তিনিচুকীয়া, 14 আগষ্ট: 74 সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত তিনিচুকীয়াত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ৷ অব্যাহত আছে আৰক্ষীৰ তালাচী অভিযান ৷ এইক্ষেত্ৰত তিনিচুকীয়াবাসী ৰাইজৰ সহযোগ বিচাৰিছে আৰক্ষীয়ে ৷ ইতিমধ্যে আলফা (স্বা) ই ৰাজ্যবাসীক স্বাধীনতা দিৱস বৰ্জনৰ বাবে আহ্বান জনাইছে ৷ তেনেস্থনত জনসাধাৰণে যদি শান্তি বিচাৰে তেন্তে এনে সংগঠন সমূহো শান্তিত থাকিবলৈ বাধ্য হ'ব বুলি উল্লেখ কৰে আৰক্ষীয়ে ৷ তিনিচুকীয়াৰ ভিন্ন স্পৰ্শকাতৰ স্থানৰ লগতে, অসম-অৰুণাচল সীমান্তত অধিক শক্তিশালী কৰি তোলা হৈছে নিৰাপত্তাৰ দিশ ৷ জিলা খনৰ গাঁওসমূহতো আৰক্ষীয়ে কটকটীয়া কৰি তুলিছে নিৰাপত্তা ব্যৱস্থা ৷
লগতে পঢ়ক: স্বাধীনতা দিৱস: কোন মন্ত্ৰীয়ে ক'ত উত্তোলন কৰিব পতাকা