ETV Bharat / state

Teej festival:তিনিচুকীয়াৰ ফিল'বাৰীত তীজ উৎসৱ পালন

author img

By ETV Bharat Assamese Team

Published : Sep 12, 2023, 6:45 PM IST

গোৰ্খা সম্প্ৰদায়ৰ মহিলাসকলে পৰম্পাৰগতভাৱে পালন কৰা তীজ উৎসৱ ফিল'বাৰী আমগুৰিত উদযাপন । এই ব্ৰত অনুযায়ী মহিলা আৰু যুৱতীসকলে এটুপি পানীও নোখোৱাকৈ দেবাদিদেৱ শিৱৰ আৰধনা কৰে ।

Teej festival 2023
গোৰ্খা সম্প্ৰদায়ৰ তীজ উৎসৱ
গোৰ্খা সম্প্ৰদায়ৰ তীজ উৎসৱ

তিনিচুকীয়া, ১২ ছেপ্টেম্বৰ: গোৰ্খা সম্প্ৰদায়ৰ মহিলাসকলে পালন কৰা এক অন্যতম উৎসৱ হৈছে তীজ উৎসৱ । এই উৎসৱক "ৰিতালিকা তীজ বুলিও কোৱা হয় । গোৰ্খা সম্প্ৰদায়ৰ মহিলাসকলে পৰম্পাৰগতভাৱে পালন কৰি আহিছে এই তীজ উৎসৱ ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ তিনিচুকীয়া জিলাৰ ফিল'বাৰী আমগুৰিতো উলহ-মালহেৰে তীজ উৎসৱ উদযাপন কৰা হয় ৷

তীজ উৎসৱৰ পহিলা দিনটোত বিবাহিত মহিলাসকলক স্বামীগৃহৰ পৰা মাতৃগৃহলৈ আনি বিভিন্ন খাদ্যৰে আপ্পায়ন কৰা হয় আৰু দ্বিতীয় দিনা হৰিতালিকা ব্ৰত পালন কৰে ৷ এই ব্ৰত অনুযায়ী পুৱাৰে পৰা মহিলা আৰু যুৱতীসকলে এটুপি পানীও নোখোৱাকৈ দেবাদিদেৱ শিৱৰ আৰধনা কৰি পূজা-অৰ্চনা কৰি পৰিয়ালৰ লগতে নিজৰ স্বামীৰ মংগল কামনা কৰে ৷ মাতৃগৃহলৈ অহা মহিলাসকলে দিনটো তীজ গীত গায় নৃত্য কৰি আনন্দ কৰে ।

লগতে পঢ়ক:Central Karam Conference: চেপনত অষ্টম বাৰ্ষিক কেন্দ্ৰীয় কৰম সন্মিলন সম্পন্ন; ২০০০ নাচনীৰ ঝুমুৰ নৃত্য প্ৰদৰ্শন

উল্লেখ্য় যে এই দিনটোতে দেৱী পাৰ্বতীৰ দীৰ্ঘদিনীয়া বিচ্ছেদৰ পিছত তেওঁৰ স্বামী শিৱৰ সৈতে পুনৰমিলন হৈছিল । এই দিনটোত সেউজীয়া,ৰঙা বা হালধীয়া পোছাক পৰিধান কৰি হাত আৰু ভৰিত ৰঙা জেতুকাৰ ডিজাইনত ৰং লগাই তেওঁলোকে মা দেৱীৰ উপাসনা কৰে । নৱবিবাহিত মহিলাৰ বাবে এই উদযাপন বিশেষ গুৰুত্বপূৰ্ণ বুলি কোৱা হয় ।

লগতে পঢ়ক:Nechiphu Tunnel Inaugurated : নেচিফু সুৰংগ উদ্বোধন ৰাজনাথ সিঙৰ; বৰ্ডাৰ ৰোডছৰ ৯০ টা প্ৰকল্পও মুকলি

আনহাতে, যুৱতীসকলে উপযুক্ত বৰ তথা স্বামী লাভৰ বাবে এই ব্ৰত পালন কৰাৰ পৰম্পৰা চলি আহিছে ৷ মূলতঃ নাৰীসকলে পুৰুষৰ দীৰ্ঘায়ু তথা সুস্বাস্থ্য কামনা কৰি পালন কৰা এক উৎসৱ হৈছে এই তীজ উৎসৱ ৷ তিনিচুকীয়া জিলাৰ ফিল'বাৰী আমগুৰি গাঁৱত আমগুৰি স্বস্তি সেৱক যুৱক সংঘ আৰু স্বস্তি সেৱিকা মহালক্ষ্মী মহিলা সমিতিৰ উদ্যোগত অতি উলহ-মালহেৰে তীজ উৎসৱ উৎযাপন কৰে ।

লগতে পঢ়ক:Matak Yuva Chatra Parishad protest: মটক জনগোষ্ঠীক ষষ্ঠ অনুসূচীৰ তালিকাত অন্তৰ্ভুক্ত কৰি জনজাতিৰ মৰ্যদা প্ৰদানৰ দাবীত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.