ETV Bharat / state

ধঁপাতজাতীয় সামগ্ৰীৰ বেহাৰ বিৰুদ্ধে সৰৱ তিনিচুকীয়া জিলা উপায়ুক্ত

author img

By

Published : Jul 6, 2021, 10:41 PM IST

ক'ভিড ভয়াৱহতাৰ মাজতে ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে নিচা জাতীয় সামগ্ৰীৰ সৰৱৰাহৰ ঘটনা ৷ ইতিমধ্যে এই সন্দৰ্ভত সৰৱ হৈছে ৰাজ্য চৰকাৰ ৷ শেহতীয়াকৈ এই সন্দৰ্ভত বিশেষ ভাৱে সৰৱ হৈছে তিনিচুকীয়া জিলা উপায়ুক্ত পাৱাৰ নাৰসিং চাম্ভাজি ৷

tinsukia-dc-will-take-action-against-tobacco-smuggling
ধপাতজাতীয় সামগ্ৰীৰ বেহাৰ বিৰুদ্ধে সৰৱ তিনিচুকীয়া জিলা উপায়ুক্ত

তিনিচুকীয়া, 6 জুলাই : ৰাজ্যত ক'ভিড ভয়াৱহতা নিয়ন্ত্ৰণৰ বাবে ৰাজ্য চৰকাৰে ইখনৰ পিছত সিখন নতুন SOP জাৰি কৰিছে ৷ তাৰ সমান্তৰালভাৱে তিনিচুকীয়াত ড্ৰাগছ ,গাঞ্জাকে আদি কৰি নিচা জাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে । কিন্তু ইয়াৰ মাজতে লক-ডাউন তথা সান্ধ্য আইনৰ সুযোগ গ্ৰহণ কৰি তিনিচুকীয়াত দিনক দিনে বৃদ্ধি পাইছে ধপাতজাতীয় সামগ্ৰীৰ ৰমৰমীয়া বেহা ৷ চহৰখনৰ ভৰি পৰিছে ধপাত,গুটখা আদি বিভিন্ন নিচা জাতীয় সামগ্ৰীৰে ৷

উল্লেখ্য যে, এই গুটখা কিনিবলৈ গ্ৰাহকৰ হেতা ওপৰা লাগে আলিয়ে-গলিয়ে থকা পান দোকান সমূহত ৷ ইয়াৰে বেছি সংখ্যকেই উঠি অহা যুৱ প্ৰজন্ম ৷ যাৰ ফলত এক ভয়ংকৰ অন্ধকাৰৰ দিশলৈ গতি কৰিছে নতুন প্ৰজন্ম ৷ এই সন্দৰ্ভত মঙলবাৰে তিনিচুকীয়া একাংশ সাংবাদিকেৰে এক আলোচনাত মিলিত হয় জিলা উপায়ুক্ত পাৱাৰ নাৰসিং চাম্ভাজি ৷ এই বিষয়ত উচিত তদন্ত কৰি পৰৱৰ্তী সময়ত ধঁপাতজাতীয় সামগ্ৰীৰ বিৰুদ্ধে তিনিচুকীয়া জিলা উপায়ুক্তই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে ৷

ধঁপাতজাতীয় সামগ্ৰীৰ বেহাৰ বিৰুদ্ধে সৰৱ তিনিচুকীয়া জিলা উপায়ুক্ত

অতি লক্ষণীয় ভাৱে সোমবাৰে হিযুগুৰি ৰেলুৱে ষ্টেচনত দেখিবলৈ পোৱা গৈছিল ৩১ বস্তা ধপাত তিনিচুকীয়ালৈ সৰবৰাহ কৰি থকাৰ দৃশ্য । কিন্তু এই ধঁপাত সমূহ মুকলিকৈ সৰবৰাহ কৰি থকাৰ পাছতো আৰক্ষী প্ৰশাসনে গ্ৰহণ কৰা নাই বিশেষ পদক্ষেপ ৷ আনহাতে স্বচ্ছ ভাৰত অভিযানৰ জড়িয়তে চৰকাৰে চাফাই অভিযান কাৰ্যসূচী হাতত লোৱাৰ সময়তে চহৰখনৰ পথৰ পৰা আদি কৰি চৰকাৰী কাৰ্যালয় চৌপাশে পিক পেলাই কদৰ্যময় অৱস্থা সৃষ্টি কৰিছে একাংশই ।

লগতে পঢ়কঃ যোৰহাটক ৭ দিনৰ বাবে কন্টেইনমেন্ট জিলা ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.