তিনিচুকীয়া,20 ডিচেম্বৰ : তিনিচুকীয়াত সদৌ অসম কৈৱৰ্ত ছাত্ৰ সন্থাৰ ৰাজহুৱা সভা ৷ দেওবাৰে তিনিচুকীয়াৰ সাহিত্য সভা ভৱনত অনুষ্ঠিত কৰা হয় ছাত্ৰ সংগঠনটোৰ এক ৰাজহুৱা সভা ৷ শিক্ষিত সমাজ গঢ়া তথা কৈৱৰ্ত সমাজৰ অধিকাৰ সমূহৰ সন্দৰ্ভত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে এই সভাত কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰে সংগঠনটোৱে ৷
আনহাতে, এই ৰাজহুৱা সভাতেই সদৌ অসম কৈৰ্ৱত ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিখনো গঠন কৰা হয় ৷ দেওবাৰৰ এই সভাত উপস্থিত থাকে সদৌ অসম কৈৰ্ৱত ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বিজয় ৰবি কাশ্যাপ ৷
লগতে পঢ়ক-পথ নিৰ্মাণকাৰী মহিলা শ্ৰমিকক শাৰিৰীকভাৱে প্ৰহাৰ শিক্ষকৰ