ETV Bharat / state

তিনিচুকীয়াত বানপীড়িতক সহায়ৰ হাত জিলা পৰিষদৰ সভাপতিৰ - relief camp

তিনিচুকীয়া জিলাৰ ভিন্ন আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি বানপিড়ীতৰ সমস্যাৰ বুজ লয় তিনিচুকীয়া জিলা পৰিষদৰ সভাপতি ললিত মৰাণে ৷ আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰাৰ লগতে শৰনাৰ্থী সকলৰ মাজত খাদ্য সামগ্ৰীও বিতৰণ কৰে সভাপতি গৰাকীয়ে ৷

tinsukia district president visited relief camps of flood effected tinsukia

author img

By

Published : Jun 28, 2020, 3:01 PM IST

শদিয়া, 28 জুনঃ ন দিহিং, ডাঙৰী আদি নৈৰ বাঢ়নী পানীয়ে সংকটৰ সৃষ্টি কৰিছে তিনিচুকীয়া জিলাৰ বিস্তীৰ্ণ অঞ্চলত ৷ বিগত কেইবাদিনৰ পৰাই জিলাখনত অব্যাহত আছে বানৰ সংহাৰ ৷ যাৰ বাবে তিনিচুকীয়া, মাৰ্ঘেৰিটা, ডিগবৈ, ডুমডুমা আৰু শদিয়া সমষ্টিৰ শ শ লোকে এতিয়া প্ৰাণৰ শংকাত দিন কটাবলগীয়া হৈছে আশ্ৰয় শিবিৰত ৷

তিনিচুকীয়াৰ ভিন্ন আশ্ৰয় শিবিৰ পৰিদৰ্শন জিলা পৰিষদৰ সভাপতি ললিত মৰাণৰ

শনিবাৰে আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি বানাক্ৰান্ত সকলৰ মাজত কিছু পৰিমাণৰ সাহায্য বিতৰণ কৰে, তিনিচুকীয়া জিলা পৰিষদৰ সভাপতি ললিত মৰাণে ৷ লগতে নিশা প্ৰায় 1 বজালৈ বানাক্ৰান্ত লোকসকলৰ মাজত থাকি তেওঁলোকৰ ভিন্ন সমস্যাৰ বুজ লয় সভাপতি গৰাকীয়ে ৷ ইয়াৰোপৰি সভাপতি গৰাকীয়ে খাদ্য সংকটৰ সন্মুখীন হোৱা পশুধনৰ বাবেও খাদ্যৰ যোগান ধৰে ৷ আশ্ৰয় শিবিৰসমূহ পৰিদৰ্শন কৰি সভাপতি গৰাকীয়ে বানাক্ৰান্ত ৰাইজৰ বাবে অতি শীঘ্ৰেই চৰকাৰ আৰু প্ৰশাসনৰ সহযোগত বিহীত ব্যৱস্থা গ্ৰহণ কৰিব বুলি উল্লেখ কৰে সংবাদ মাধ্যমযোগে ৷

লগতে পঢ়কঃ বানৰ কবলত ডিব্ৰুছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.