ETV Bharat / state

বিশেষভাৱে সক্ষম কিশোৰীক ধৰ্ষণ কৰি হত্যা

author img

By

Published : Dec 25, 2020, 10:42 AM IST

Updated : Dec 25, 2020, 10:51 AM IST

22 ডিচেম্বৰত শদিয়া মাজগাঁৱৰ এগৰাকী 13 বছৰীয়া বিশেষভাৱে সক্ষম কিশোৰী সন্ধানহীন হোৱাৰ পাচতে অঞ্চলটোত তীব্ৰ চাঞ্চল্য ৷ সন্ধানহীন হোৱাৰ পাচতে ঘৰৰ পিছফালৰ এখন বিলত উদ্ধাৰ কিশোৰী গৰাকীৰ মৃতদেহ ৷ কিশোৰী গৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ প্ৰকাশ পৰিয়ালসহ স্থানীয় ৰাইজৰ ৷

specially abled girl raped at sadiya
শদিয়াত বিশেষভাৱে সক্ষম কিশোৰীক ধৰ্ষণ কৰি হত্যা

ডুমডুমা,25 ডিচেম্বৰ : তিনিচুকীয়া জিলাৰ ন-শদিয়া আৰক্ষী চকীৰ অন্তৰ্গত শদিয়া মাজগাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । বিশেষভাৱে সক্ষম এগৰাকী 13 বছৰীয়া কিশোৰীৰ নিৰুদ্দেশ আৰু পৰৱৰ্তী সময়ত মৃতদেহ উদ্ধাৰৰ ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত ৷ ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ পৰিয়ালৰ লগতে স্থানীয় লোকৰ ৷

ঘটনাৰ বিৱৰণী মতে, 22 ডিচেম্বৰত শদিয়া মাজগাঁৱৰ বিশেষভাৱে সক্ষম এই 13 বছৰীয়া কিশোৰী গৰাকী নিজ বাসগৃহৰ পৰাই সন্ধানহীন হয় । পৰৱৰ্তী সময়ত পৰিয়ালসহ স্থানীয় ৰাইজে বহু বিচাৰ-খোচাৰ কৰে যদিও কিশোৰী গৰাকীৰ সন্ধান লাভ কৰাত ব্যৰ্থ হয় ৷ কিন্তু ঘটনাৰ পিছদিনা পুৱাৰ ভাগত ঘৰৰ পিছফালে থকা এখন বিলত কিশোৰী গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হয় ৷

সমগ্ৰ ঘটনাৰ আঁৰত ধৰ্ষণৰ গোন্ধ পাইছে পৰিয়ালৰ লগতে স্থানীয় ৰাইজে ৷ কিশোৰী গৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে ৷ ইফালে মৃত কিশোৰী গৰাকীৰ বাসগৃহত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ এটা সঁজাতি দল উপস্থিত হৈ পৰিয়ালৰ সৈতে মত-বিনিময় কৰাৰ লগতে ঘটনাৰ উচিত তদন্তৰ দাবী জনাই ন-শদিয়া আৰক্ষী চকীত এক স্মাৰক পত্ৰ প্ৰদান কৰে ।

লগতে পঢ়ক : অপহৰণৰ নাটক ৰচা RPF জোৱানৰ বিৰুদ্ধে আৰক্ষীৰ গোচৰ ৰুজু

Last Updated : Dec 25, 2020, 10:51 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.