ETV Bharat / state

তিনিচুকীয়াত পালন স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ 220 সংখ্যক মৃত্যু দিৱস - স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ 220 সংখ্যক মৃত্যু দিৱস

তিনিচুকীয়াত মঙলবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে পালন কৰা হৈছে স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ 220 সংখ্যক মৃত্যু দিৱস (Sarbananda Singha Death anniversary observe) ৷ এই বীৰগৰাকীৰ মৃত্যু দিৱসৰ লগত সংগতি ৰাখি মটক জনগোষ্ঠীৰ লোকসকলে আয়োজন কৰে বৰ্ণিল কাৰ্যসূচী ৷

Sarbananda Singha Death anniversary observe in Tinsukia
তিনিচুকীয়াত পালন স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ 220 সংখ্যক মৃত্যু দিৱস
author img

By

Published : May 25, 2022, 2:27 PM IST

তিনিচুকীয়া, 25 মে’: তিনিচুকীয়াত উলহে মালহে পালন কৰা হৈছে স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ 220 সংখ্যক মৃত্যু দিৱস (Sarbananda Singha Death anniversary observe) ৷ তিনিচুকীয়া বৰগুৰি হাইস্কুল খেলপথাৰত 24 মে’ৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে পালন কৰা হৈছে স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ মৃত্যু দিৱস ৷

অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত তিনিচুকীয়া জিলা প্ৰশাসন আৰু সদৌ অসম মটক সন্মিলনৰ সহযোগত লগতে সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলন, সদৌ অসম মটক মহিলা পৰিষদ, সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদ, সদৌ অসম মটক ছাত্ৰ সন্থা আৰু মটক ৰাজবংশ উন্নয়ন সমিতিৰ সৌজন্যত বৰ্ণিল কাৰ্যসূচীৰে পালন কৰা হৈছে বীৰগৰাকীৰ মৃত্যু দিৱস ৷

তিনিচুকীয়াত পালন স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ 220 সংখ্যক মৃত্যু দিৱস

এই বিশেষ দিৱসৰ লগত সংগতি ৰাখি তিনিচুকীয়া তিনিকোণীয়া পুখুৰীস্থিত নামঘৰত মঙলবাৰে পুৱাৰে পৰা ভকতবৃন্দসকলে গায়ন-বায়ন, স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ প্ৰতিমূৰ্তিত মাল্যৰ্পণ কৰাৰ লগতে তিনিকোণীয়া পুখুৰী পৰা গুইজানলৈ বিশাল মটৰচাইকেলেৰে ৰেলীৰে মটক জনগোষ্ঠীৰ কৃতি চিহ্নসমূহ পৰিভ্ৰমণ কৰে ।

লগতে পঢ়ক : শিৱসাগৰত বৰ্হি মূল্যায়কৰ ৰূপত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.