ETV Bharat / state

ডুমডুমাত চাহ শ্ৰমিকৰ উত্তাল প্ৰতিবাদত স্তব্ধ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ - তিনিচুকীয়া জিলা

তিনিচুকীয়া জিলাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গানৰে উত্তাল প্ৰতিবাদ চাহ জনগোষ্ঠীয় লোক সকলৰ ৷

ETV BHARAT
ডুমডুমাত চাহ শ্ৰমিকৰ উত্তাল প্ৰতিবাদত স্তব্ধ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ
author img

By

Published : Mar 6, 2020, 9:03 PM IST

ডুমডুমা, 6 মাৰ্চঃ ডুমডুমাৰ বৰহাপজাত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ ৷ প্ৰতিবাদকাৰী সকলে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি পৰিৱেশ উত্তাল কৰি তোলে ৷

ডুমডুমাত চাহ শ্ৰমিকৰ উত্তাল প্ৰতিবাদত স্তব্ধ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ

চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি কৰাৰ লগতে চাহ শ্ৰমিক আৰু কৰ্মচাৰী সকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত আজি ডুমডুমাৰ কেইবাখনো চাহ বাগিছাৰ শ্ৰমিক-কৰ্মচাৰীয়ে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । বাগিচাৰ শ্ৰমিক-কৰ্মচাৰীসকলৰ পঢ়া-শুনা, শ্ৰমিক সকলৰ দিন মজুৰিকে ধৰি বিভিন্ন সমস্যা সমাধানৰ দাবীত চৰকাৰ তথা বাগিচাৰ মালিক পক্ষক‌ বিভিন্ন সময়ত স্মাৰক পত্ৰ , আন্দোলনৰ যোগেদি দাবী জনাই আহিছে যদিও চৰকাৰ তথা মালিক কৰ্তৃপক্ষই এতিয়ালৈ কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাত ক্ষুব্ধ হৈ পৰে চাহ জনগোষ্ঠীয় লোক সকল ৷ আনহাতে, চাহ জনজাতি ছাত্ৰ সংগঠনটোৱে প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰাত ইতিমধ্যে তিনিচুকীয়া জিলাখনৰ কেইবাখনো চাহ বাগিচাত আন্দোলন তুংগত হৈ উঠিছে । আজি ডুমডুমাৰ বিচাকুপি, তালাপ, খোৱাং, বৰহাপজান, শুকানগুৰি, শিলিখা, লংছোৱালৰ লগতে অন্য কেইবাখনো চাহ বাগিচাৰ লগতে হাপজানৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাল লগতে সমস্যা সমুহ অতি শীঘ্ৰে ৰুপায়ণ কৰিবলৈ চৰকাৰক দাবী কৰে প্ৰতিবাদকাৰী সকলে ৷

লগতে পঢ়ক - গোলাঘাটত বিষাক্ত পানী সেৱন কৰি অসুস্থ 4 জন ব্যক্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.