গুৱাহাটী, ২ জুনঃ তিনিচুকীয়া জিলাৰ বাঘজানত গেছ নিৰ্গমণ এতিয়াও নিয়ন্ত্ৰিত নোহোৱাত উদ্বিগ্ন হৈ পৰিছে কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰণালয়। মঙলবাৰে পুৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পুনৰ বিষয়টো সন্দৰ্ভত কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ সৈতে ফোনযোগে আলোচনা কৰে । মন্ত্ৰী প্ৰধানে মুখ্যমন্ত্ৰীক জনাই যে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে খুব সোনকালেই ছিংগাপুৰৰ পৰা বিশেষজ্ঞৰ দল আহি বাঘজানত উপস্থিত হ'ব। কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰণালয়ৰ যুটীয়া সচিবকো শীঘ্ৰে ঘটনাস্থলীত উপস্থিত হ'বলৈ নিৰ্দেশ দিয়া হৈছে বুলি জানিব পৰা গৈছে । উল্লেখযোগ্য যে তৈল খাদটোৰ দাঁতিকাষৰীয়া অঞ্চলৰ লোকক ক্ষতিপূৰণ দিবলৈও মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক অনুৰোধ জনায় বুলি সদৰি কৰে ।
![tnsukia baghjan oil gas pipe leak sepecial team come singapur](https://etvbharatimages.akamaized.net/etvbharat/prod-images/7443486_t.jpg)
লগতে পঢকঃ শ্ৰীশ্ৰী বদলা পদ্ম আতাৰ ৪৭৪ সংখ্যক জন্ম জয়ন্তী উদযাপন