ETV Bharat / state

ৰূপাই চাহ বাগিচাত দুৰ্বৃত্তই কাটিলে চাহ গছ

author img

By

Published : Aug 13, 2019, 2:27 PM IST

কেঁচাপাত চুৰি কৰিবলৈ আহি দুৰ্বৃত্তই কাটি তহিলং কৰে ৰূপাই চাহ বাগিচাৰ প্ৰায় 150 জোপা চাহ গছ ৷ বাগিচাৰ চকীদাৰকো চোকা অস্ত্ৰৰে আক্ৰমণৰ চেষ্টা দুৰ্বৃত্তৰ ৷

দুৰ্বৃত্তই কাটিলে চাহ গছ

ডুমডুমা, আগষ্ট 13 : ডুমডুমাৰ ৰূপাই চাহ বাগিচাত নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ কেঁচাপাত চুৰি কৰিবলৈ আহি দুৰ্বৃত্তই কাটি তহিলং কৰে বাগিচাখনৰ প্ৰায় 150 জোপা চাহ গছ ৷ প্ৰাপ্ত তথ্য অনুসৰি সোমবাৰে নিশা ডুমডুমা চাহ বাগিচাৰ সমীপৰ কৰজঙা, কেৰাণী, ভটিয়ামখাল আদি অঞ্চলৰ প্ৰায় 50-60 জনীয়া এটা দুৰ্বৃত্তৰ দলে কেঁচাপাত চুৰি কৰাৰ উদ্দেশ্যে বাগিচাত প্ৰৱেশ কৰে ৷ কিন্তু বাগিচাৰ চোৱা-চিতাৰ দায়িত্বত থকা চকীদাৰৰ সৈতে মুখামুখি হোৱাত হাতে হাতে চোকা অস্ত্ৰ লৈ চকীদাৰ কেইজনক আক্ৰমণ কৰিবলৈ উদ্যত হয় দুৰ্বৃত্ত কেইটা ৷ প্ৰাণৰ মমতাত চকীদাৰ কেইজনে কোনোমতে সেই স্থান ত্যাগ কৰি স্থানীয় বাঘজান আৰক্ষীক খবৰ দিয়ে ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ উমান পাই দুৰ্বৃত্তৰ দলটো পলাই যায় যদিও কাটি থৈ যায় বাগানখনৰ 1 নং চেকচনৰ প্ৰায় 150 জোপা চাহ গছৰ লগতে কেইবাজোপাও শিৰিষ গছ ৷

দুৰ্বৃত্তই কাটিলে চাহ গছ

এই ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগে উত্তেজিত হৈ বাগিচাৰ শ্ৰমিক সকল ৷ অৱশ্যে পৰৱৰ্তী সময়ত আটছা আৰু বাগিছা কৰ্তৃপক্ষৰ তৎপৰতাত পৰিস্থিতি কিছু শাম কাটে ৷ উল্লেখ্য যে, বিগত বহু বছৰৰ পৰা বাগিচাখনত কাষৰীয়া গাঁও কেইখনৰ পৰা বৃহৎ চোৰৰ দল প্ৰৱেশ কৰি দিনে নিশাই কেঁচা চাহ পাত চুৰি কৰি আহিছে। ইয়াৰ পূৰ্বে কৰ্তৃপক্ষই বাগিচাত নিয়োগ কৰা চকীদাৰ সকলক মাৰপিট আৰু চোকা অস্ত্ৰৰে আঘাত কৰা ঘটনাও সংঘটিত হৈ গৈছে ৷ আশ্চৰ্যজনক ভাৱে চোৰৰ দলটোৱে নিজকে খিলঞ্জীয়া আৰু বাগিচাখনৰ সম্পত্তিত তেওঁলোকৰো অধিকাৰ আছে বুলি দাবী তোলে ৷ ইয়াৰ লগতে পাত চুৰিত বাধা প্ৰদান কৰিলে তাৰ পৰিণাম ভয়ংকৰ হ'ব বুলিও ভাবুকি প্ৰদান কৰে ৷

Intro:Date: 13/08/2019

Slug :: ডুমডুমাৰ ৰূপাই চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি।

VO :: ডুমডুমাৰ ৰূপাই চাহ বাগিচাত কালি নিশাৰ পৰা এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। নিশা বাগিচাখনৰ এক নং চেকচনত কেচা চাহপাত চুৰ কৰাৰ উদ্দেশ্যে বাগিচা খনৰ কাষৰ কৰজঙা, কেৰাণী, ভটিয়ামখাল আদি গাঁৱৰ পৰা প্ৰায় 50/60 জনীয়া এটা দুর্বিত্তৰ দল বাগিচাখনত প্ৰবেশ কৰি বাগিচাৰ চকীদাৰ কেইজনৰ মুখামুখি হয়। চকীদাৰ সকলে চুৰৰ দলটোক বাধা দিবলৈ যাওঁতে চুৰৰ বৃহৎ দলটিয়ে হাতে হাতে চোকা অস্ত্ৰ লৈ চকীদাৰ কেইজনক আঘাত কৰিবলৈ উদ্যত হোৱাত চকীদাৰ সকল প্রাণৰ মমতাত ঘটনাস্থলীৰ পৰা আন্ধাৰৰ সুযোগ লৈ পলায়ণ কৰে। পৰৱৰ্তী সময়ত নিশায়ে স্থানীয় বাঘজান থানায়ে ঘটনাৰ সন্দৰ্ভত জানিবলৈ পাই ঘটনাস্থলীত উপস্থিত হোৱাত চুৰৰ দলটি বাগিচাখনৰ পৰা পলায়ণ কৰে যদিও বাগিচাৰ এক নং চেকচনৰ প্ৰায় 150 জোপা চাহ গছ আৰু চিৰিচ গছ কাটি তহিলং কৰি পেলাই। এই ঘটনাৰ বাতৰি বাগিচা খনত বিয়পি পৰা লগে লগে বাগিচাখনৰ চাহ শ্ৰমিক তীব্ৰ উত্তেজিত হৈ পৰে। আটছা আৰু বাগিচা কতৃপক্ষৰ চেষ্টাত বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণত। অভিযোগ ওঠামতে বিগত বহু বছৰৰ পৰা বাগিচাখনত কাষৰিয়া গাঁও কেইখনৰ পৰা বৃহৎ বৃহৎ চুৰৰ দল বাগিচাখনত প্ৰবেশ কৰি দিনে নিশাই নির্ভীঘ্নে কেচা চাহ পাত চুৰ কৰি আহিছে। ইয়াৰ পূৰ্বে বাগিচা কতৃপক্ষই বাগিচাত নিয়োগ কৰা চকীদাৰ সকলক মাৰপিট আৰু চোকা অস্ত্ৰৰে আঘাত কৰা ঘটনাও সংঘটিত হৈ গৈছে। আচর্যজনক ভাৱে চুৰৰ দলটোৱে নিজকে খিলঞ্জীয়া আৰু বাগিচাখনৰ সম্পত্তিত তেওলোকৰ অধিকাৰ আছে বুলি দাবী কৰি তেওঁলোকক পাত চুৰৰ পৰা বাধা দিলে পৰিণাম ভয়ংকৰ হব বুলি ভাবুকি প্ৰদান কৰিছে।। আটছায়ে বিষয়টো গুৰুত্ব সহকাৰে লৈ বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্রশাসনক দাবী জনাইছে।।

Byte ::Body:Date: 13/08/2019

Byte ::Conclusion:#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.