায় তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলীপে ৷
মেজিত জুই জ্বলোৱাৰ পাছত আৰক্ষী অধীক্ষকগৰাকীৰ লগতে কৰ্তব্যৰত আৰক্ষী বিষয়া তথা জোৱানসকলে ঢোলৰ চাপত কঁকাল ভাঙি বিহু নাচি আনন্দ উল্লাস কৰাও পৰিলক্ষিত হয় । পৰৱৰ্তী সময়ত আৰক্ষী অধীক্ষকগৰাকীৰ সমান্তৰালভাৱে অন্যসকলেও টেকেলি ভঙা, চকী খেল আদি পৰম্পৰাগত খেল-ধেমালিত অংশগ্ৰহণ কৰি আনন্দ উপভোগ কৰাৰ লগতে ভোগালীৰ জলপানৰ সোৱাদ গ্ৰহণ কৰে ৷
উল্লেখ্য যে মাঘ বিহু উপলক্ষে সোমবাৰে অসমবাসীক শুভেচ্ছা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । লগতে গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডায়ো অসমবাসীক শুভেচ্ছা জনায় ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমীয়াতে অসমবাসীলৈ মাঘ বিহুৰ শুভেচ্ছা জনায় । এক্স হেণ্ডেলত তেওঁৰ শুভেচ্ছাবাৰ্তাত লিখিছে, "মাঘ বিহুৰ শুভেচ্ছা যাচিছোঁ । প্ৰকৃতিৰ ফচলৰ সৌন্দৰ্যই সকলোৰে জীৱনলৈ আশা আৰু আনন্দ কঢ়িয়াই আনক । আগন্তুক সময়বোৰ সুখ আৰু আশাৰে ভৰি পৰক ।"
আনহাতে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীক ভোগালীৰ ওলগ জনোৱাৰ লগতে প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী আৰু বিজেপিৰ সভাপতিক ধন্যবাদ জ্ঞাপন কৰে ।
লগতে পঢ়ক :ভোগালী বিহু উপলক্ষে নগাঁৱৰ নেহৰুবালিত ভোগালী উৎসৱ