তিনিচুকীয়া, 5 জুলাই : সোমবাৰে, ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ বিভিন্ন সমস্যাৰ ওপৰত ছাত্র মুক্তি সংগ্ৰাম সমিতি(smss), তিনিচুকীয়া জিলা সমিতিয়ে এক সংবাদমেল সম্বোধন কৰে । সংবাদমেলখন সম্বোধন কৰি সংগঠনটোৰ বিষয়ববীয়া সকলে মন্তব্য কৰে যে, বিশ্বৰ দৰবাৰত এশ বছৰতকৈ অধিক কাল অসমৰ চাহ খেতিয়ে এক উচ্চ গৌৰৱোজ্জল স্থান দখল কৰি আহিছে ৷ ভাৰতবর্ষৰ মুঠ চাহপাত উৎপাদনৰ শতকৰা ৫২ ভাগ কেৱল অসমতেই উৎপাদন কৰা হয় ৷ কিন্তু, সম্প্ৰতি কেঁচাপাতৰ বজাৰখনত উৎসাহজনক পৰিৱেশ নোহোৱাৰ বাবে নিৰাশ হৈছে ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়ক (tea farmers) সকল ৷
আনহাতে, বাগিচা এখন প্রতিপালন কৰিবলৈ বিভিন্ন ৰাসায়নিক দ্রব্য, সাৰ আদিৰ প্রয়োজন হয় ৷ বর্তমান, দ্রব্যৰ মূল্য বৃদ্ধি হোৱাৰ বাবে এনেবিলাক সামগ্রীৰো মূল্য বৃদ্ধি পাইছে ৷ কিন্তু, ইয়াৰ তুলনাত কেঁচাপাতৰ মূল্য বৃদ্ধি পোৱা নাই গতিকে, খেতিয়ক সকলে এই খৰচ বহন কৰাটো অসম্ভৱ হৈ পৰিছে ৷ কেঁচাপাতৰ প্রক্রিয়াটো সম্পূর্ণৰূপে কৃষিভিত্তিক আৰু বতৰৰ ওপৰত নির্ভৰশীল ৷ সেইবাবেই উৎপাদনৰ পৰিমাণত কম বেছ হ’ব পাৰে ৷ তেনে ক্ষেত্রত যদি উৎপাদনকাৰীয়ে উৎপাদনৰ সঠিক মূল্য আদায় কৰিব নোৱাৰে, সেইটো তেওঁলোকৰ বাবে এটা ডাঙৰ সমস্যা হৈ পৰিব ৷
পৰিস্থিতিৰ প্ৰতি লক্ষ্য কৰি কেঁচাপাতৰ মূল্য বৃদ্ধি কৰাটো অতি প্রয়োজন হৈ পৰিছে বুলি মন্তব্য কৰি কেঁচা চাহপাতৰ মূল্যবৃদ্ধি কৰিবলৈ চৰকাৰৰ নির্দেশ মতে চাহপাত কিনা কলঘৰবোৰক বাধ্য কৰোৱাৰ ব্যৱস্থা ল’ব লাগে বুলি দাবী উত্থাপন কৰে সংগঠনটোৰ বিষয় ববীয়া সকলে ৷
অসমৰ অর্থনীতিত বর্তমানে অধিক অৰিহণা যোগোৱা ক্ষুদ্র চাহ খেতিয়কসকলৰ ওপৰত ব্যাপক লুণ্ঠন আৰম্ভ হৈছে বুলি এই লুণ্ঠন কলঘৰৰ স্বত্বাধিকাৰীসকলে আৰম্ভ কৰাৰ অভিযোগ তুলিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৷ সংগঠনটোৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক ৰাহুল ছেত্ৰীয়ে অভিযোগ কৰে যে, প্রকৃততে কলঘৰৰ মালিক পক্ষই ক্ষুদ্র চাহ খেতিয়কসকলক ন্যায্য মূল্য দিবলৈ অস্বীকাৰ কৰিছে ৷ বিগত, প্রায় তিনি মাহ ধৰি উৎপাদন ব্যয়তকৈ প্রায় দুটকা কম দামত ক্ষুদ্র চাহ খেতিয়কে কেঁচাপাত বিক্রী কৰিবলৈ বাধ্য হৈছে বুলিও মন্তব্য কৰে তেওঁ ৷
আন্তঃৰাষ্ট্ৰীয় বজাৰ(International market)ৰ নাম লৈ ৰাজ্যৰ লক্ষাধিক ক্ষুদ্ৰ চাহ খেতিয়কক কেচা চাহৰ প্ৰকৃত মূল্য প্ৰদানৰ ক্ষেত্ৰত বৃহৎ চাহ গোষ্ঠীসমূহেই প্ৰতিবদ্ধকতাৰ সৃষ্টি কৰিছে বুলিও অভিযোগ কৰে ছাত্ৰনেতা গৰাকীয়ে । ইয়াৰোপৰি গোলাঘাটত ক্ষুদ্ৰ চাহ খেতিয়কে কেঁচা চাহপাতত ২১-২২ টকা, যোৰহাটত ২২-২৩ টকা , চৰাইদেউত ২১-২২ টকা লাভ কৰাৰ বিপৰীতে ডিব্ৰুগড়, তিনিচুকীয়াত খেতিয়কসকলে প্ৰতি কেজি কেঁচা চাহপাতত ১৮-১৯ টকাকৈহে লাভ কৰি আহিছে বুলিও মন্তব্য কৰে ছেত্ৰীয়ে ৷
লগতে পঢ়ক : মোদী-মমতা-বিপ্লৱৰ বাবে শ্বেইখ হাছিনাই প্ৰেৰণ কৰিলে বিশেষ আম