ETV Bharat / state

স্বপং য়ং মানাও পয় উৎসৱৰ সফল সামৰণি - চিংফৌ জাতীয় উৎসৱ

দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মাৰ্ঘেৰিটাৰ ইনথেমত অনুষ্ঠিত হোৱা স্বপং য়ং মানাও পয় উৎসৱৰ দেওবাৰে সামৰণি পৰে ৷

সামৰণি পৰিল স্বপং য়ং মানাও পয় উৎসৱৰ
সামৰণি পৰিল স্বপং য়ং মানাও পয় উৎসৱৰ
author img

By

Published : Feb 15, 2021, 10:58 AM IST

মাৰ্ঘেৰিটা,15 ফেব্ৰুৱাৰীঃ লোকে লোকাৰণ্য হৈ পৰিল চিংফৌসকলৰ জাতীয় উৎসৱ স্বপং য়ং মানাও পয়ৰ বাকৰিত ৷ অসম-অৰুণাচল প্ৰদেশৰ চিংফৌ জনগোষ্ঠীৰ লগতে অন্যান্য জাতি-জনগোষ্ঠীৰ সমাগমত মহামিলন ক্ষেত্ৰলৈ পৰিণত হ'ল মাৰ্ঘেৰিটাৰ ইনথেম । দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত এই উৎসৱৰ সামৰণি পৰে দেওবাৰে ৷ মাৰ্ঘেৰিটাৰ ইনথেমৰ মুগংপথাৰত দুদিনীয়াকৈ অনুষ্ঠিত "স্বপং য়ং মানাও পয়"স্থলীত অন্তিম দিনা লোকে লোকাৰণ্য হৈ পৰে ৷

সামৰণি পৰিল স্বপং য়ং মানাও পয় উৎসৱৰ

এই উৎসৱত অসম, অৰুণাচলৰ চিংফৌ তথা সমগোত্ৰীয় জনগোষ্ঠীয় ৰাইজৰ লগতে হিলদল ভাঙি সকলো জাতি-জনগোষ্ঠীয় লোকৰ লগতে দেশ-বিদেশৰ সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে ৷ জাতীয় সাজপাৰ পৰিধান কৰি পূৰ্বপুৰুষ স্বপং য়ঙক স্মৰণ কৰে স্বাভিমানী তথা জাতীয় সত্ত্বাৰ প্ৰতি সচেতন চিংফৌসকলে । দেওবাৰে বিয়লি ৰাজীৱ নিংখিৰ পৰিচালনাৰে উৎসৱৰ বাকৰিত এখনি মুকলি সভা অনুষ্ঠিত কৰা হয় ৷ এই সভাত বহু কেইগৰাকী ব্যক্তিও উপস্থিত থাকে ৷

লগতে পঢ়কঃ পাকিস্তানৰ সিন্ধু প্ৰদেশত 13 মাহত 125 গৰাকী মহিলাৰ আত্মহত্যা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.