ETV Bharat / state

চৰকাৰী আঁচনীয়ে ঢুকি নোপোৱা এজন ব্যক্তি

author img

By

Published : Oct 7, 2020, 10:57 AM IST

ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰে সততে আওৰাই থকা সব কা সাথ সব কা বিকাশৰ বাণী প্ৰকৃততেই কাৰ্যকৰী হৈছেনে ? চৰকাৰে দৰিদ্ৰতা নিৰ্মূলৰ বাবে প্ৰকৃততেই উচিত পদক্ষেপ গ্ৰহণ কৰিছেনে ? যদিহে গ্ৰহণ কৰিছে তেনেহ’লে চৰকাৰৰ বহুমুখী উন্নয়নৰ আঁচনীয়ে ঢুকি নোপোৱা টিংখাঙৰ সমীপৰ শান্তিপুৰ গাঁৱৰ এই পৰিয়ালটোলৈ এবাৰ চাওঁক।

Tingkhong poor famaliy struggle life
চৰকাৰী আঁচনীয়ে ঢুকি নোপোৱা এজন ব্যক্তি

টিংখং,7 অক্টোবৰঃ টিংখাঙৰ সমীপৰ নাহৰকটিয়া বিধানসভা সমষ্টিৰ শান্তিপুৰ গাঁও পঞ্চায়তৰ অধীনৰ এটা দৰিদ্ৰ পৰিয়ালৰ জীৱন সংগ্ৰামৰ ছবি পোহৰলৈ আহিছে। বিশ্বায়নৰ যুগতো ৰোগীয়া বিশ্বনাথ পানিকাই উৰুখা পজাত যন্ত্ৰনা কাতৰ দুৰ্বীসহ জীৱন কটাবলগীয়া হৈছে ৷ পৰিৱৰ্তনৰ ঢৌৱে চুব নোৱাৰিলে দুৰ্ভগীয়া বিশ্বনাথক। সামান্য এজাক বৰষুণ দিলেই অনাহাৰে বিনিদ্ৰ ৰজনী কটাবলগীয়া হয় বিশ্বনাথে । শুবৰ বাবে নাই এখন বিচনা । নাই বিশুদ্ধ খোৱাপানীৰ সু-ব্যৱস্থা ৷ আনকি চৰকাৰে প্ৰদান কৰা বিনামূলীয়া বিদ্যুৎ সংযোগৰ ব্যৱস্থাৰ পৰাও বঞ্চিত পৰায়ালটো ।

উল্লখযোগ্য যে, বিগত 9 টা বছৰে জীৱন অতিবাহিত কৰি আহিছে এক দুৰাৱস্থাৰ মাজৰে । এমুঠি খাবলৈ কৰিব লাগে চিন্তা। বৰষুণ দিলেই নিশা ওচৰত থকা আত্মীয় ঘৰত কটাবলগীয়া হয়। এই দৰে জৰাজীৰ্ণ উৰুখা জুপুৰিত দুৰ্বীসহ যন্ত্ৰণা কাতৰ জীৱন সংগ্ৰাম কৰিব লগীয়া হৈছে ৰোগীয়া বিশ্বনাথে ।

চৰকাৰী আঁচনীয়ে ঢুকি নোপোৱা এজন ব্যক্তি
চৰকাৰ পৰিৱৰ্তন হ’ল; কিন্তু পৰিৱৰ্তনৰ অৰ্থই অনুভৱ কৰিব পৰা নাই গ্ৰামাঞ্চলৰ এনেবোৰ প্ৰকৃত পৰিয়ালে । পঞ্চায়তৰাজ ব্যৱস্থাই প্ৰকৃততে কিমান উন্নয়ন সাধন কৰিছে অসমৰ গাঁও অঞ্চল সমূহৰ । এতিয়া প্ৰশ্ন হয়, দেখিও নেদেখি চকু মুদা কুলিৰ ভাও ধৰা শান্তিপুৰ পঞ্চায়ত প্ৰতিনিধিৰ কেতিয়া দৃষ্টি পৰিব এই দুভগীয়া পৰিয়ালটোৰ ওপৰত।লগতে পঢ়কঃ পুনৰ চিকিৎসক প্ৰহাৰৰ ঘটনা: উত্তপ্ত পৰিস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.