ETV Bharat / state

ডুমডুমাত চিপ লোৱা অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ

author img

By

Published : Mar 17, 2020, 11:20 AM IST

ডুমডুমাৰ ৰূপবনত সংঘটিত এক চাঞ্চল্যকৰ ঘটনা । গছত চিপ লৈ ওলমি থকা অৱস্থাত উদ্ধাৰ এজন যুৱকৰ মৃতদেহ ৷ ঘটনাৰ প্ৰকৃত সত্য বৰ্তমানলৈকে প্ৰকাশ হোৱা নাই ৷

Suicide case Dumduma Tinsukia Assam etv bharat news
চিপ লোৱা অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ

ডুমডুমা,17 মাৰ্চঃ তিনিচুকীয়া জিলাৰ ডুমডুমাৰ ৰূপবন অঞ্চলত পথৰ কাষৰ এজোপা বগৰী গছত উদ্ধাৰ হয় এজন যুৱকৰ মৃতদেহ ৷ চিপ লৈ ওলমি থকা অৱস্থাত উদ্ধাৰ হোৱা মৃতদেহৰ ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । মঙলবাৰে পুৱা স্থানীয় ৰাইজে যুৱকজনৰ মৃতদেহ প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে ।

চিপ লোৱা অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ

ঘটনাৰ বিৱৰণী অনুসৰি,যুৱকজন স্থানীয় ডিয়ামুলী চাহ বাগিচাৰ অনিল বুলি চিনাক্ত কৰে ৰাইজে । ঘটনা সংঘটিত হোৱা স্থানত AR-11-6210 নম্বৰৰ এখন ৰঙা ৰঙৰ মটৰ চাইকেল উদ্ধাৰ কৰা হৈছে । যুৱকজনৰ ভৰিদুখন মাটিত লাগি থকালৈ প্ৰত্যক্ষ কৰি সমগ্ৰ ঘটনাটো ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে। এয়া এক হত্যা নে আত্মহত্যা সেই সন্দৰ্ভত প্ৰশ্ন উত্থাপন হৈছে ৰাইজৰ মনত ৷ আৰক্ষীৰ তদন্তৰ পাছতে সমগ্ৰ ঘটনাটো পোহৰলৈ অহাৰ সম্ভাৱনা আছে ৷

লগতে চাওকঃমানকাচৰত এজন লোক কৰ'ণআ ভাইৰাছত আক্ৰান্তৰ সন্দেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.