ETV Bharat / state

বাঘজান ট্ৰেজেডী : জুই নিয়ন্ত্ৰণৰ বাবে আগবাঢ়ি আহিল ভাৰতীয় সেনা

author img

By

Published : Jun 15, 2020, 7:11 PM IST

অইল ইণ্ডিয়া, ONGC ৰ লগতে বিদেশৰ পৰা অহা বিশেষজ্ঞৰ এটা দলে বাঘজান "BGR-5" খাদৰ জুই নিয়ন্ত্ৰণৰ চেষ্টা অব্যাহত ৰখাৰ মাজতেই জুই নিয়ন্ত্ৰণৰ অভিযানত যোগ দিছে ভাৰতীয় সেনাই ৷

Baghjan
বাঘজান ট্ৰেজেদি

তিনিচুকীয়া, 15 জুনঃ বাঘজানৰ জুই নিয়ন্ত্ৰণৰ বাবে আগবাঢ়ি আহিল ভাৰতীয় সেনা । সোমবাৰে বাঘজান তৈল খাদৰ শেহতীয়া পৰিস্থিতি পৰ্যবেক্ষণ কৰে দিনজান সেনা শিবিৰৰ সেনাৰ দলটোৱে ৷ ঘটনাস্থলীত প্ৰৱেশৰ বাবে খাদটোৰ ওচৰতেই থকা এটা বৃহৎ পুখুৰীৰ ওপৰত সেনাই এখন দলং নিৰ্মাণ কৰিব বুলি জানিব পৰা গৈছে ৷ বাঘজানৰ পৰাই সেনাৰ দলটোৱে আৰম্ভ কৰিব দলং নিৰ্মাণৰ কাম ।

উল্লেখযোগ্য যে, অইল ইণ্ডিয়া, ONGC ৰ লগতে বিদেশৰ পৰা অহা বিশেষজ্ঞৰ এটা দলে বাঘজান "BGR-5" খাদৰ জুই নিয়ন্ত্ৰণৰ চেষ্টা অব্যাহত ৰখাৰ মাজতেই জুই নিয়ন্ত্ৰণৰ অভিযানত যোগ দিছে ভাৰতীয় সেনাই ৷ সোমবাৰে খাদটোৰ পাশ্বৱৰ্তি সমগ্ৰ অঞ্চল পৰ্যবেশন কৰে সেনাৰ এই দলটোৱে ৷ মঙলবাৰৰ পৰা দলটোৱে দলং নিৰ্মাণৰ কাম আৰম্ভ কৰিব বুলি জানিব পৰা গৈছে ।

কিছুদিন পূৰ্বে ছিংগাপুৰৰ পৰা অহা তিনিজনীয়া বিশেষজ্ঞৰ এটা দলে খাদটো পৰিদৰ্শনৰ বাবে উপস্থিত হয় এলেকাটোত ৷ দলটোৱে বিজিআৰৰ 5 নম্বৰ খাদটো পৰিদৰ্শন কৰে ৷

জুই নিয়ন্ত্ৰণৰ বাবে আগবাঢ়ি আহিল ভাৰতীয় সেনা

বাঘজানৰ ভয়াৱহ জুয়ে সৰ্বশ্ৰান্ত কৰা পৰিয়ালক চৰকাৰে আশ্ৰয় শিবিৰত ৰাখিছে সঁচা, কিন্তু কৰ'ণা মহামাৰীৰ কথা ভাবি এই আশ্ৰয় শিৱিৰবোৰলৈ এবাৰ চালে আপোনাৰো দুখ আৰু ভয় লাগিব । পকী মজিয়াত চাৰি মহীয়া কেঁচুৱা শুই পৰিছে, একেটা কোঠাতে ইজনে সিজনৰ গাত লাগি বহি শুই দিন পাৰ কৰিছে এইসকল খিলঞ্জীয়াই । চৰকাৰী সজাগতাৰ বাৰ্তাই ঢুকি নোপোৱা এইসকল খাতি-খোৱা সহজ-সৰল লোকৰ মাজত কেনেবাকৈ যদি ভয়াৱহ কৰ'ণাৰ বীজাণু বিয়পি পৰে তেন্তে পৰিস্থিতি কিমান ভয়াৱহ হ'ব পাৰে তাক কোনেও কম্পনা কৰিবও নোৱাৰিব ৷

লগতে পঢ়কঃ জয়ন্ত বৰাৰ মৃত্যুৰ তদন্ত ঘোষণা অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানৰ

বাঘজানৰ অগ্নিকাণ্ড সংঘটিত হোৱা বিজিআৰৰ 5 নং খাদটো দেওবাৰে পৰিদৰ্শন কৰে কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ মন্ত্ৰী দুগৰাকীক এই কাৰ্যসূচীত সহযোগ কৰে মন্ত্ৰী অতুল বৰা,চন্দ্ৰমোহন পাটোৱাৰী,ৰামেশ্বৰ তেলীৰ লগতে অসমৰ কেইবাজনো বিধায়কে ৷ খাদটো পৰিদৰ্শনৰ অন্তত বাঘজানৰ দীঘলতৰং আশ্ৰয় শিবিৰত অস্থায়ীভাৱে থকা লোকসকলৰ ওচৰত উপস্থিত হয় মন্ত্ৰীদ্বয় ৷

উল্লেখ্য যে,মন্ত্ৰী দুগৰাকীয়ে বিভিন্ন প্ৰতিশ্ৰুতি প্ৰদান কৰে শিবিৰবাসীক ৷ সেই অনুসৰি, বাঘজানত এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ লগতে আদৰ্শ চিকিৎসালয় স্থাপনৰ ঘোষণা কৰে মুখ্যমন্ত্ৰী সোণোৱালে । ইফালে মাগুৰী-মতাপুং বিল অইলৰ দ্বাৰা পৰিস্কাৰ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে ৷ লগতে এই বিলখনক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ উন্নীত কৰাৰো দিয়ে প্ৰতিশ্ৰুতি । তদুপৰি অঞ্চলটোত এখন পশু চিকিৎসালয় স্থাপনৰ ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে ৷ বাঘজান অগ্নিকাণ্ডৰ প্ৰতিটো ক্ষতিগ্ৰস্ত পৰিয়ালক উচিত ক্ষতিপূৰণ দিয়াৰ লগতে বাঘজানৰ পৰা তিনিচুকীয়ালৈ পকীপথ নিৰ্মাণৰ ব্যৱস্থা কৰিব বুলি ঘোষণা কৰে মন্ত্ৰী দুগৰাকীয়ে ৷ সমান্তৰালকৈ 27 কোটি টকা ব্যয় সাপেক্ষে স্থানীয় বান-গৰাখহনীয়া সমস্যা সমাধানৰ বাবে মথাউৰি নিৰ্মাণৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে বাঘজানবাসীক ৷ ইয়াৰোপৰি নিবনুৱা সকলক সংস্থাপনৰ বাবে স্থাপন কৰা হ’ব দক্ষতা অভিযান কেন্দ্ৰ ৷

বাঘজানৰ অগ্নিকাণ্ডই প্ৰভাৱ পেলাইছে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত,এই কথা স্বীকাৰ কৰিলে অসমৰ বন আৰু পৰিৱেশ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷ ইতিমধ্যেই বন বিভাগৰ এটা মুৰব্বী বিষয়াৰ দলে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ ফলত উদ্ভৱ হ'ব পৰা বিষয় সমূহৰ পৰ্যালোচনা কৰিছে বুলি জনাই মন্ত্ৰীজনে ৷ উল্লেখ্য যে, এই অভাৱনীয় ঘটনাৰ ফলত কাষৰীয়া বনাঞ্চল সমূহত বাস কৰা জীৱ-জন্তুৰ সমুহৰ জীৱনলৈ আহিব পৰা ভাবুকি আৰু ইয়াৰ প্ৰতিকাৰৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা কৰিছে বুলি জনাইছে মন্ত্ৰীজনে ৷

আনহাতে, বাঘজান কাণ্ডত প্ৰাণ হেৰুওৱা দুয়োজন দুৰ্ভগীয়া কৰ্মচাৰীৰ মৃতদেহ 10 জুনত উদ্ধাৰ হৈছিল অগ্নিকাণ্ড সংঘটিত হোৱা স্থানৰ সমীপৰ এটা জলাশয়ৰ পৰা ৷ সম্প্ৰতি পৰিয়ালটোৰ মাথো এটাই প্ৰশ্ন কেতিয়া ন্যায় পাব তীখেশ্বৰ গোঁহাই আৰু দুৰ্লভ গগৈয়ে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.