ETV Bharat / state

ক'ভিড 19: তিনিচুকীয়াত 144 ধাৰা জাৰি - 144 ধাৰা

ৰাজ্যত অব্যাহত ক'ভিড-19 সংক্ৰমণৰ ত্ৰাস । সজাগ হৈ পৰিছে প্ৰশাসন । শিৱসাগৰ,যোৰহাট জিলাৰ পিছতে তিনিচুকীয়া জিলাতো 144 ধাৰা জাৰি ৷ ক'ভিড-19 ৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত প্ৰশাসনৰ ৷

section 144 imposed in tinsukia
ক'ভিড-19 : তিনিচুকীয়াত 144 ধাৰা জাৰি
author img

By

Published : Apr 7, 2021, 10:35 PM IST

তিনিচুকীয়া,7 এপ্ৰিল: কৰ’ণাৰ ত্ৰাসে সমগ্ৰ দেশৰ বিভিন্ন ৰাজ্য গ্ৰাস কৰি নিয়াৰ লগে লগে এই অতিমাৰীক প্ৰতিহত কৰাৰ উদ্দেশ্যে বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ ক'ভিডক প্ৰতিহত কৰাৰ উদ্দেশ্যে ইতিমধ্যে যোৰহাট আৰু শিৱসাগৰ জিলাত 144 ধাৰা জাৰি কৰাৰ পাছতে তিনিচুকীয়া জিলা প্ৰশাসনেও 144 ধাৰা জাৰি কৰিছে ৷

section 144 imposed in tinsukia
ক'ভিড-19 : তিনিচুকীয়াত 144 ধাৰা জাৰি

কৰ’ণা সম্পৰ্কীয় নীতি-নিয়মসমূহ উলংঘন কৰা সকলৰ বিৰুদ্ধে বিশেষ আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ সিদ্ধান্ত লোৱাৰ লগতে তিনিচুকীয়া জিলা প্ৰশাসনে ৰাজহুৱা স্থানত মাক্স পৰিধান কৰাটো বাধ্যতামূলক কৰিছে ৷ ৰাজহুৱা স্থানত থু-খেকাৰ পেলোৱাত নিষেধাজ্ঞা আৰোপ কৰাৰ লগতে প্ৰশাসনে 65 বছৰৰ উৰ্ধৰ আৰু 10 বছৰ অনুৰ্ধৰ লোকসকলক ঘৰতে থাকিব লাগিব বুলি জনাইছে ৷ ইয়াৰ লগতে গৰ্ভৱতী মহিলাসকল বাহিৰলৈ ওলোৱাৰ ক্ষেত্ৰতো প্ৰশাসনে নিষেধাজ্ঞা জাৰি কৰিছে ৷

লগতে পঢ়ক: যোগেন মহনে গ্ৰহণ কৰিলে ক’ভিড প্ৰতিষেধক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.