ETV Bharat / state

অইল ইণ্ডিয়া আৰু চৰকাৰৰ বিৰুদ্ধে বাঘজানবাসীৰ তীব্ৰ প্ৰতিবাদ

অইল ইণ্ডিয়া কৰ্তৃপক্ষ তথা চৰকাৰৰ তৰফৰ পৰা আশ্বাসৰ অবিহনে অন্য একোৱেই লাভ কৰিবলৈ সক্ষম হোৱা নাই বুলি অভিযোগ উত্থাপন কৰিছে বাঘজানবাসীয়ে ৷ যাৰ পৰিপ্ৰেক্ষিতত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহে উচিত ক্ষতিপূৰণ লাভৰ পৰা বঞ্চিত হোৱাৰ শংকা প্ৰকাশ কৰিছে ৷

The people of Baghjan have strongly protested against Oil India and the government
অইল ইণ্ডিয়া আৰু চৰকাৰৰ বিৰুদ্ধে বাঘজানবাসীৰ তীব্ৰ প্ৰতিবাদ
author img

By

Published : Jun 19, 2020, 6:19 PM IST

ডুমডুমা,19 জুনঃ ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে বাঘজান ৷ নিজৰ আপোন ঘৰ-বাৰী হেৰুৱাই আশ্ৰয় শিবিৰত দিন অতিবাহিত কৰা লোকসকল ক্ষোভিত হৈ ওলাই আহিল ৰাজপথলৈ ৷ জানিব পৰা মতে,অইল ইণ্ডিয়াৰ চূড়ান্ত গাফিলতি আৰু চৰকাৰৰ হেমাহিত অতিষ্ঠ হৈ ক্ষতিগ্ৰস্ত বাঘজানবাসীয়ে শুকুৰবাৰে সাব্যস্ত কৰে প্ৰতিবাদ ৷ অইল ইণ্ডিয়া কৰ্তৃপক্ষ তথা চৰকাৰৰ তৰফৰ পৰা আশ্বাসৰ অবিহনে অন্য একোৱেই লাভ কৰিবলৈ সক্ষম হোৱা নাই বুলি অভিযোগ উত্থাপন কৰিছে বাঘজানবাসীয়ে ৷ যাৰ পৰিপ্ৰেক্ষিতত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহে উচিত ক্ষতিপূৰণ লাভৰ পৰা বঞ্চিত হোৱাৰ শংকা প্ৰকাশ কৰিছে ৷ বাঘজান গাঁৱৰ মিলনজ্যোতি যুৱ সংঘৰ উদ্যোগত উলিওৱা প্ৰতিবাদী কাৰ্যসূচীত আশ্ৰয় শিবিৰত থকা লোকসকলে চৰকাৰ তথা অইল ইণ্ডিয়াৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি উত্তাল কৰি তোলে ৰাজপথ ৷ আনহাতে,প্ৰতিবাকাৰীসকলে ক্ষতিগ্ৰস্ত লোকসকলৰ সৈতে অইল ইণ্ডিয়াৰ CMD ক এক আলোচনাত মিলিত হ'বলৈ দাবী জনায় ৷

অইল ইণ্ডিয়া আৰু চৰকাৰৰ বিৰুদ্ধে বাঘজানবাসীৰ তীব্ৰ প্ৰতিবাদ

লগতে পঢ়কঃ বানৰ সৈতে মোকাবিলা কৰিবলৈ কিদৰে সাজু হৈছে চৰকাৰ-প্ৰশাসন !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.