তিনিচুকীয়া,19 জানুৱাৰী: তিনিচুকীয়া জিলাৰ বৰগুৰিস্থিত সত্ৰ ন্যায়াধীশৰ কাৰ্যালয়ত তিনিচুকীয়া জিলাৰ উকীল সন্থাৰ উদ্যোগত সোমবাৰৰ পৰা আৰম্ভ হৈছে বাৰ উইক কাৰ্যসূচী । ১৮ জানুৱাৰীৰ পৰা ২৩ জানুৱাৰীলৈকে আয়োজন কৰা বাৰ উইক অনুষ্ঠানটো ৰাতিপুৱা বাৰ এছচিয়েচনৰ সভাপতি ৰঞ্জীত কুমাৰ বৰঠাকুৰে পতাকা উত্তোলন আৰু সাধাৰণ সম্পাদক বিশ্বজিত প্ৰসাদে বন্তি প্ৰজ্বলন কৰে ৷ প্ৰথম দিনৰ কাৰ্যসূচী মুকলি কৰাৰ পাচতে জিলা ও সত্ৰ ন্যায়াধীশ আদালত তথা কাৰ্যালয়ৰ পৰা তিনিচুকীয়া জিলা থানা চাৰিআলিলৈকে খোজকঢ়া প্ৰতিযোগিতাৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়।
উল্লেখ্য যে,বাৰ উইক অনুষ্ঠানটোত কেৰমবৰ্ড,ডবা খেল,টেবুল টেনিছ,১০০ মিটাৰ,২০০ মিটাৰ দৌৰ আদি বিভিন্ন ধৰণৰ আন্ত:ক্ৰীড়া আৰু বহিঃক্ৰীড়া খেল প্ৰতিযোগিতাৰ কাৰ্যসূচী গ্ৰহণ কৰিব উকীল সকলে ৷ ইয়াৰ লগতে বাৰ এছ'চিয়েচনৰ সভাপতি ৰঞ্জীত কুমাৰ বৰঠাকুৰে কয় যে,প্ৰথমবাৰৰ বাবে এনেদৰে আয়োজন কৰা হৈছে বাৰ উইক অনুষ্ঠান ।
লগতে পঢ়ক: অৰুণাচল প্ৰদেশৰ উজনি সোৱণশিৰীত চীনৰ হাইড্ৰ’ পাৱাৰ প্ৰকল্প স্থাপন