তিনিচুকীয়া,3অক্টোবৰঃ তিনিচুকীয়াৰ বাঘজান জকাইচুক গাঁৱৰ চাঞ্চল্যৰ গুলীচালনাৰ ঘটনা ৷ ৰমেন মৰাণ নামৰ লোকজনে একেগাঁৱৰে জিতুল মৰাণ নামৰ লোকজনক নিজ গৃহতে গুলীয়াই পলায়ন কৰে ৷ এই ঘটনাৰ পিছতে হুৱাদুৱা লাগে জকাইচুক গাঁৱত ৷ পেটত গুলীবিদ্ধ হৈ থকা জিতুল মৰাণক ততাতৈয়াকৈ উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় ৷ ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ৷ আৰক্ষীৰ প্ৰাথমিক তদন্তত এটা হস্তনিৰ্মিত পিষ্টলে গুলীচালনা কৰাৰ সম্ভাৱনা কৰা বুলি উল্লেখ কৰিছে ৷
এই সমগ্ৰ ঘটনা সন্দৰ্ভত আহত জিতুল মৰাণৰ পত্নীৰ ভাষ্যঃ