ETV Bharat / state

Success Story of Deaf and Dumb : মুক-বধিৰ হ’লেও বলীন বৰুৱাই শিকাইছে জীৱনৰ বহু কথা - makum bolin boruah businessman

‘‘মই বোবাও, কলাও ৷ অনুগ্ৰহ কৰি ইংগিতেৰে কথা কওক’’ ৷ গ্ৰাহকসকলেও সেই অনুসৰিয়ে ইংগিতিৰে বুজাই ক্ৰয় কৰে সামগ্ৰীসমূহ ৷ কোনো অসুবিধা হোৱা নাই কাৰোৰে ৷ তেনেদৰেই সফলতাৰে ব্যৱসায় আগবঢ়াই বলীন চন্দ্ৰ বৰুৱাই জীয়াৰীক উচ্চশিক্ষা গ্ৰহণ কৰোৱাৰ লগতে জীৱনৰ ৰথখনো সুকলমে চলাই আছে ৷

Success Story of Deaf and Dumb
মুকবধিৰ হ’লেও বলীন বৰুৱাই শিকাইছে জীৱনৰ বহু কথা
author img

By ETV Bharat Assamese Team

Published : Nov 7, 2023, 8:17 PM IST

Updated : Nov 7, 2023, 10:41 PM IST

মুক-বধিৰ হ’লেও বলীন বৰুৱাই শিকাইছে জীৱনৰ বহু কথা

তিনিচুকীয়া, 7 নৱেম্বৰ : আপোনাৰ অমুকটো নাই, তমুকটো নাই ৷ আপুনি বিচাৰি থকা বিশেষ কিবা এটা আজিও পোৱা নাই ৷ যাৰ বাবে বহু সময়ত আপুনি হয়তো হতাশ হয়, বিচলিত হয়, ধিক্কাৰ দিয়ে নিজৰ লগতে আন কাৰোবাক ৷ কেতিয়াবা হয়তো সৃষ্টিকৰ্তাৰ প্ৰতিও থাকে আক্ষেপ ৷ কেতিয়াবা মানুহ হাৰি যায় ৷ কোনাবা সময়ত ভাগ্যৰ লগত, কোনোবা সময়ত সময়ৰ লগত, কোনোবা সময়ত নিজৰ লগত ৷ কিন্তু আজি আমি আপোনাৰ সৈতে পৰিচয় কৰাই দিম এগৰাকী বিশেষ ব্যক্তিৰ সৈতে যাৰ কৰ্মময় জীৱনে আপোনাক শিকাব আৰু বুজাব বহুত কিবাকিবি ৷

তিনিচুকীয়াৰ এগৰাকী সফল ব্যৱসায়ী বলীন চন্দ্ৰ বৰুৱা ৷ প্ৰায় 30 বছৰ পূৰ্বে এখন পাণ দোকানেৰে ব্যৱসায় আৰম্ভ কৰা বলীন চন্দ্ৰ বৰুৱাৰ ব্যৱসায় এতিয়া চহৰখনত থকা মাৰোৱাৰী ব্যৱসায়ীসকলতকৈ কোনোগুণে কম নহয় ৷ কিন্তু আপুনি জানি আচৰিত হ’ব যে বলীন চন্দ্ৰ বৰুৱাই কথা ক’ব নোৱৰাৰ লগত নুশুনেও ৷ এগৰাকী ব্যৱসায়ী হিচাবে লেনদেনৰ বাবে জৰুৰী শক্তিখিনি নথকাৰ পাচতো সুকলমে তেওঁ চলাই নিছে ব্যৱসায় ৷

দোকানখনলৈ অহা গ্ৰাহকসকলৰ জ্ঞাতাৰ্থে তেওঁ এখন ফলকত অসমীয়া, ইংৰাজী আৰু হিন্দী ভাষাত লিখি থৈছে- ‘‘মই বোবাও, কলাও ৷ অনুগ্ৰহ কৰি ইংগিতেৰে কথা কওক’’ ৷ গ্ৰাহকসকলেও সেই অনুসৰিয়ে ইংগিতিৰে বুজাই ক্ৰয় কৰে সামগ্ৰীসমূহ ৷ নাইতো ৷ কোনো অসুবিধা হোৱা নাই কাৰোৰে৷ তেনেদৰেই সফলতাৰে ব্যৱসায় আগবঢ়াই বলীন চন্দ্ৰ বৰুৱাই জীয়াৰীক উচ্চশিক্ষা গ্ৰহণ কৰোৱাৰ লগতে জীৱনৰ ৰথখনো সুকলমে চলাই আছে ৷

বলীন চন্দ্ৰ বৰুৱাই প্ৰায় ৩০ বছৰৰ আগতে মাকুমৰ ডিগবৈ পথৰ জ্যোতিনগৰ তিনিআলিত এখন সৰুকৈ পাণ-তামোলৰ দোকানখন এতিয়া নিজৰ কষ্ট-অধ্যৱসায়ৰ ফলত আহল বহল কৰি এখন গেলামালৰ দোকানলৈ ৰূপান্তৰিত কৰিছে । দোকানখনৰ নাম "বলীন ষ্ট’ৰ" ৷ য’ত দৈনন্দিন জীৱনত ব্যৱহাৰ হোৱা প্ৰায় সকলোবোৰ সামগ্ৰীয়েই বৰ্তমান উপলব্ধ । আনহাতে মুখেৰে কথা ক'ব নোৱৰা স্বত্বেও বৰুৱাই সুন্দৰকৈ টকা-পইচা, ধাৰ-বাকীৰ হিচাপ-নিকাচ কৰিব পাৰে ।

মাকুমৰ অধিকাংশ লোকেই জানে বলীন ষ্টৰ দোকানখনৰ কথা ৷ হাঁহিমুখীয়া বলীন চন্দ্ৰ বৰুৱাই জয় কৰে সকলো গ্ৰাহকৰ অন্তৰ । সকলোবোৰ আকাৰ-ইংগিতেৰে বুজি লয় বৰুৱাই । এই ক্ষেত্ৰত কেতিয়াবা কাষতে থকা জ্যেষ্ঠ ভাতৃ অথবা ভতিজাকে সহায় কৰে বলীন চন্দ্ৰ বৰুৱাক ।

কিন্তু অতি দুখৰ কথা যে এই পৰ্যন্ত বলীন চন্দ্ৰ বৰুৱাৰ দোকানত সংঘটিত হৈছে দুটাকৈ চুৰিকাণ্ড৷ চোৰে চুৰি কৰি নিছে নগদ ধনৰ লগতে সা-সামগ্ৰীও ৷ আচলতে, বলীন চন্দ্ৰ বৰুৱাৰ দৰে ব্যক্তিসকল একো একোজন জীৱন যুদ্ধত জয়ী হোৱা সফল যোদ্ধা । জীৱন সংগ্ৰামত আত্ম প্ৰতিষ্ঠাৰ বাবে যুঁজি থকা লোকসকলৰ বাবে অনুপ্ৰেৰণা । এখন সৰু পাণ-তামোলৰ দোকানৰ পৰা গেলামালৰ দোকানলৈকে সফল হোৱা বলীন চন্দ্ৰ বৰুৱাই উদাহৰণসহ বুজাই দিছে যে নথকাখিনিক লৈ মূৰ ঘমাই থকাতকৈ থকাখিনিক সদ্ব্যহাৰ কৰাহে উচিত ৷

লগতে পঢ়ক : 1950 Major Earthquake: ১৯৫০ ৰ বৰভূঁইকপৰ বিভীষিকাৰ স্বাক্ষৰ আজিও জীয়া হৈ আছে লখিমপুৰৰ এটা ঐতিহাসিক ঘৰত

Last Updated : Nov 7, 2023, 10:41 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.