ETV Bharat / state

Ashok Borsaikia funeral: শেষকৃত্য সম্পন্ন হ’ল ফিল’বাৰীৰ আছু নেতা অশোক বৰশইকীয়াৰ

author img

By

Published : Dec 9, 2022, 4:40 PM IST

শেষকৃত্য সম্পন্ন কৰা হ’ল ফিল’বাৰীৰ আছু নেতা অশোক বৰশইকীয়াৰ(AASU Leader Ashok Borsaikia) ৷ আজি পুৱা ছাত্ৰ নেতাগৰাকীৰ নশ্বৰদেহ নিজ বাসগৃহলৈ অনাৰ পিছতেই শতাধিক ৰাইজৰ উপস্থিতিত সম্পন্ন হয় শেষকৃত্য ৷ উল্লেখ্য যে, ডিমা হাচাও জিলাৰ দৈয়াংমুখৰ পানীমুখস্থিত এটা ফেক্টৰীত কৰ্মৰত হৈ থকা অৱস্থাতে ফেক্টৰীত সুমাই অকাল মৃত্যু হয় ছাত্ৰ নেতাগৰাকীৰ ৷

Ashok Borsaikia funeral
শেষকৃত্য সম্পন্ন হ’ল ফিল’বাৰীৰ আছু নেতা অশোক বৰশইকীয়াৰ

তিনিচুকীয়া, 9 ডিচেম্বৰ: পঞ্চভূতত বিলিন হ’ল তিনিচুকীয়াৰ ফিল’বাৰীৰ আছু নেতা, প্ৰতিভাৱান সংগীত শিল্পী অশোক বৰশইকীয়াৰ(AASU Leader Ashok Borsaikia) ৷ উল্লেখ্য যে, ডিমাহাচাও জিলাৰ দৈয়াংমুখৰ পানীমুখ আৰক্ষী চকীৰ অধীনত থকা ব্যক্তিগত মালিকাধীন পেভাৰ ব্লক প্ৰস্তুত কৰা ফেক্টৰীত কৰ্মৰত আছিল অশোক বৰশইকীয়া ৷ কিন্তু ফেক্টৰীত কৰ্মৰত অৱস্থাতে মেচিনত সোমাই ৭ ডিচেম্বৰত মৃত্যু হয় প্ৰতিভাৱান আছু নেতাগৰাকীৰ(AASU leader death) ৷

শুকুৰবাৰে আছুৰ পতাকাৰে অশোক বৰশইকীয়াক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সতীৰ্থ তথা স্থানীয় লোকে ৷ এগৰাকী ছাত্ৰ নেতাৰ লগতে এগৰাকী সংগীত শিল্পীও আছিল অশোক বৰশইকীয়া ৷ নৱপ্ৰজন্মৰ এগৰাকী প্ৰতিভাৱান সংগীত শিল্পী হিচাপে পৰিচিত হৈ পৰা আছু নেতা অশোক বৰশইকীয়াৰ নশ্বৰদেহ আজি পুৱাৰ ভাগতেই নিজ জন্ম স্থান ফিল'বাৰীলৈ লৈ অনা হয়৷ তাৰ পিছতেই নশ্বৰদেহ লৈ যোৱা হয় ফিল’বাৰীৰ ৰবৰগুৰি সোনোৱাল গাঁৱস্থিত নিজ বাসগৃহলৈ ৷

মৃতদহেত নিজ ঘৰলৈ অনাৰ পিছতেই সৃষ্টি হয় এক শোকাকুল পৰিৱেশ ৷ কান্দোনত ভাঙি পৰে আত্মীয়-স্বজন ৷ ধৰ্মীয় ৰীতি-নীতিৰ মাজেৰে শেষ শ্ৰদ্ধা জ্ঞাপন কৰি ভাতৃ অমিয় শইকীয়াই মুখাগ্নি কৰি শেষকৃত্য সম্পন্ন কৰে অশোক বৰশইকীয়াৰ(Ashok Borsaikia funeral) ৷ ছাত্ৰ নেতাগৰাকীৰ অকাল মৃত্যুত ফিল’বাৰী জিলাৰ লগতে সমগ্ৰ তিনিচুকীয়া জিলাখনতে পৰিছে শোকৰ ছাঁ(Tinsukia AASU leader death) ৷

শেষকৃত্য অনুষ্ঠানত উপস্থিত থাকে আছুৰ কেন্দ্ৰীয় সদস্য নিখিল কোচ, তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়া, ফিল'বাৰী আঞ্চলিক ছাত্ৰ সন্থা, প্ৰাক্তন আছু কৰ্মী, AJYCP, চুতীয়া, মৰাণ, গোৰ্খা ছাত্ৰ সন্থাৰ নেতৃত্ব ৷ প্ৰায় দুই শতাধিক লোকৰ উপস্থিত অন্তিম বিদায় জনোৱা হয় অশোক বৰশইকীয়াক ৷

ইফালে ছাত্ৰ নেতাগৰাকীৰ মৃত্যুৰ ঘটনাৰ উচিত তদন্ত কৰাৰ লগতে উপযুক্ত ক্ষতিপূৰণ প্ৰদানৰ বাবে আৰক্ষী তথা চৰকাৰক দাবী জনায় সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বই ৷ উল্লেখ্য যে, অশোক বৰশইকীয়া ফিল’বাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা বৰ্তমান উপ-সভাপতিৰ দায়িত্বত আছিল ৷ ছাত্ৰ নেতা তথা প্ৰতিভাৱান যুৱকগৰাকীৰ অকাল মৃত্যু সঁচাকৈয়ে এক অপূৰণীয় ক্ষতি ৷

লগতে পঢ়ক: Adip Kumar Phukan book inaugurated: অদীপ কুমাৰ ফুকনৰ অসমৰ ছাত্ৰ আন্দোলন শীৰ্ষক গ্ৰন্থ উন্মোচন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.