ETV Bharat / state

ডুমডুমাত পুনৰ চাঞ্চল্যকৰ ডকাইতি কাণ্ড

author img

By

Published : Nov 19, 2020, 12:43 PM IST

17 নৱেম্বৰৰ সন্ধিয়া ডুমডুমা-ফিল'বাৰী পথৰ বৰডুবিত দুজনীয়া অস্ত্ৰধাৰী ডকাইতৰ দলে এগৰাকী শিক্ষকক বাট আগুচি ধন, মোবাইল ফোন আদি লুট-পাত কৰাৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌ-যাঁওতেই বুধবাৰে ডুমডুমাৰ লংছোৱালত পুনৰ সংঘটিত হয় এই ডকাইতিৰ কাণ্ড ৷

robbery-at-langsuwal-of-doomdoma
ডুমডুমাত পুনৰ চাঞ্চল্যকৰ ডকাইতি কাণ্ড

ডুমডুমা, 19 নৱেম্বৰ: ডুমডুমাত ধাৰাবাহিকভাৱে সংঘটিত হবলৈ ধৰিছে ডকাইতি কাণ্ড ৷ এইবাৰ ষটপূজা স্থলীত পিষ্টল দেখুৱাই লুটপাত চলালে চাৰিজনীয়া ডকাইতৰ দলে ৷ বুধবাৰে নিশা ডুমডুমাৰ লংছোৱালৰ "ষটপূজা" স্থলীত সংঘটিত হয় ডকাইতি কাণ্ডটো ৷ ষটপূজাৰ ৰভা নিৰ্মাণৰ কাম চলি থকাৰ সময়তেই দুটা মটৰ চাইকেলত অহা চাৰিজনীয়া ডকাইতৰ দলে পিষ্টল দেখুৱাই ৰভা নিৰ্মাণত ব্যৱহৃত এটা "Honda Generator" আৰু অন্যান্য সামগ্ৰী লুট কৰি উধাও হয় ৷ পৰৱৰ্তী সময়ত ডুমডুমা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷

ডুমডুমাত পুনৰ চাঞ্চল্যকৰ ডকাইতি কাণ্ড

উল্লেখযোগ্য যে, বিগত কিছুদিনৰ পৰা ডুমডুমাৰ লগতে ইয়াৰ পাৰ্শ্ৱৱৰ্তী অঞ্চলসমূহত ধনদাবী, ডকাইতি আদিৰ দৰে অপৰাধমূলক ঘটনা সঘনাই সংঘটিত হবলৈ ধৰিছে ৷ 17 নৱেম্বৰৰ সন্ধিয়া ডুমডুমা-ফিল'বাৰী পথৰ বৰডুবিত দুজনীয়া অস্ত্ৰধাৰী ডকাইতৰ দলে এগৰাকী শিক্ষকক বাট আগুচি ধন, মোবাইল ফোন আদি লুট-পাত কৰাৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌ-যাঁওতেই বুধবাৰে ডুমডুমাৰ লংছোৱালত পুনৰ সংঘটিত হয় এই ডকাইতিৰ কাণ্ড ৷ যাৰ পৰিপেক্ষিতত এতিয়া শংকিত হৈ পৰিছে এইসমূহ অঞ্চলৰ লোকসকল ৷

লগতে পঢ়কঃ বিশ্বজিৎ দৈমাৰী গ’ বেক ধ্বৰ্নিৰে উত্তাল খৈৰাবাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.