ETV Bharat / state

Pranjal Moran Murder Case : বস্তাৰ ভিতৰত উদ্ধাৰ প্ৰাঞ্জল মৰাণৰ মৃতদেহ - DGP GP Singh tweet on Pranjal Moran case

অৱশেষত যৱনিকা পৰিল প্ৰাঞ্জল মৰাণ নিৰুদ্দেশ তথা হত্যাকাণ্ডৰ ৰহস্যঘন নাটৰ । বিগত প্ৰায় তিনি মাহে নিৰুদ্দেশ হৈ থকা প্ৰাঞ্জল মৰাণ নামৰ লিডুৰ কয়লাখনিৰ শ্ৰমিকজনৰ মৃতদেহ অৱশেষত শুকুৰবাৰে উদ্ধাৰ হয় (Pranjal Moran body recovered) । লগে লগে বিগত জানুৱাৰী মাহৰ পৰা গভীৰ অনিশ্চয়তা আৰু ৰহস্যৰ আৱৰ্তত সোমাই পৰা প্ৰাঞ্জল মৰাণ কাণ্ডৰ ৰহস্যভেদ হয় ।

Pranjal Moran body recovered
Pranjal Moran body recovered
author img

By

Published : Apr 7, 2023, 11:08 AM IST

প্ৰাঞ্জল মৰাণৰ মৃতদেহ উদ্ধাৰ

তিনিচুকীয়া, ৭ এপ্ৰিল : সুদীৰ্ঘ দিনৰ অনিশ্চয়তা, দুঃশ্চিন্তা আৰু ন্য়ায়ৰ যুঁজৰ অন্তত অৱশেষত উদ্ধাৰ হ'ল প্ৰাঞ্জল মৰাণৰ মৃতদেহ (Pranjal Moran body recovered) । তিনিচুকীয়া জিলাৰ লিডুৰ কয়লা খনিত ১২ জানুৱাৰীৰ পৰা নিৰুদ্দিষ্ট হৈ থকা মাকুম শুকানী গাঁৱৰ প্ৰাঞ্জল মৰাণৰ মৃতদেহ অৱশেষত উদ্ধাৰ হয় (Pranjal Moran missing case) ।

শুকুৰবাৰে পুৱাতেই অসম আৰক্ষীৰ মহাপৰিদৰ্শক জিৎমল দ’লেয়ে (IGP Jitmal Dole) প্ৰাঞ্জল মৰাণৰ পত্নী উৰ্বশী মৰাণক ফোন কৰি প্ৰাঞ্জল মৰাণৰ মৃতদেহ উদ্ধাৰৰ কথা অৱগত কৰে । আনহাতে, লিডুৰ মৃতদেহ উদ্ধাৰস্থলীলৈ পৰিয়ালৰ লোক আহিব পাৰিব বুলি মহাপৰিদৰ্শকগৰাকীয়ে প্ৰকাশ কৰে (Lidu coal field murder case) । লগতে সন্ধিয়ালৈকে মৃতদেহটো পৰিয়ালৰ হাতত অৰ্পণ কৰিব পৰা যাব বুলিও তেওঁ ফোনযোগে নিশ্চিতি প্ৰদান কৰে । ইফালে আইজিপিৰ পৰা এই বাৰ্তা লাভ কৰাৰ পাচতেই নিহত প্ৰাঞ্জল মৰাণৰ পত্নী উৰ্বশী মৰাণে লিডুৰ কয়লা খনিৰ মৃতদেহ উদ্ধাৰ হোৱা স্থানলৈ যাত্ৰা আৰম্ভ কৰিছে ৷

সমান্তৰালভাৱে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙেও (DGP GP Singh tweet on Pranjal Moran case) টুইট কৰি প্ৰাঞ্জল মৰাণৰ মৃতদেহ উদ্ধাৰ হোৱাৰ কথাটো ঘোষণা কৰে । লগতে এই ঘটনাৰ উচিত তদন্ত কৰা হ’ব বুলিও তেওঁ উল্লেখ কৰে ৷ উল্লেখযোগ্য যে বিগত ১২ জানুৱাৰীৰ পৰা নিৰুদ্দিষ্ট হৈ আছিল লিডুৰ কয়লা খনিত কৰ্মৰত মাকুমৰ প্ৰাঞ্জল মৰাণ (Pranjal Moran murder case) । ইফালে প্ৰাঞ্জল মৰাণৰ ঘটনাৰ সন্দৰ্ভত যোৱা ৪ ফেব্ৰুৱাৰীতে লিডু আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছিল যদিও তদন্তত ক'ৰবাত সুৰুঙা ৰৈ গৈছিল । যাৰ কাৰণে পত্নী উৰ্বশী মৰাণে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ কাষ চাপিবলগা হৈছিল ৷

পৰৱৰ্তী সময়তে জি পি সিঙে সমগ্ৰ ঘটনাৰ বুজ লোৱাৰ পাচত IGP জিৎমল দলেক উক্ত ঘটনাৰ তদন্ত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰি ৭ এপ্ৰিলৰ সময়সীমা নিৰ্ধাৰণ কৰি দিছিল ৷ তাৰ পাচতে IGP জিৎমল দলেৰ নেতৃত্বত আৰম্ভ হয় সমগ্ৰ ঘটনাৰ তদন্ত ৷ প্ৰথম পৰ্যায়ত ৰূপ চাই কুজুৰ আৰু বাবু পাহাৰ নামৰ দুই কয়লা চোৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল । উল্লেখ্য, দুয়োজনেই প্ৰাঞ্জল মৰাণৰ মৃতদেহ সমাধিস্থ কৰাৰ স’তে জড়িত আছিল ৷

পৰৱৰ্তী সময়ত ধৃত দুয়োকে লৈ আৰক্ষীয়ে অব্যাহত ৰাখিছিল মৃতদেহ উদ্ধাৰ অভিযান ৷ এছ ডি আৰ এফ, উদ্ধাৰকাৰী বিশেষ দল, ক’ল ইণ্ডিয়া, আৰক্ষীয়ে অবিৰতভাৱে উদ্ধাৰ অভিযান চলাইছিল যদিও বাৰে বাৰে ব্যৰ্থ হ’ব লগা হৈছিল ৷ অৱশেষত শুকুৰবাৰে, অৰ্থাৎ তদন্তৰ সময়সীমাৰ শেষৰ দিনা পুৱাতেই উদ্ধাৰ কৰিবলৈ সক্ষম হয় প্ৰাঞ্জল মৰাণ মৃতদেহ ৷

অৱশ্যে মৃতদেহটো উদ্ধাৰ কৰি অনাৰ পাচতে চৌদিশে দুৰ্গন্ধ বিয়পি পৰে ৷ আনহাতে, প্ৰাঞ্জল মৰাণৰ মৃতদেহ উদ্ধাৰ কৰা হ'ল যদিও এজাহাৰত মূল অভিযুক্ত হিচাবে নাম সন্নিৱিষ্ট কৰা বি গণেশক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’ব নে মৃতদেহ উদ্ধাৰ আৰু সমাধিস্থ কৰাৰ স’তে জড়িত দুজনক গ্ৰেপ্তাৰ কৰিয়েই দায়িত্ব সামৰিব সেয়া পৰৱৰ্তী সময়ত লক্ষ্যনীয় হ’ব ৷

লগতে পঢ়ক :Pranjal Moran Case Update: প্ৰায় তিনিমাহৰ অন্তত লিডুৰ কয়লাখনিত উদ্ধাৰ নিৰুদ্দিষ্ট প্ৰাঞ্জল মৰাণৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.