ETV Bharat / state

ITI Transformer Blast : তিনিচুকীয়া ITI ত ছাত্ৰ-ছাত্ৰীৰ বাবে নাই পৰ্যাপ্ত সুবিধা

author img

By

Published : Mar 16, 2023, 9:13 PM IST

তিনিচুকীয়াৰ কাৰিকৰী ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ ছাত্ৰ-ছাত্ৰীৰ ৷ ছাত্ৰী-ছাত্ৰীসকলক প্ৰতিষ্ঠান কৰ্তৃপক্ষই দিব পৰা নাই পৰ্যাপ্ত সুবিধা ৷ অভিজ্ঞ লোকে কৰিবলগীয়া কামসমূহতো প্ৰেক্টিকেলৰ নামত ছাত্ৰী-ছাত্ৰীসকলক শ্ৰমিকৰ দৰে খটুৱাই(Student complaint against ITI Administrative) ৷

ITI Transformer Blast
তিনিচুকীয়া ITI ত ছাত্ৰ-ছাত্ৰীৰ বাবে নাই পৰ্যাপ্ত সুবিধা

তিনিচুকীয়া, ১৬ মাৰ্চ: তিনিচুকীয়াৰ কাৰিকৰী ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানত হোৱা বিস্ফোৰণ কাণ্ডৰ নতুন মোৰ (Transformer Blast during practical class)৷ "প্ৰতিষ্ঠানখনত আই এম চিৰ বিদ্যুৎ নথকাৰ বাবে ছাত্ৰজনক ট্ৰেন্সফৰ্মাৰটো পৰীক্ষা কৰিবলৈ লৈ গৈছিল ৷ এইটো কাম এজন ছাত্ৰই কৰা কাম নহয় ৷ এজন অভিজ্ঞ লোকক কাৰেণ্টৰ কাম চাবলৈ নিব লাগিছিল ৷ প্ৰতিষ্ঠানখনত ছাত্ৰ-ছাত্ৰীসকলক শ্ৰমিকৰ দৰে ব্যৱহাৰ কৰে ৷" প্ৰতিষ্ঠানখনৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে খোদ ছাত্ৰ-ছাত্ৰীয়ে (Student complaint against ITI Administrative) ৷

উল্লেখ্য যে যোৱা 15 মাৰ্চত তিনিচুকীয়াৰ কাৰিকৰী ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানত ব্যৱহাৰিক ক্লাছৰ সময়তে এটা 440 ভল্টৰ ট্ৰেন্সফৰ্মাৰ বিস্ফোৰণ হৈ এজন ছাত্ৰসহ এজন প্ৰশিক্ষক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল (Student and teacher injured)৷ এই বিস্ফোৰণৰ ফলত আঘাতপ্ৰাপ্ত ছাত্ৰগৰাকীয়ে এতিয়া ডিব্ৰুগড় মেডিকেল কলেজ হাস্পতালত জীৱন মৃত্যুৰে সৈতে যুঁজি আছে ৷ অঘটনৰ পিচতে বৃহস্পতিবাৰে সৰৱ হৈ পৰে প্ৰতিষ্ঠানখনৰ প্ৰশিক্ষাৰ্থীসকল ৷

তিনিচুকীয়া কাৰিকৰী ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰশিক্ষাৰ্থীসকলে প্ৰাথমিক সুৰক্ষা ব্যৱস্থা নথকাৰ বাবে উক্ত অঘটন ঘটা বুলি অভিযোগ উত্থাপন কৰে(Injured student admitted in AMCH) ৷ প্ৰেক্টিকেল কৰাৰ সময়ত প্ৰশিক্ষাৰ্থীসকলৰ জোতা পৰিধান কৰাটো বাধ্যতামূলক, সমান্তৰালভাৱে হেলমেট, হাত মোজাকে আদি কৰি বিভিন্ন প্ৰাথমিক সুৰক্ষা ব্যৱস্থা থাকিব লাগে ৷ সেইসময়ত প্ৰাথমিক সুৰক্ষাৰ ব্যৱস্থা থকা হ’লে ছাত্ৰজন কিছু পৰিমাণে হ’লেও কমকৈ আঘাতপ্ৰাপ্ত হ’ল হয় ৷ অনাগত দিনত যাতে এনে ঘটনাৰ পুনৰাবৃত্তি নহয় তাৰ কাৰণে প্ৰতিষ্ঠানৰ কতৃপক্ষই সুৰক্ষা ব্যৱস্থা নিশ্চিত কৰাৰ লগতে আঘাতপ্ৰাপ্ত অনুপম বৰুৱাক অতি সোনকালে সুস্থ কৰি তুলিবলৈ উন্নত চিকিৎসাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলে দাবী উত্থাপন কৰে ৷

ইফালে বৃহস্পতিবাৰে এই ঘটনা সন্দৰ্ভত মুখ খোলে প্ৰতিষ্ঠানখনৰ অধ্যক্ষই ৷ সমগ্ৰ ঘটনাৰ ভুলৱশত সংঘটিত হোৱা বুলি প্ৰতিষ্ঠানখনৰ অধ্যক্ষগৰাকীয়ে মন্তব্য কৰে ৷ লগতে তেওঁ কয় যে এতিয়া আমাৰ মূল উদ্দেশ্য হৈছে ছাত্ৰজনক সুস্থ কৰি তোলা ৷ মই ইতিমধ্যে প্ৰশিক্ষকগৰাকীৰ পৰা এই ঘটনা কেনেদৰে সংঘটিত হৈছে তাৰ এটা প্ৰতিবেদন বিচাৰিছো ৷ ৰিপোৰ্ট দাখিল কৰাৰ পিচতেই ঘটনাৰ প্ৰকৃত কাৰণ মই জানিব পাৰিম ৷ প্ৰতিষ্ঠানখনত প্ৰাথমিক সুৰক্ষা সামগ্ৰী আছিল যদিও কি কাৰণে সেইসময়ত প্ৰাথমিক সুৰক্ষা গ্ৰহণ কৰা নাছিল সেয়া জানিব পৰা হোৱা নাই ৷

স্মৰ্তব্য যে ঘটনাৰ বিৱৰণি অনুসৰি বুধবাৰে দিনৰ প্ৰায় ১১.৩০ বজাত ৱায়ৰমেন বিভাগত অধ্যয়নৰত ছাত্ৰই প্ৰেক্টিকেল ক্লাছ কৰি থকাৰ সময়তে ফিটাৰ বিভাগৰ কোঠাৰ ভিতৰত ৰখা এটা বৈদ্যুতিক ট্ৰেঞ্চফৰ্মাৰ হঠাৎ বিস্ফোৰিত হয় ৷ এই বিস্ফোৰণত অনুপম বৰুৱা নামৰ এজন ছাত্ৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ লগতে নৰকান্ত দাস নামৰ প্ৰশিক্ষকগৰাকী আঘাতপ্ৰাপ্ত হয় (Student and teacher injured) ৷ বিস্ফোৰণত ছাত্ৰজন দূৰৈত চিটিকি পৰেগৈ । এই ঘটনা পিচতে প্ৰতিষ্ঠানখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

লগতে পঢ়ক: Transformer Blast : ITI ত প্ৰেক্টিকেল ক্লাছৰ সময়ত বিস্ফোৰণ ট্ৰেন্সফৰ্মাৰ, ছাত্ৰ গুৰুতৰভাৱে আহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.