ETV Bharat / state

ছ'চিয়েল মিডিয়াৰ শক্তিঃ মানৱতাৰ নিদৰ্শন দাঙি ধৰিলে বন্ধুৱে - বন বিভাগত কৰ্মৰত কৃঞ্চকান্ত গগৈৰ নেতৃত্বত যোৱা বন্ধুসকল

যিটো সময়ত ছ'চিয়েল মিডিয়াক লৈ বহুটো বিতৰ্কৰ সৃষ্টি হৈছে তেনে সময়তে ছ'চিয়েল মিডিয়াৰ অপৰিসীম শক্তি তথা সদব্যৱহাৰৰ অপূৰ্ব নিদৰ্শন দাঙি ধৰিলে একাংশ যুৱকে ৷ মানসিকভাৱে বিকাৰগ্ৰস্থ হৈ পৰা উচ্চশিক্ষিত তথা শিক্ষক বন্ধুৰ বাসগৃহত উপস্থিত হৈ চিকিৎসাৰ লগতে বাসগৃহ বনোৱাৰ দায়িত্ব বহন কৰিলে কলেজীয়া বন্ধুৱে ৷

ছ'চিয়েল মিডিয়াৰ শক্তিঃ মানৱতাৰ নিদৰ্শন দাঙি ধৰিলে বন্ধুৱে
author img

By

Published : Sep 16, 2019, 7:13 PM IST

কাকপথাৰ, 16 চেপ্তেম্বৰঃ ছ'চিয়েল মিডিয়াৰ শুদ্ধ আৰু উপযুক্ত ব্যৱহাৰ কৰি ফেচবুকৰ শক্তিৰ অপৰিসীম নিদৰ্শন দাঙি ধৰিলে মানৱদৰদী বন্ধুৱে ৷ যিটো সময়ত ছ'চিয়েল মিডিয়াক লৈ বহুটো বিতৰ্কৰ সৃষ্টি হৈছে তেনে সময়তে ছ'চিয়েল মিডিয়াৰ অপৰিসীম শক্তি তথা সদব্যৱহাৰৰ অপূৰ্ব নিদৰ্শন দাঙি ধৰিলে একাংশ যুৱকে ৷ মানসিকভাৱে বিকাৰগ্ৰস্থ হৈ পৰা উচ্চশিক্ষিত তথা শিক্ষক বন্ধুৰ বাসগৃহত উপস্থিত হৈ চিকিৎসাৰ লগতে বাসগৃহ বনোৱাৰ দায়িত্ব বহন কৰিলে কলেজীয়া বন্ধুৱে ৷

এক মহান উদ্দেশ্য লগত লৈ কাকপথাৰ থানাৰ অন্তৰ্গত বৰআলি গাঁৱত সোমবাৰে উপস্থিত হয় একাংশ যুৱক ৷ ছ'চিয়েল মিডিয়াত প্ৰচাৰিত হোৱা এটা খবৰৰ উৎসৰ আঁত ধৰি নিজৰ কলেজীয়া বন্ধু অৰূপৰ বাসগৃহত উপস্থিত হয় একেলগে শিক্ষা গ্ৰহণ কৰা কৃঞ্চকান্ত, বুধেশ্বৰ, ভদ্ৰকৃঞ্চ, ভবেন আদিকে ধৰি প্ৰায় বিশ-ত্ৰিশজন যুৱক ৷ ডুমডুমা মহাবিদ্যালয়ত অধ্যয়ন কৰা অৰূপ নামৰ উচ্চশিক্ষিত তথা শিক্ষক বন্ধুৰ বাসগৃহত উপস্থিত হয় বৰ্তমানে বন বিভাগত কৰ্মৰত কৃঞ্চকান্ত গগৈৰ নেতৃত্বত যোৱা বন্ধুসকলে ৷

উল্লেখ্য যে, এটা সময়ত অৰূপে স্থানীয় বিদ্যালয়ত পাঠদান কৰাৰ লগতে ব্যক্তিগতভাবেও বহু ছাত্ৰ-ছাত্ৰীক শিক্ষা প্ৰদান কৰিছিল ৷ শেহতীয়াভাৱে ব্যৱসায়ৰ সৈতে জড়িত হৈ পৰিছিল অৰূপ, কিন্তু ব্যৱসায়ত জড়িত হোৱাৰ পিচৰে পৰাই মানসিকভাৱে অসুস্থ হৈ পৰে অৰূপ ৷ অৰূপৰ অৱস্থাৰ বিষয়ে ফেচবুকত জানিব পাৰি আজি এইদৰে তেওঁৰ বাসগৃহত উপস্থিত হয় এটা সময়ত কলেজত সোনালী অতীত পাৰ কৰি অহা মহান বন্ধুকেইজন ৷ অৰূপৰ বাসগৃহত উপস্থিত হৈ উৱলি যোৱা বাসগৃহটোৰ নিৰ্মাণৰ প্ৰাৰম্ভিক কাম আৰম্ভ কৰি চিকিৎসাৰ লগতে এটা নতুন বাসগৃহ সজাই দিয়াৰ দায়িত্ব গ্ৰহণ কৰে বন্ধুসকলে ৷

বন্ধুৰ প্ৰতি বন্ধুৰ দায়িত্বৰ মহান নিদৰ্শন

বন্ধুৰ বাসগৃহত উপস্থিত হৈ ভগা-চিগা গৃহতে আটায়ে একেলগে এসাঁজ গ্ৰহণ কৰাৰ লগতে বন্ধুক মানসিকভাৱে উৎসাহ প্ৰদান কৰে ৷ ছ'চিয়েল মিডিয়াৰ যোগেদি এনেদৰে আৰ্থিক সাহাৰ্যৰ লগতে চিকিৎসাৰ ক্ষেত্ৰত সহায় কৰিব ওলোৱা কাৰ্যক সকলোৱে একেমুখে শলাগিছে ৷ বৰ্তমানৰ যান্ত্ৰিকতাৰ যুগত মানৱীয় প্ৰমূল্যবোধক অগ্ৰাধিকাৰ দিয়া বন্ধুসকলৰ এই প্ৰচেষ্টাই যুৱকজনক সকলো প্ৰকাৰে সকাহ দিব বুলি আশা কৰিছে গাঁৱবাসীয়ে ৷

Intro:মানসিক বিকাৰগ্ৰস্ত বন্ধুৰ চিকিৎসাৰ লগতে বাসগৃহ বনাই দিয়াৰ দায়িত্ব ললে এজাক হৃদয়বান বন্ধুৱে

কাকপথাৰ : ৯০দশকতে একেলগে শিক্ষা গ্ৰহণ কৰা বন্ধুৰ মানসিক অৱস্থাৰ বাতৰি চছিয়েল মিডিয়াত পাই উপস্থিত হয়হি এজাক হৃদয়বান বন্ধু ৷ কাকপথাৰ থানাৰ অন্তগত বৰআলি গাৱঁৰ অৰূপ চেতিয়া(অনিল) নামৰ যুৱকজন প্ৰায় এটা বছৰে মানসিকভাবে অসুস্থ হৈ ঘৰৰ ভিতৰতে সোমাই জীৱন অতিবাহিত কৰাৰ খবৰ চছিয়েল মিডিয়াত প্ৰচাৰ হোৱাৰ লগে লগে ডুমডুমা মহাবিদ্যালয়ত একেলগে শিক্ষা গ্ৰহণ কৰা বন্ধু কৃঞ্চকান্ত, বুধেশ্বৰ, ভদ্ৰকৃঞ্চ, ভবেনআদিকে ধৰি প্ৰায় বিশ-ত্ৰিশজন যুৱকে বৰআলি অৰূপৰ ঘৰত উপস্থিত হৈ ভাগি-উৱলি যোৱা বাসগৃহটো বাহেঁৰে নিৰ্মাণ কৰিবলৈ প্ৰাৰম্ভিক কাম-কাজ আগবঢ়োৱাৰ লগতে যুৱকজনক মানসিক চিকিৎসা কৰোৱাৰ দায়িত্ব লয় ৷ উচ্চ শিক্ষীত যুৱকজনে এটা সময়ত স্থানীয় বিদ্যালয়ত পাঠদান কৰাৰ লগতে ব্যক্তিগত ভাবেও বহু ছাত্ৰ-ছাত্ৰীক শিক্ষা প্ৰদান কৰিছিল বুলি জানিব পৰা গৈছে ৷ শেহতীয়াকৈ ব্যৱসায়ৰ লগত পৰিছিল যুৱকজন ৷ কিন্টু প্ৰায় এটা বছৰে মানসিক ভাৰসাম্য হেৰুৱাই শিক্ষকজন "পাগল" লৈ ৰূপান্তৰ হয় ৷ যুৱকজনৰ বন্ধু বৰ্তমান বন বিভাগৰ কৰ্মচাৰী কৃঞ্চকান্ত গগৈৰ নেতৃত্বত বন্ধুসকলে লোৱা এনে সীদ্ধান্ত নি-সন্দেহ আদৰণীয় ৷ অৰূপ চেতীয়াৰ ভগা-পজা বাসগৃহতে সকলোৱে লগে ভাগে এসাজ খাই আনন্দ-ফু্ৰ্তি কৰি তেখতেক মানসিকভাগেও শক্তি দিয়াৰ চেষ্টা কৰে উপস্থিত বন্ধু সকলে ৷ চছিয়েল মিডিয়াৰ যোগেদি এনে দৰে আৰ্থিকৰ লগতে চিকিৎসাৰ ক্ষেত্ৰত সহায় কৰিব ওলোৱা কাৰ্যক সকলোৱে একেমুখে শলাগিছে ৷ লগতে যান্ত্ৰিকতাৰ যুগতো যে মানৱীয় প্ৰমোল্যবোধ জীয়াই আছে তাকে প্ৰমাণ কৰিছে ৷ বন্ধু সকলৰ এনে প্ৰচেষ্টাই যুলকজনক সকলো প্ৰকাৰে সকাহ দিব বুলি আশা কৰিছে গাৱঁবাসীয়ে ৷ Body:Byte : Frends Conclusion:Mintu Talukdar
Sadiya
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.