শদিয়া, 23 জুন: পৰিয়ালৰ ভৰণ পোষণ দিব নোৱাৰি এবছৰৰ আগতেই আত্মহত্যা কৰাৰ পাছত মাতৃৰ আকস্মিক মৃত্যুত ঘাট মাউৰা হৈ পৰিল ছটাকৈ কণ কণ ল'ৰা ছোৱালী ৷ এই ঘটনা তিনিচুকীয়া জিলাৰ কাকপথাৰৰ কৈলাশপুৰ গাঁৱৰ ৷ গাঁৱখনৰ মনবৰ শইকীয়া নামৰ ব্যক্তিজনে ছটাকৈ ল'ৰা ছোৱালী খোৱাব-পিন্ধাব নোৱাৰি এটা বছৰৰ আগতে ঘৰৰ ভিতৰতে আত্মহত্যা কৰিছিল ৷ স্বামী মৃত্যুৰ পিছতেই ৰেনুমাই শইকীয়াই গাঁৱৰ কোনো কোনো লোকৰ ঘৰত কাম কৰি পোহপাল দিছিল পৰিয়ালটো ৷ কিন্তু অকস্মাতে হৃদৰোগত আক্ৰান্ত হৈ যোৱা ১০ মে'ত মৃত্যু হয় মহিলাগৰাকীৰ ৷ তেতিয়াৰ পৰাই ওচৰৰে দদায়েকৰ ঘৰত আশ্ৰয় লৈছে মৃত স্বামী স্ত্ৰী ছটাকৈ কণ কণ শিশুৱে ৷
ৰিতুমণি,পিংকী,প্ৰিয়ংকা,সোণালী,দিব্যজ্যোতি,মণ্টুমণি নামৰ কণ কণ ল'ৰা-ছোৱালীকেইটাৰ বয়স ডেৰ বছৰৰ পৰা ১২বছৰ ভিতৰত ৷ আটাইতকৈ সৰু মণ্টুমণিৰ বাহিৰে আটাইকেইটা ল'ৰা ছোৱালী স্থানীয় কৈলাশপুৰ চৰকাৰী বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি আছে ৷ বৰ্তমান ল'ৰা ছোৱালী কেইটাই আশ্ৰয় লোৱা দদায়েকে দৈনিক হাজিৰা কৰি পৰিয়ালটো পোহপাল দিয়াত অসুবিধাত পৰিছে ৷ ল'ৰা ছোৱালীকেইটাক বৰ্তমান লাগে সু-হৃদয়বান ব্যক্তি,অনুষ্ঠান-প্ৰতিষ্ঠান তথা জনপ্ৰতিনিধিৰ সহায় ৷ গাঁৱখনৰ কিছু লোকে মাজে সময়ে ঘাট মাউৰা ল'ৰা ছোৱালীক কেইটাক খাদ্য সামগ্ৰী দিয়াৰ লগতে আৰ্থিকভাৱে সহায় কৰি আহিছে যদিও সেইয়া পৰ্যাপ্ত নহয় ৷
লগতে পঢ়ক: লেহ পৰিদৰ্শন কৰিব স্থল সেনা বাহিনীৰ মুখ্য জেনেৰেল মনোজ মুকুন্দ নাৰভানে