শদিয়া,4 নৱেম্বৰ : তিনিচুকীয়া জিলাৰ কাকপথাৰত মঙলবাৰে নিশা বিধ্বংসী ধুমুহাৰ ফলত বিস্তৰ ক্ষতিসাধন ৷ কাকপথাৰৰ বৰালি, বৰাচুক, মৃদংপাৰা, ন-মেচাকি আদি ঠাইত ধুমুহাই প্ৰায় শতাধিক ঘৰ ভাঙি চূৰমাৰ কৰাৰ লগতে বহুকেইটা ৰাজহুৱা অনুষ্ঠানৰ বিস্তৰ ক্ষতিসাধন কৰে ৷
ধুমুহাৰ ফলত মৃদংপাৰা ন-মেচাকিত কেইবাজনো লোক আহত হয় ৷ বৰালি গাঁও ৰাজহুৱা নামঘৰ, বাহনি নিম্ন বিদ্যালয়কে ধৰি মৃদংপাৰা ন-মেচাকি গাৱঁৰ প্ৰায় শতাধিক ঘৰ ধুমুহাই ভাঙি তচনচ কৰে ৷
ঠায়ে ঠায়ে পথত গছ বাগৰি পৰাৰ ফলত ব্যাহত হৈ পৰে যাতায়াত ৷ বৰ্তমানো ব্যাহত হৈ আছে বিদ্যুৎ সংযোগ ৷ হঠাতে অহা ধুমুহাই কৰা ক্ষতিৰ বাবে চৰকাৰ তথা প্ৰশাসনক ক্ষতিপূৰণৰ দাবী তুলিছে গাঁওবাসীয়ে ৷
লগতে পঢ়ক : নলবাৰীত পথ দুৰ্ঘটনাঃ আহত 3